অপেক্ষা
বনৰীয়া লতাই ছাটি ধৰা হাফলুৰ মাজত
এটা মূৰ্তি
অদূৰত অপেক্ষাৰত এদল মানুহ
মানুহবোৰে হেৰুৱাইছে
ভৰিৰ তলৰ মাটি
বনৰীয়া লতাই ছাটি ধৰা হাফলুৰ মাজত
এটা মূৰ্তি
অদূৰত অপেক্ষাৰত এদল মানুহ
মানুহবোৰে হেৰুৱাইছে
ভৰিৰ তলৰ মাটি
মানুহবোৰে জানিছিল
ৰত্নাকৰ্ বাল্মিকী হোৱাৰ ইতিকথা
ৰত্নাকৰ্ বাল্মিকী হোৱাৰ ইতিকথা
মানুহবোৰ ৰৈ আছে
বছৰৰ পাছত বছৰ
মূৰ্তিৰ তপস্যা ভংগৰ অপেক্ষাৰে
বছৰৰ পাছত বছৰ
মূৰ্তিৰ তপস্যা ভংগৰ অপেক্ষাৰে
উজাগৰী চকু্বোৰত
ওলমি ৰয়
দিনে দিনে মৰি অহা এটি আশা
কিজানিবা আকৌ বাল্মিকীয়ে ৰচেই ৰামায়ণ
দিনে দিনে মৰি অহা এটি আশা
কিজানিবা আকৌ বাল্মিকীয়ে ৰচেই ৰামায়ণ
খনিকৰে হাফলুৰ
তলতে
গোপনে এটা সুৰংগ খান্দি থয়
উঁয়ে খাই পেলাইছে মানুহবোৰৰ সপোন
গোপনে এটা সুৰংগ খান্দি থয়
উঁয়ে খাই পেলাইছে মানুহবোৰৰ সপোন
শিলৰ মূৰ্তিৰ জানো
চেতনা থাকে
ৰত্নাকৰ আৰু কোনোদিনে বাল্মিকী নহ’ব
ৰত্নাকৰ আৰু কোনোদিনে বাল্মিকী নহ’ব
অপেক্ষাৰ অন্তত
এদিন হয়তো মানুহবোৰে সকলো বুজিব
ৰত্নাকৰ বাল্মিকী হোৱালৈ ৰৈ নাথাকি
নিজেই লিখিবলৈ আৰম্ভ কৰিব ৰামায়ণ
-----দুলাল হাজৰিকা--
এদিন হয়তো মানুহবোৰে সকলো বুজিব
ৰত্নাকৰ বাল্মিকী হোৱালৈ ৰৈ নাথাকি
নিজেই লিখিবলৈ আৰম্ভ কৰিব ৰামায়ণ
-----দুলাল হাজৰিকা--
No comments:
Post a Comment