Tuesday, 13 June 2017

এটা প্ৰভুভক্ত কুকুৰৰ মৃত্যুত

।।এটা প্ৰভুভক্ত কুকুৰৰ মৃত্যুত।।
---ৰঞ্জন বৰ্মন
তীব্ৰ বেগী গাড়ীৰ চেপাত
ৰাজপথত দাঁত নিকটাই পৰি ৰৈছে-কুকুৰ।
প্ৰভুভক্ত কুকুৰ।
তাৰ এই কৰুণ মৃত্যুৱে
স্পৰ্শ কৰিব নোৱাৰে মানুহক। কাৰণ
মানুহবোৰ ব্যস্ত মহাভাৰতৰ আখৰাত।
দিনক ৰাতি কৰি
ৰাতিক দিন কৰি
প্ৰভুক পহৰা দি দি সি জিৰণি লৈছিল
আটাইতকৈ দুৰ্বল বেলিটোৰ ছাঁত।

তাৰ ভুল মাথোঁ এটাই
পেটৰ বুভুক্ষাত
এদিন সি প্ৰভুৰ জোতাৰ চামৰা কামুৰিছিল।

No comments:

Post a Comment