Thursday, 22 June 2017

"অসংলগ্ন"

"অসংলগ্ন"
       -- মধুমণি কলিতা ..

১/
এনে অসংখ্য ৰাতিৰে আহি আহি যেতিয়া
'দৰে মুখামুখি হৈছিলোঁ
তেতিয়া তাত ৰ'দ নাছিল
সোন-হালধীয়া ৰঙেৰে যি জিলিকি আছিল
সেয়া আছিল তোমাৰ মুখ
২/
তুমি ঠিকেই কৈছিলা এদিন !
এখন প্ৰত্যয়পূৰ্ণ হৃদয়ে দিব নোৱাৰে কি ?
খৰাং আৰু ধুমুহাৰ অন্তত
শইচ,সপোন ,সম্ভাৱনাৰ
বাতৰি লৈ
বুকুলৈ বাট পোনাই
এজাক প্ৰাণোচ্ছ্ল প্ৰজাপতি।।
৩/
এতিয়া ইয়াত কোনো নিসংগ নহয়
মই ,তুমি ,সপোন অথবা
আশা কোনোটোৱেই নহয়
তুমি মন কৰিছানে বাৰু ?
তাহানিৰ নিসংগতাৰ ভৰত গধুৰ হৈ
থকা কবিতা বোৰে
এতিয়া আমাক দেখিলে
ফিচিঙা-ফিচিঙি কৰে

No comments:

Post a Comment