বিষাদ
-------
-------
আঙুলিটোত জীউ আছিল
জীউক জখলা কৰি আঙুলিটো বগাইছিল বুকুত৷
জীউক জখলা কৰি আঙুলিটো বগাইছিল বুকুত৷
বুকুখন শেলুৱৈ পৰি
পিচল হৈছিল৷
শিলত শেলুৱৈ!
খোপনি নাছিল আঙুলিৰ৷
খোপনি নাছিল জীউৰো৷
খোপনি নাছিল আঙুলিৰ৷
খোপনি নাছিল জীউৰো৷
দুদিন পাছত
আঙুলিটোত ঘাঁ লাগিছিল৷
লাগিবৰে কথা,
শেলুৱৈবোৰ যে বিষাক্ত আছিল৷
লাগিবৰে কথা,
শেলুৱৈবোৰ যে বিষাক্ত আছিল৷
বাঢ়ি অহা ঘাঁটোত
প্ৰতিশ্ৰুতিৰ ফটাকানিয়ে ভিৰ কৰিছিল৷
প্ৰতিশ্ৰুতিৰ ফটাকানিয়ে ভিৰ কৰিছিল৷
ছিঃ! কেনে উৎকট, বিভৎস
বুলি ইচ-আচ কৰিছিল
অস্থিৰ সময়ে৷
বুলি ইচ-আচ কৰিছিল
অস্থিৰ সময়ে৷
শেলুৱৈ, শিল, আঙুলি, জীউ, ঘাঁ সকলো একাকাৰ৷
আঃ!
বিষাদ যা তই
বিষাদ যা তই
আবিৰৰ আল্পনাৰ ছাঁত
কাঠফুলাহৈ গজি ৰ৷
কাঠফুলাহৈ গজি ৰ৷
-- ইন্দিৰা গোস্বামী
No comments:
Post a Comment