Tuesday, 20 June 2017

নাজিতৰা গান এটা

।। নাজিতৰা গান এটা ।।
শিল্পজাত প্রেমৰ পাঠশালাৰ দৰেই
শব্দৰ কথকতা অথবা
বাগৰুম্বা নাচ এটাৰ আজন্ম প্রয়াসত
নুপূৰৰ ধ্বনি বাজে
মোৰ বুকুৰ ভিতৰে বাহিৰে

নিশা দোপৰতে
প্রেমিক বাঁহীৰ সুৰ এটাই
পোখা মেলে
এন্ধাৰে এন্ধাৰে
প্রেম জানো
কাৰোবাক ভালপোৱাৰ
নির্যাস যাতনা
প্রেম
মাটি আৰু মানুহৰ বুকুত গজা
নাজিতৰা গান এটা
-উইল চিদ্দিকুৰ ৰহমান।২০০৬২০১৭।

No comments:

Post a Comment