কবিতা নহয় -- চন্দন বেজবৰুৱা
(2015)
দীঘলীয়া ৰাষ্টীয় ঘাইপথেৰে(2015)
সেউজীয়াবোৰ সানি লৈ
সপোনৰ বাগিছালৈ
মোৰ যাত্ৰা
চকটোৰ বাওঁহাটে
শিলগুটিৰ পথটোয়ে
মোৰ গতি ৰুদ্ধ কৰিলেও
তোমালোকৰ গাৱৰ পথাৰখনে
পুখুৰি বোৰে
হালিজালি থকা সেউজীয়াবোৰে
মোক হাতবাউলী দি মাতি নিলে
অৱশেষত তোমালোকৰ
পদুলীমোখৰ দেবডাৰুৰ গছকেইজোপাই
দুৱাৰখন খুলি আদৰনি জনালে
যেন অসমৰ কেছামাতিৰ গোন্ধৰে
আমোলমোলাই থকা
গহিন গম্ভীৰ
আৰু সহজ
তোমালোকৰ ঘৰখন
য'ত পুবৰ বতাহ পশ্চিমলৈ
উৰামাৰিছিল,
তোমালোকৰ নামঘৰৰ
কাষৰ পুখুৰিটো
শাকপাছলীৰ খেতিদৰাই
মিছিকিয়াই হাঁহিছিল,
নিৰ্ভিক আনন্দময়
তোমাৰ মুখত
তৰা জিলিকিছিল
মই মাথো
চাই আছিলো
তোমাৰ চকুজুৰি
য'ত আছিল
প্ৰানভৰি উচ্ছ আদৰনি
আনন্দ আৰু আপোনতা
নাছিল বিষাদ আৰু ভয়
যেন তুমি ৰই আছিলা
মোৰ বাবেই!
No comments:
Post a Comment