আমাৰ ভাষা
~~××~~
~~××~~
পৃথিৱীৰ সকলো ভাষা
স্বকীয় বৈশিষ্ট্যেৰে মহীয়ান ৷ আমাৰ সুৱদী সুৰীয়া অসমীয়া ভাষাও তাৰ ব্যতিক্ৰম নহয় ৷ স্বকীয় বৈশিষ্ট্য আছে বাবেই ই এক
স্বতন্ত্ৰ ভাষা হিচাপে যোৱা প্ৰায় ডেৰ হাজাৰ বছৰে
পৃথিৱীৰ বুকুত নিজৰ পৰিচয় দাঙি ধৰি আহিব পাৰিছে আৰু ভৱিষ্যতেও পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস ৷ কিন্তু, অতি সম্প্ৰতি ভাষিক সচেতনতাৰ অভাৱত আমাৰ এই ঐতিহ্যমণ্ডিত
ভাষাটোৱে লাহে লাহে স্বকীয়ত্ব
হেৰুওৱাবলৈ লোৱা যেন অনুভৱ হৈছে ৷ এই প্ৰসংগত কোনোৱে ক'ব পাৰে যে পৰিৱৰ্তনশীলতা জগতৰ ধৰ্ম ৷ গতিকে প্ৰকৃতিৰ নিয়ম মানি ভাষাৰো পৰিৱৰ্তন হ'বই ৷ কথাষাৰ নিশ্চয় একে আষাৰে উৰুৱাই দিব নোৱাৰি ৷ কিন্তু পৰিৱৰ্তনৰ নামত আনক বৰপীৰা পাৰি বহিবলৈ দিলে নিজৰ অস্তিত্বলৈ
যে ভাবুকি আহিব, তাত বোধহয় কাৰো দ্বিমত নাই৷
ভাষা একোটাৰ
স্বকীয়ত্বত ঘাইকৈ আঘাত কৰে তাৰ বৈয়াকৰণিক বিকৃতিয়ে ৷ শব্দমালাৰ ভূমিকা এই ক্ষেত্ৰত কিছু গৌণ ৷ অসমীয়া ভাষাৰ স্বতন্ত্ৰতা নিৰূপক কেইটামান ব্যাকৰণগত
বিশেষত্ব এতিয়া প্ৰায় বিলুপ্তিৰ গৰ্ভত ৷ তাৰে দুটামান তলত উল্লেখ কৰা হ'ল ৷
(১) অসমীয়া সম্বন্ধবাচক শব্দত
পুৰুষানুসাৰে কেইটামান প্ৰত্যয় (কাৰো কাৰো মতে বিভক্তি) লগ লাগে, যেনে—
মোৰ/আমাৰ মা, ভাই;
তোৰ/তহঁতৰ মাৰ, ভায়েৰ;
তোমাৰ/তোমালোকৰ মাৰা, ভায়েৰা;
আপোনাৰ/আপোনালোকৰ মাক, ভায়েক;
তাৰ/তাইৰ/সিহঁতৰ মাক, ভায়েক ৷
এইটো অসমীয়া ভাষাৰ এটা স্বকীয় বৈশিষ্ট্য ৷ আন ভাষাত এই বিশেষত্বৰ প্ৰয়োগ বিৰল ৷ উল্লিখিত ধৰণে প্ৰত্যয়কেইটা প্ৰয়োগ নকৰিলে অকল ভাষাটোৰ স্বতন্ত্ৰতাই যে লোপ পায় তেনে নহয়, ই পাৰিৱাৰিক সংঘাতৰো সূচনা কৰিব পাৰে ৷
মোৰ/আমাৰ মা, ভাই;
তোৰ/তহঁতৰ মাৰ, ভায়েৰ;
তোমাৰ/তোমালোকৰ মাৰা, ভায়েৰা;
আপোনাৰ/আপোনালোকৰ মাক, ভায়েক;
তাৰ/তাইৰ/সিহঁতৰ মাক, ভায়েক ৷
এইটো অসমীয়া ভাষাৰ এটা স্বকীয় বৈশিষ্ট্য ৷ আন ভাষাত এই বিশেষত্বৰ প্ৰয়োগ বিৰল ৷ উল্লিখিত ধৰণে প্ৰত্যয়কেইটা প্ৰয়োগ নকৰিলে অকল ভাষাটোৰ স্বতন্ত্ৰতাই যে লোপ পায় তেনে নহয়, ই পাৰিৱাৰিক সংঘাতৰো সূচনা কৰিব পাৰে ৷
(২) অসমীয়া ভাষাত সংস্কৃতৰ দৰে সম্প্ৰদান কাৰক নাই ৷ কাৰণ কৰ্ম
কাৰকৰ দ্বিতীয়া বিভক্তিৰেই আমাৰ সম্প্ৰদানৰ কাম চলে ৷
কিন্তু অসমীয়াত সংস্কৃতত নোহোৱা এটা নতুন কাৰকৰ সৃষ্টি হৈছে ৷ প্ৰতি, অভিমুখ, নিমিত্ত, লক্ষ্য, উদ্দেশ্য আদি অৰ্থসূচক এই কাৰকটোৰ নাম দিয়া হৈছে নিমিত্ত কাৰক ৷ এই কাৰকত চতুৰ্থী বিভক্তিৰ চিন -লৈ/-অলৈ যোগ হয় ৷ যেনে :
ৰামলৈ আনিছোঁ,
কলেজলৈ গ'ল,
যোৰহাটলৈ/দিল্লীলৈ যাব ৷
ৰামলৈ আনিছোঁ,
কলেজলৈ গ'ল,
যোৰহাটলৈ/দিল্লীলৈ যাব ৷
(৩) অসমীয়া বাক্যত ক্ৰিয়াপদ আৱশ্যিক নহয় ৷
তোমাৰ নাম কি ?
