হাৱাই চেন্দেল
-- অনুৰাগ শইকীয়া
দেহাটো খহাই মালিকৰ সেৱাতে ঘুৰি
শদিয়াৰ ডেউকাত ধুবুৰী
ফুৰি অলেখ বোকাভৰা চুবুৰী
চুচৰি-বাগৰি
শুশ্ৰষা দুভৰিৰ ।
______________
এই কোলাতেই গ্ৰীষ্মৰ গীত
গৰকি হয় শীত ।
___________________
বুকুৰ শিল এদিন পাহাৰ হয়
আলৰ বৃদ্ধ হয় কাইটিয়া বাট কাটি
পাৰ কৰা ৰবৰ সংজ্ঞী ।
______________________
জাবৰ আশ্ৰমত পৰি থাকে সেপ ঢুকি
শুই থাকে বহুত ক্ষয় যোৱা ঘোলা চকু ।
_________________________
কোলা আৰু বোকোচা পাহৰি
যন্ত্ৰবৎ ঢাপলি মেলে দুভৰিৰ মগজু
শূন্য পৰ্বত শিখৰলৈ।
-- অনুৰাগ শইকীয়া
দেহাটো খহাই মালিকৰ সেৱাতে ঘুৰি
শদিয়াৰ ডেউকাত ধুবুৰী
ফুৰি অলেখ বোকাভৰা চুবুৰী
চুচৰি-বাগৰি
শুশ্ৰষা দুভৰিৰ ।
______________
এই কোলাতেই গ্ৰীষ্মৰ গীত
গৰকি হয় শীত ।
___________________
বুকুৰ শিল এদিন পাহাৰ হয়
আলৰ বৃদ্ধ হয় কাইটিয়া বাট কাটি
পাৰ কৰা ৰবৰ সংজ্ঞী ।
______________________
জাবৰ আশ্ৰমত পৰি থাকে সেপ ঢুকি
শুই থাকে বহুত ক্ষয় যোৱা ঘোলা চকু ।
_________________________
কোলা আৰু বোকোচা পাহৰি
যন্ত্ৰবৎ ঢাপলি মেলে দুভৰিৰ মগজু
শূন্য পৰ্বত শিখৰলৈ।
No comments:
Post a Comment