আখৰুৱা:literati গোটৰ কবিতাৰ পৰ্যালোচনা,
পুনৰীক্ষণ-- (৪৮) : ৮ - ১৫ মে, ২০১৭ : (দ্বিতীয় খণ্ড) :
পৰ্যালোচক-- মনমী ভট্টাচাৰ্য্য, সদস্য, আখৰুৱা।
পুনৰীক্ষণ-- (৪৮) : ৮ - ১৫ মে, ২০১৭ : (দ্বিতীয় খণ্ড) :
পৰ্যালোচক-- মনমী ভট্টাচাৰ্য্য, সদস্য, আখৰুৱা।
°°°°°°°°°°°°°°°°°
আখৰুৱাৰ মঞ্চত তথা
ফেইচবুকৰ বাকৰি মোৰ দ্বিতীয় প্ৰয়াস পুনৰীক্ষণৰ। পুনৰবাৰ সিদ্ধান্ত ল’লো এগৰাকী কবিতা অনুৰাগী হিচাপেই পৰ্যালোচনা কৰিম।
মহিলা কবি আৰু
কবিতা-- এষাৰ ব্যক্তিগত:-
কেতিয়াবা কবিতা-অকবিতা, কেতিয়াবা মহিলা কবি। চৌপাশে কটাক্ষ।
নিজকে কবি পৰিচিতিৰ যোগ্য অনুভৱ নকৰিলেও কিছু
কটুক্তি বাক্যবাণ শেল হৈ ওফৰি আহে। যিসকলৰ কবিতা পঢ়ি মুগ্ধ হওঁ সেইসকল পুৰুষ নে মহিলা সেই কথা কিমানদূৰ বিচাৰ্য বুজি নাপাওঁ। এগৰাকী নাৰী হিচাপে
অনুভৱ কৰোঁ, হয়তো তেনে বৈষম্যত পিষ্ট হয় গৰিমা, আত্মসন্মান। কিয়নো মূধাফুটা সাহিত্যিকৰ কাপেৰে নিৰ্গত হোৱা অশ্লীলতাৰ গোন্ধত ওকালি অহাৰ উপক্ৰম হলেও আমি দোহাই দিও শিল্পীমন আৰু সৃজনশীলতাৰ। তেন্তে প্ৰতিটো সূক্ষ্ম
বিষয়ৰ বাবেও মহিলা সমালোচনাৰ উৰ্ধত নহয় কিয়,
মে' মাহৰ দ্বিতীয় সপ্তাহত আখৰুৱাৰ মঞ্চত
সন্নিৱিষ্ট হৈছিল চৈধ্যটা কবিতা। কিছুমান কবিতা ভাল
লাগিল। ৰৌচন আৰা বেগমৰ কবিতাত মুগ্ধ হৈ ৰ'লোঁ। সকলোৰে মাজৰ পৰা তিনিটা কবিতা নিৰ্বাচিত পুনৰীক্ষণৰ বাবে। এই নিৰ্বাচনৰ ভিত্তি গুণগত মান নহয়।
দুলাল হাজৰিকা, ইন্দিৰা দিগন্ত, আৰু পুতুলী বেজবৰুৱাৰ কবিতাৰ বিষয়বস্তুৰ গভীৰতা আৰু চিত্ৰকল্পৰ ব্যৱহাৰ ভাল লাগিল। বাচি ল’লোঁ।
দুলাল হাজৰিকা, ইন্দিৰা দিগন্ত, আৰু পুতুলী বেজবৰুৱাৰ কবিতাৰ বিষয়বস্তুৰ গভীৰতা আৰু চিত্ৰকল্পৰ ব্যৱহাৰ ভাল লাগিল। বাচি ল’লোঁ।
সমাজসৃষ্ট বিশ্বাস
অবিশ্বাসৰ দোমোজাত ৰীতি নীতিৰ গাত ভেজা দি স্বাৰ্থসিদ্ধিৰ খাতিৰত জন্ম লয় সংস্কাৰ। সুন্দৰ চিত্ৰকল্পৰ ব্যৱহাৰেৰে দুলাল হাজৰিকাৰ ৰাতি কবিতাটোৱে এই কথাই দাঙি ধৰিছে। বিবেকক সমাধিস্থ কৰি আমি কৰি যাওঁ বিবৰ্তনৰ আখৰা।
“দিনক ৰাতি কৰিবলৈ বেলি সলনি নহয়
পৃথিৱীয়েহে সাজে দিন-ৰাতিৰ সাধু
আমি মগজু নিলাম কৰি
প্ৰচাৰ কৰো বেলি ডুব যোৱা বুলি”
পৃথিৱীয়েহে সাজে দিন-ৰাতিৰ সাধু
আমি মগজু নিলাম কৰি
প্ৰচাৰ কৰো বেলি ডুব যোৱা বুলি”
স্বাৰ্থ সিদ্ধিৰ
প্ৰয়োজন এয়া, মুখা পিন্ধি লওঁ আমি। প্ৰগতিৰ বাটৰ হেঙাৰ আঁতৰাবলৈ উপঢৌকন দিওঁ বিবেক বিক্ৰী কৰি।