এইটো ৰামৰ ঘৰ ৷
তাৰ ঘৰ তেজপুৰত ৷
আদি বাক্য তাৰ উদাহৰণ ৷
তোমাৰ নাম কি ?
এইটো ৰামৰ ঘৰ ৷
তাৰ ঘৰ তেজপুৰত ৷
আদি বাক্য তাৰ উদাহৰণ ৷
ইংৰাজী বাক্যত Yes, No, What ? আদি একক শব্দৰ বাক্যৰ বাহিৰে ক্ৰিয়াপদ নিদিলে বাক্য অশুদ্ধ হয় ৷ বিদেশী শব্দৰ
প্ৰচুৰ আত্মসাৎকৰণেৰে চহকী হোৱা ইংৰাজী ভাষাৰ এই বিশেষত্ব কিন্তু আজিও অটুট আছে৷ সমগ্ৰ বিশ্বত এই ভাষাই নিজৰ আটাইবোৰ বৈশিষ্ট্যৰ কোনো হানি
বিঘিনি নোহোৱাকৈ স্বকীয়ত্ব বজাই ৰাখিব পাৰিছে ৷ হিন্দী ভাষাতো প্ৰায়বোৰ বাক্যতে শেষৰ ফালে হেঁয়, হুঁ লগ লাগে ৷ তাকে দেখি অসমীয়াৰো গা উঠিছে ৷ 'মোৰ ঘৰ যোৰহাটত হয়', 'মই ফাৰ্ষ্ট চেমিষ্টাৰৰ হয়', মোৰ নাম ক/খ হয়' আদি বাক্য এতিয়া য'তে ত'তে শুনা যায় ৷ এনেদৰে সকলো সময়তে 'হয়' 'হয়' কৰি থকা বাক্যবোৰ অসমীয়া 'নহয়' 'নহয়' যেন লাগে ৷
এচামে আকৌ 'কিনে', 'কেনে', চ', ত' আদি লগ নলগোৱাকৈ কথাই ক'ব নোৱৰা হৈছে ৷
এচামে আকৌ 'কিনে', 'কেনে', চ', ত' আদি লগ নলগোৱাকৈ কথাই ক'ব নোৱৰা হৈছে ৷
তেনেদৰে মোৰ মা, তোৰ মা, তাৰ মা; কলেজ যাওঁ, দিল্লী যাওঁ, আমেৰিকা যাওঁ আদি প্ৰয়োগ এতিয়া তেনেই সুলভ ৷ মাত্ৰ গ্ৰামাঞ্চলৰ লোক-জীৱনৰ
মুখতহে ভাষাটোৰ আচল কালিকা কিছুদূৰ বৰ্তি আছেগৈ ৷ হয়তো
এদিন সচেতনতাৰ অভাৱত শিক্ষিত সমাজৰ মুখৰ এই বিজতৰীয়া ভাষাৰূপবোৰে লোকৰূপটোকো প্ৰভাৱিত কৰিব ৷ ফলত আমাৰ ভাষাৰ কালিকা চিৰকাললৈ হেৰাই যাব ৷ (অসমীয়া
ভাষাৰ স্বকীয়ত্বসূচক এনে বৈশিষ্ট্য আৰু আছে ৷ বাহুল্যৰ ভয়ত সেইবোৰৰ উল্লেখৰ পৰা বিৰত থকা হ'ল ৷)
ভাষা একোটালৈ নতুনকৈ আমদানি হোৱা শব্দমালাক
ঘৰুৱা ৰূপ দি ল'লে বা থলুৱাকৰণ কৰি ল'লে সি সেই ভাষাৰ শ্ৰীবৃদ্ধিত সহায় কৰে ৷
ইংৰাজী ভাষা তাৰ প্ৰকৃষ্ট উদাহৰণ ৷ আকৌ কিছুমান ভাষাই নিজস্ব আভ্যন্তৰীণ পদ্ধতিৰে নতুন নতুন শব্দ নিৰ্মাণ কৰি ল'ব পাৰে এই ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ বুকুত একক আৰু অদ্বিতীয় ভাষা হৈছে সংস্কৃত ৷ সেইবাবে সংস্কৃতত একেটা বস্তু
