Sunday, 25 June 2017

কিবা এটা

কিবা এটা
--------
দিন ৰাতি
ৰাতি দিন৷
পুৱাবোৰ গতানুগতিক৷
তোমাক কেন্দ্ৰ কৰি দিনটো সজীৱ হৈ ক্ৰমান্বয়ে ক্ষয় গৈ নিশা হয়৷
অস্থিৰতাৰ শীৰ্ষতম বিন্দুটোত গৈ ভগৱান মাতাল৷
(ভগৱানৰ ঘৰত আন্ধাৰ নে পোহৰ মই নাজানোঁ)
এইবোৰ দেখি ৰূপোৱালী আকাশ, জোন আৰু তৰাই একগোট হৈ ভগৱানক উপলুঙা কৰে৷
অসম্ভৱ!
সম্ভৱ!
মাতাল ভগৱান, আকাশ, জোন, তৰা সকলোবোৰ মোহাৰি পেলাও শব্দৰে৷
মুখ ঠেকেচা খাই উচুপি ৰওঁক
বেপেৰুৱা দিনবোৰ
বেপেৰুৱা ৰাতিবোৰ!!!
চোৱা চোৱা
সৌৱা চোৱা
মাতাল ভগৱানৰ কুটিল হাঁহি৷
বেপেৰুৱা দিন
বেপেৰুৱা ৰাতি
চাল্লা সব কিছু শব্দৰ কাৰচাজি৷
ইন্দিৰা গোস্বামী
নলবাৰী

No comments:

Post a Comment