Wednesday, 14 June 2017

প্ৰেমিক হাতবোৰঃ

প্ৰেমিক হাতবোৰঃ
.
এজনী মানুহ হেৰাই গ'লে
ভেঁটিৰ ৰং সলনি হয়
থৰক বৰক কৰে খুটাবোৰ
গৰ্ভোষ্ণ অনুভূত উশাহ
কাতৰতাত মৌন হয় ৷
.
এজনি মানুহ হেৰাই গ'লে
অংকুৰণৰ পথাৰত নিজান নামে
ফুল বুটলিব নোৱৰা হয় সঞ্জীৱনীৰ চোতালত
কোমলতাৰ পৰা পৰিপক্ক হোৱা প্ৰেমিক হাতবোৰ ৷
.
বাস্তৱ মৰাণ

No comments:

Post a Comment