Friday, 30 June 2017

চাহ

চাহ
   -- কিশোৰ দাস
এজাক ঘন বৰষুণে আকাশ ঢাকিছিল।
একাপ চাহৰ বৰ প্ৰয়োজন আছিল।
গৰম, ধোঁৱা বলি থকা
এসোঁহা চাহ, এফাঁকি কবিতা।।
এখনি হাত চেঁচা পৰিছিল
উতলা চাহকাপ,
শুকান ডিঙিটোও মৌন হৈছিল।।

সেইদিন ধৰি অসময়ত
আনৰ হাতে চাহ খোৱা নাই
নাইবা প্ৰয়োজন বোধ কৰা নাই।।

No comments:

Post a Comment