বা বিষয় বুজাবলৈ যিমান শব্দ পোৱা যায়, আন ভাষাত পাবলৈ টান ৷
অসমীয়া ভাষাৰ
শব্দ-ভাণ্ডাৰ অতিশয় শক্তিশালী ৷ এই
সম্পৰ্কে ভূপেন হাজৰিকাৰ মাত্ৰ এটা গীতৰ উদাহৰণেই যথেষ্ট হ'ব ৷ গীতটো হ'ল— "ফুট গধূলিতে কপিলী সুঁতিত" অসমীয়াত
গধূলিৰ এটা নিৰ্দিষ্ট পৰ বা সময় বুজাবলৈ
'ফুট গধূলি' শব্দগুচ্ছৰ ব্যৱহাৰ আছে ৷ (ইয়াৰ উপৰি 'গাৰ নোম নেদেখা আন্ধাৰ', 'তিনি গধূলি বেলা', 'হিৰণ্যকশিপু বধৰ সময়' আদিয়েও গধূলিৰ একোটা নিৰ্দিষ্ট সময় বুজায় ৷) বাংলাত তেনে শব্দ
বিচাৰি নাপাই 'ফুট গধূলি'-ৰ অনুবাদ কৰা হ'ল 'ঠিক গধূলি'-ৰূপে ৷ সেইদৰে অসমীয়া 'গাখীৰতী' কৰা হ'ল 'দুগ্ধবতী', 'কাঞ্চীয়ে ৰিঙিয়াই' হ'ল 'কাঞ্চী ডাক দিল' ' আদি ৷ বৰ্তমান কিন্তু অসমীয়া লিখিত ভাষাক বহুল পৰিমাণে সংস্কৃতায়ন কৰা
হৈছে ৷ আমি পাহৰি পেলাইছোঁ আমাৰ আই-পিতাইৰ মুখৰ ভাষাৰ
ৰেহ-ৰূপ, শব্দ-চয়ন; পাহৰি গৈছোঁ প্ৰৱাদ-প্ৰৱচন, ফকৰা-যোজোনা, খণ্ড বাক্য, জতুৱা ঠাঁচৰ প্ৰয়োগ ৷
তাহানি বিদেশী
মিছনেৰী হ'লেও, "অৰুনোদই" গোষ্ঠীয়ে অসমীয়া ভাষাৰ স্বকীয়ত্বৰ কথা চকুৰ আগত ৰাখি শব্দৰ থলুৱাকৰণত বিশেষ অৰিহণা যোগাইছিল ৷ বৰফৰ অসমীয়াকৰণ শিলপানী/পানীশিল, Fountain pen-ৰ নিজৰা কলম, Torch light-ৰ চুঙা চাকি আদি মিছনেৰীসকলৰে উদ্ভাৱন ৷ হেমচন্দ্ৰ বৰুৱাই অসমীয়া
ভাষাক সংস্কৃতলৈ পোনাই লিখোৱাৰ ব্যৱস্থা কৰাৰে পৰা অসমীয়া
লিখিত ভাষা লোক-জীৱনৰ পৰা কিছু আঁতৰি আহে আৰু লিখন-ৰীতিত সংস্কৃত শব্দৰ পয়োভৰ ক্ৰমাগতভাৱে বৃদ্ধি পায় ৷ হেমচন্দ্ৰ বৰুৱাই তেতিয়াতে এই কথা লক্ষ্য
কৰিছিল আৰু তেওঁৰ "অসমীয়া ব্যাকৰণ"-ত (১৮৭৩) 'অসমীয়া ভাষা' শীৰ্ষক লেখা এটিৰ জৰিয়তে "পাচিয়ে
পাচিয়ে সংস্কৃত শব্দ সুমুৱাই পণ্ডিতালি"
দেখুওৱা অসমীয়া লেখকসকলক তেনে নকৰিবলৈ কঠোৰ ভাষাৰে সকীয়াই দিছিল ৷ বেজবৰুৱাৰ ভাষাত "লেখা ভাষাটো যদি কোৱা
ভাষাটোৰ অবিকল নহয়, তেন্তে তাৰ উদ্দেশ্য আৰু কাৰ্য বিফল ৷" কিন্তু বাস্তৱত
সেয়ে হ'ল ৷ অসমীয়া লেখকসকলে নতুনকৈ অহা শব্দবোৰৰ থলুৱাকৰণ কৰিবলৈ এৰি সৰহভাগ ক্ষেত্ৰতে সংস্কৃতৰ ওচৰত হাত পতা আৰম্ভ
