পৰজনমৰ ........
-- মাধৱ দত্ত
~~~~~~~~
তুমি শুই আছা ;
সাৰে আছে
মোৰ দেশৰ
নিস্পেষিত
শোষিত জনতা ৷
সাৰে আছে
মোৰ দেশৰ
নিস্পেষিত
শোষিত জনতা ৷
আৰ্তজনৰ তেজ শুহি
শুহি
নিস্বজনৰ ডিঙি চেপি চেপি
সিহঁতবোৰ মাতাল হ'ল ৷
নিস্বজনৰ ডিঙি চেপি চেপি
সিহঁতবোৰ মাতাল হ'ল ৷
ইও এটা জাতি !
হতভগা জাতি !!
তুমি মাতি যোৱা সুন্দৰৰ মন্ত্ৰত
মাতালবোৰে
উলংগ হৈ নাচিছে ৷
তোমাৰ কৃষক বনুৱাই
চাইছে
মাথোঁ চাই ৰৈছে
সিহঁতৰ মদমত্ত
উশৃংখল হাঁহি ৷
নিঃসহায়
নিৰন্ন জনতাই
উচুপিছে মাথোঁ উচুপিছে ,
আশাৰে বাট চাইছে
তুমি অহালৈ বুলি ৷
হতভগা জাতি !!
তুমি মাতি যোৱা সুন্দৰৰ মন্ত্ৰত
মাতালবোৰে
উলংগ হৈ নাচিছে ৷
তোমাৰ কৃষক বনুৱাই
চাইছে
মাথোঁ চাই ৰৈছে
সিহঁতৰ মদমত্ত
উশৃংখল হাঁহি ৷
নিঃসহায়
নিৰন্ন জনতাই
উচুপিছে মাথোঁ উচুপিছে ,
আশাৰে বাট চাইছে
তুমি অহালৈ বুলি ৷
সৌৱা
আকাশত কজলা মেঘ ৷
পুৱতিৰ তৰা নুমাও নুমাও ৷
জোনটিয়ে বেজাৰত চকুলো টুকিছে ৷
তুমি অহাৰ বাটত ৷
শান্তিৰ কপৌজনীয়ে
ৰুণ দিয়া বাদ দিছে ৷
হয়তো তোমাৰেই বেজাৰত ৷৷
তুমি সাৰে আছানে ?আকাশত কজলা মেঘ ৷
পুৱতিৰ তৰা নুমাও নুমাও ৷
জোনটিয়ে বেজাৰত চকুলো টুকিছে ৷
তুমি অহাৰ বাটত ৷
শান্তিৰ কপৌজনীয়ে
ৰুণ দিয়া বাদ দিছে ৷
হয়তো তোমাৰেই বেজাৰত ৷৷
পৰজনমলৈ আৰু কিমান দিন ৰাভা ?
আহিবানে ?
আকৌ এবাৰ !
মাথোঁ এবাৰ
No comments:
Post a Comment