পদে পদে সংকীৰ্ণ মানসিকতা, আনক দোষাৰোপ কৰাৰ প্ৰৱণতা, অইনৰ পিঠিত ভৰি দি জখলা বগাই যোৱাৰ উন্মাদনা। বাহ্যিকতাৰ প্ৰলেপ সানি ঢাকি ৰাখিব খোজো
ভীতিগ্ৰস্ততা।
“নিচাত মাতাল হওঁ আমি
ৰাতিক আখ্যা দিওঁ মাতাল
বলেৰে প্ৰতিপন্ন কৰো
পোহৰৰ সৰলতা
ঢাল কৰি ৰাতিক দি যাওঁ ৰোগ”
ৰাতিক আখ্যা দিওঁ মাতাল
বলেৰে প্ৰতিপন্ন কৰো
পোহৰৰ সৰলতা
ঢাল কৰি ৰাতিক দি যাওঁ ৰোগ”
শোষিতৰ পংকিল জীৱন
চিত্ৰিত হৈছে কবিতাটোত।
অংকিত হৈছে শোষণকাৰীৰ হৃদয়হীন কদৰ্যতা আৰু প্ৰবৃত্তিৰ আদিমতা।
অংকিত হৈছে শোষণকাৰীৰ হৃদয়হীন কদৰ্যতা আৰু প্ৰবৃত্তিৰ আদিমতা।
“নিৰীহ ৰাতিক কোনোৱে নুবুজে
দুখৰ ৰাতি নুপুৱাই বুলি
অহৰহ দি যাওঁ অপযশ
আনৰ অপৰাধত বদনামী হয় ৰাতি
সহস্ৰ অপৰাধৰ সাক্ষী হৈও
নীৰৱে থাকে ৰাতি
তথাপি আমি বদনাম কৰো ৰাতিৰ”
দুখৰ ৰাতি নুপুৱাই বুলি
অহৰহ দি যাওঁ অপযশ
আনৰ অপৰাধত বদনামী হয় ৰাতি
সহস্ৰ অপৰাধৰ সাক্ষী হৈও
নীৰৱে থাকে ৰাতি
তথাপি আমি বদনাম কৰো ৰাতিৰ”
বাস্তৱবিমুখ পলায়নবাদী আজিৰ সভ্য মানৱ। পাহৰি যাওঁ
আমি পংকিল ৰোপিত হয় শইচৰ সপোন। স্বচ্ছতাৰ আৱৰণেৰে ঢাকিব পাৰি জানো নগ্নতা?
ইন্দিৰা দিগন্তৰ কবিতা আৱৰ্জনা। সুন্দৰ চিত্ৰকল্পৰ
প্ৰয়োগেৰে কবিয়ে বিচাৰি ফুৰিছে সত্যৰ সুচল পথ। ভাল বেয়া
আপেক্ষিক। সেই দোমোজাত বেয়াৰ প্ৰতি ধাউতি বাঢ়িব পাৰে চঞ্চল চিতৰ। আৱৰ্জনা কবিতাটো অন্তৰৰ মলিনতা আঁতৰাবলৈ পলায়নবাদী মনোভাৱ পৰিহাৰ কৰাৰ বাবে এক
আহ্বান।
“তাতকৈ ৰ’দ- বতাহক সাক্ষী কৰি
পোহৰৰ উপস্থিতিত মোকাবিলা কৰাই ভাল৷
পোহৰৰ উপস্থিতিত মোকাবিলা কৰাই ভাল৷
এইটোৱেই সহজ পন্থা
দুহাত মেলি দিয়া
ৰ’দজাকে চুই যাওঁক৷
বৰষুণে ধুই নিয়ক৷
খোলাটোৰ আৱৰ্জনা৷”
দুহাত মেলি দিয়া
ৰ’দজাকে চুই যাওঁক৷
বৰষুণে ধুই নিয়ক৷
খোলাটোৰ আৱৰ্জনা৷”
পুতুলী বেজবৰুৱাৰ
সুখ কবিতাটোৱে আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ একে শিৰোনামাৰ কবিতাটো মনত পেলাই দিলে।
“সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ ;
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ”
কবি সংসাৰৰ পীড়াত পিষ্ট ।সুখ যেন মৰীচিকা মাথোঁ ।
নেদেখে সুখৰ মুখ ;
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ”
কবি সংসাৰৰ পীড়াত পিষ্ট ।সুখ যেন মৰীচিকা মাথোঁ ।
“সুখৰ সংজ্ঞা বিচাৰি ফুৰোঁতে