কৰিলে ৷ হিন্দী ভাষা কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম ৷ এই ভাষাত নিজস্ব শব্দ-ভাণ্ডাৰৰ পৰাই সংযোগ-বিয়োগৰে আৱশ্যকীয় শব্দ সৃষ্টি কৰি লোৱাৰ এক
পৰম্পৰা গঢ় লৈ উঠিছে ৷ এটা মাত্ৰ উদাহৰণেৰে কথাটো স্পষ্ট কৰিব পৰা যায়— ইংৰাজী Intruder শব্দটোৰ হিন্দী
ৰূপ হৈছে 'ঘুচবেইঠী' (ঘুচ কৰ বেইঠ লিয়া, মানে অসমীয়াত এক প্ৰকাৰে ক'বলৈ গ'লে গোঁজেই গছ হ'ল ৷) আনহাতে, একেই intruder-ৰ অসমীয়াকৰণ বা আন কথাত সংস্কৃতায়ন কৰা হৈছে 'অনুপ্ৰৱেশকাৰী'-ৰূপে ৷ হিন্দী শব্দটো স্বাভাৱিকতে
অসমীয়াতকৈ অধিক থলুৱা (Native) ৷ পৰিভাষাৰ ক্ষেত্ৰত এই কথা আৰু অধিক
স্পষ্ট ৷ অসম চৰকাৰৰ প্ৰাশাসনিক পৰিভাষাৰ পুথিখনেই তাৰ
প্ৰমাণ দাঙি ধৰে ৷ ইংৰাজৰ দিনত এচ. ডি. চি. (Sub deputy
collector) নামৰ পদবী এটাৰ
সৃষ্টি কৰা হৈছিল ৷ সেই পদবী আজিও বাহাল
আছে ৷ গাঁৱৰ মানুহে 'মাটিৰ হাকিম' বুলি কয় ৷ পিছে পৰিভাষাত সেয়া হ'লগৈ 'উপপ্ৰতিসমাহৰ্তা' ৷ আমাৰ মানুহবোৰ কিন্তু 'উপপ্ৰতিসমাহৰ্তাৰ কাৰ্যালয়'-লৈ নাযায়, বৰং 'এচ ডি চি অফিচ' বা মাটিৰ হাকিমৰ ওচৰলৈহে যায় ৷
মুঠতে শব্দৰ
থলুৱাকৰণ অতিশয় জৰুৰী ৷ সি ভাষাৰ স্বকীয়ত্ব ৰক্ষাত সহায় কৰে ৷ অসমীয়াত ভালেমান বিদেশী শব্দই 'পাছপ'ৰ্ট' 'ভিছা' এৰি ভাষাটোৰ সৈতে মিলি গৈছে ৷ কোনো ল'ৰা-ছোৱালীক জবৰদস্তিৰে পঢ়শালি/মহাবিদ্যালয়লৈ পঠিয়াব নোৱাৰি ৷ কিন্তু স্কুল/কলেজলৈ
যাবলৈ বেয়া নাপায় ৷ নাট-গীত-নৃত্যৰ অভ্যাসৰ ক্ষেত্ৰত
ফাৰ্চী মূলীয় অথচ থলুৱা যেন লগা 'তালিম' কোনেও নকৰে ৷ 'আখৰা'-ও পাহৰিলে ৷ সকলোৱে ৰিহাৰ্ছেল (ৰিহেচল) কৰে ৷
অসমীয়া ভাষাৰ এইবোৰ দিশ বিবেচনা কৰাৰ সময় উকলি যাওঁ যাওঁ ৷ বিজ্ঞসকলে কথাবোৰ বিবেচনা কৰিব বুলি আশাৰে বাট চালোঁ ৷
অসমীয়া ভাষাৰ এইবোৰ দিশ বিবেচনা কৰাৰ সময় উকলি যাওঁ যাওঁ ৷ বিজ্ঞসকলে কথাবোৰ বিবেচনা কৰিব বুলি আশাৰে বাট চালোঁ ৷
© খগেশ সেন ডেকা
No comments:
Post a Comment