Tuesday, 27 June 2017

সপোন

সপোন
    --মাধৱ দত্ত
আই ,
সৰুতে সজা বালিঘৰটিত
এতিয়া মৰিশালীৰ নিস্তব্ধতা
সৰুতে ভৱা সপোন যেন কথাবোৰ
এতিয়া
শব্দহীন নৈৰাজ্যতা ৷
বুকুৰ নৈখনে
কিমানবাৰ সুঁতি সলালে
কিমানবাৰ বালিচৰ পেলালে ,
'তা !
সাগৰলৈ বৈ যাম বুলি
এই নৈয়ে
আধাতে বাট হেৰুৱালে
সাগৰ !
কিমান গভীৰ ,
কিমান নীলা ,
লুণীয়া জোৱাৰত
এই তৰাং নদীৰ অস্তিত্বই বা ক' !!
আই,
আশা মই এৰি দিয়া নাই
মোক নমাহ দহদিন
গৰ্ভত স্হান দি
কিমান আশা
কিমান প্ৰত্যাশাৰে
মোক জনম দিলা !
মই পৃথিৱীৰ মানুহ ৷
মই মাটিৰ মানুহ
কেঁচামাটিৰ গোন্ধত
মই আজিও আকুল ৷
মানুহৰ পৃথিৱীত
মানুহৰ বাবে
মানুহ হৈ জীয়াই থাকিম
আই
মোক এখন মুকলি আকাশ দিয়া ৷

মোৰ সপোনে গজালি মেলক ৷
এটি কলি দুটি পাতেৰে
এই ধৰাৰ বুকুত
সেউজীয়া সপোন ৰচিম৷
সেউজীয়া সপোন ৷৷

No comments:

Post a Comment