দুখৰ ৰাতিৰ নপৰে ওৰ,
নেদেখা জনৰ চকুলৈ
বাট চাই চাওঁতে
দিন বোৰত এলান্ধু লাগিব ধৰে।
ধুষৰ পৃথিবীখন অদৃশ্য হয়
দিন ৰাতিৰ কষ্টবোৰত
হাড় বোৰত চণ পৰে,
প্ৰস্ফুটিত সপোন বোৰ
ক'ৰবাত বিলীন হৈ যায়।”
কবি সত্তাৰ প্ৰবল আশাবাদ কবিতাটোত প্ৰতীয়মান হৈছে । প্ৰস্ফুটিত হৈছে এক আধ্যাত্মিকতাবাদ।
“পোৱা নোপোৱাৰ মাজতে
তোমাক বিচাৰি ফুৰোঁ,
হৃদয়ত, মন্দিৰৰ দুৱাৰত
প্ৰেমৰ শলিতা লৈ।”
দুখৰ ৰাতিৰ নপৰে ওৰ,
নেদেখা জনৰ চকুলৈ
বাট চাই চাওঁতে
দিন বোৰত এলান্ধু লাগিব ধৰে।
ধুষৰ পৃথিবীখন অদৃশ্য হয়
দিন ৰাতিৰ কষ্টবোৰত
হাড় বোৰত চণ পৰে,
প্ৰস্ফুটিত সপোন বোৰ
ক'ৰবাত বিলীন হৈ যায়।”
কবি সত্তাৰ প্ৰবল আশাবাদ কবিতাটোত প্ৰতীয়মান হৈছে । প্ৰস্ফুটিত হৈছে এক আধ্যাত্মিকতাবাদ।
“পোৱা নোপোৱাৰ মাজতে
তোমাক বিচাৰি ফুৰোঁ,
হৃদয়ত, মন্দিৰৰ দুৱাৰত
প্ৰেমৰ শলিতা লৈ।”
ধন্যবাদেৰে…
মনমী ভট্টাচাৰ্য্য
পৰ্যালোচক, সদস্য, আখৰুৱা
………………………………………
মনমী ভট্টাচাৰ্য্য
পৰ্যালোচক, সদস্য, আখৰুৱা
………………………………………
ব্যৱস্থাপকৰ
মন্তব্য:
১)পুনৰীক্ষণত
সামৰি লোৱা কবিতা বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান সমূহ কোনো সদস্যৰ দৃষ্টিগোচৰ
হ'লে মন্তব্যত মুকলিকৈ জনায় যেন ৷
২)আখৰুৱাৰ
পুনৰীক্ষণৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম ৷আনকি আমাৰ প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন৷
৩)এইবাৰৰ
পৰ্যালোচনাত সামৰি লোৱা কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
ক)ৰাতি - দুলাল হাজৰিকা
খ)আৱৰ্জনা - ইন্দিৰা দিগন্ত
গ)সুখ - পুতুলী বেজবৰুৱা
ক)ৰাতি - দুলাল হাজৰিকা
খ)আৱৰ্জনা - ইন্দিৰা দিগন্ত
গ)সুখ - পুতুলী বেজবৰুৱা
৪)উল্লেখ্য যে
পৰ্যালোচকে মূল কবিতাত থকা বানানৰ ভুল সমূহ শুধৰাই দিছে আৰু তালৈ কবিসকলৰ সঁহাৰি
বিচাৰিলোঁ৷
শেষত ক'ব বিচাৰিছোঁ যে পুনৰীক্ষণ শিতানটো আৰু অধিক ক্ৰিয়াশীল বা উন্নতমানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত
কবিসকলে তথা পাঠকসকলে পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত জনায় যেন।
ধন্যবাদেৰে…
জোনমনি গগৈ
প্ৰশান্ত শৰ্মা
ব্যৱস্থাপক, পুনৰীক্ষণ শিতান
আখৰুৱা: literati
১৮ জুন, ২০১৭
জোনমনি গগৈ
প্ৰশান্ত শৰ্মা
ব্যৱস্থাপক, পুনৰীক্ষণ শিতান
আখৰুৱা: literati
১৮ জুন, ২০১৭
No comments:
Post a Comment