Wednesday, 21 June 2017

পৃথিৱীৰ লাজ

পৃথিৱীৰ লাজ
নিৰুপমা ডেকা
পৃথিৱীৰ দৰে উদাৰ নহয় কিয় মানৱ
কোনোবাই ধৰ্মধ্বজাকে জীৱন বুলি লয়
কোনোবাই প্ৰতাৰণাৰ হাট পাতি বহি লয়
কোনোবাই আনৰ সুখ কাঢ়ি লয়
কোনোবাই আনৰ জীৱন কাঢ়ি লয়
কেতিয়াবা যদি জাতিৰ বাবে বিদ্ৰোহ হয়
কেতিয়াবা আকৌ ধৰ্মৰ বাবে বিবাদ হয়
কেতিয়াবা মাটিৰ বাবে হয় জীৱন পাত
মানুহৰ বাবে চিন্তা কৰা সকল সমাজত
বাৰে বাৰে নিৰ্লজ্জ্য ভাবে লাঞ্চিত হয়
মানুহৰ বাবে ধৰ্মক এৰাজন ধৰ্মদ্ৰোহী
মানুহৰ বাবে জাতিক এৰাজন জাতিদ্ৰোহী
আমি জানো একেখন পৃথিৱীৰ চিৰঋণী নহয় !
সুজলা সুফলা আইৰ বুকুত কি যে বিভেদ কীট
আইকো নিচিনিলো ,
মাটিৰো নহ'লো ধৰিছোহে মানৱ বেশ
ফুটুকীয়া সপোনবোৰ আলফুলে ফুলোতে
পৰিচয় গঢ়ে
হিন্দু , মুছলিম , বৌদ্ধ বা খ্ৰীষ্টান নতুবা
সাধাৰণ , জনজাতি , নীচ জাতি আৰু কত কি
মানুহ বুলি চিনাকি হেৰাই দি সপোনবোৰে তেতিয়াই
বিভেদৰ চোলা পিন্ধি দলদোপ হেন্দোলদোপ
মনৰ বেৰবোৰ খহাব যোৱাজন বলিশালৰ দুৱাৰত
সভ্যতাৰ উত্থান নোহোৱা হ'লেই ভাল আছিল
পৃথিৱীক ঠাইতে পোৱাকৈ সৰু কৰা বিজ্ঞানে
মানুহৰ মনক ঠেক আৰু সৰু কৰাতকৈ
মই য'ত আছো সেয়ে পৃথিৱীৰ ধাৰণাকে ধাৰণ কৰিলে
পৃথিৱী ইমান লজ্জ্যিত নহ'লহেঁতেন মানুহৰ কৰ্মত....

No comments:

Post a Comment