Friday, 23 June 2017

সময়

সময়
******
দোকমোকালিতে অন্ধকাৰ
বিৱৰ্ণ আকাশ
পাটকাইৰ সিপাৰে হেৰাল
শৈশৱৰ সূৰ্য
মৰাঘূলিত এথোপা নুফুলা পদুম
ৰঙত
নে ৰণত
হেৰুৱালোঁ হেঁপাহৰ ব'হাগ
আখলত উৰুখা পানীৰ ডোঙা
চৰুৰ তলত নুমায়
বাঁহনি চলাথ কৰি
লুৰি অনা জেঙৰ জুই
ঔ বাকলীয়া উঠন গালত তোৰ
নাইচোন চেনেহী সপোন
ঘৰত
নে পৰত
সাঁচি থৈছে লুটি অনা ধন
গামোচাত বাচি থৈছে
মদাৰৰ ফুল
কি যে নিকৰুণ নিদাৰুণ সময়
তেজ দেখিলেও নকঁপে হৃদয়
অনুক্ৰমে উন্মুক্ত সূচীমুখ বেহুৰ দুৱাৰ
আয়েচোন নাহাঁহে এতিয়া
চকুত
নে বুকুত
কিহবাৰ দুখ
কলিজাত গোট মৰা এসাগৰ তেজ ৷
******

© খগেশ সেন ডেকা

No comments:

Post a Comment