Saturday, 24 June 2017

আখৰুৱাৰ ধাৰাবাহিক উপন্যাস:জুন,২০১৭

আখৰুৱাৰ ধাৰাবাহিক উপন্যাস:জুন,২০১৭
খণ্ড-২১
মোৰ হোষ্টেল জীৱনত বিৰিণাকেই আটাইতকৈ আচৰিত যেন লাগে৷
সিদিনা বিৰিণাই ফোনত কাৰোবাক কৈ থকা শুনিলোঁ – “আজিৰ পৰা তোমাৰ সতে মোৰ সম্বন্ধ শেষ, মোলৈ আৰু ফোন নকৰিবা৷কৰিডৰত লগ পাই মই বিৰিণাক সুধিলোঁ – “তই কাক ইমান দম দিলি অবিৰিণা?” বিৰিণাই হাঁহি হাঁহি কলে – “প্ৰাঞ্জলক..তাক সলাবৰ হল আৰু বুজিছ’?ৰ লাগিছে মানুহটো মোৰ”!বিৰিণাৰ কথাত বিশেষ আচৰিত নহলো মই৷সকলোৱে জানে, তাই এনেকুৱাই৷দিল্লীত চাকৰি কৰি থকা প্ৰাঞ্জল দা লৈহে বেয়া লাগিল!বেচেৰা প্ৰাঞ্জল দা, অলপ দিনৰ আগতে বিৰিণালৈ চুৰিদাৰ পিচ, টেডি বিয়েৰ পঠাইছিলহে!
বিৰিণা বাৰু কিয় এনেকুৱা? সপোন ভাঙি ভাল পায়!!
০০০০০০০০০০০
কলেজৰ ক্লাছবোৰ পুৰাডমে হৈছিল৷ তৃতীয় বৰ্ষ হোৱাৰ বাবে আমি পঢ়াত আগতকৈ বেছি গুৰুত্ব দিব লগা হৈছিল৷কলেজৰ শিক্ষাগুৰুসকলে লোৱা ক্লাছবোৰলৈ আজিও ৰিণি ৰিণি মনত পৰে৷চেমিনাৰৰ বাবে প্ৰস্তুতি হোৱা দিনবোৰ, লেবৰ ভাইভাৰ সময়কণ কি যে ভয় লগা সময় আছিল সেইয়া!লেবৰ ভাইভা শেষ হলে সাগৰ সাঁতুৰি পাৰ হোৱা যেন লাগিছিল মোৰ!
হোষ্টেললৈ নতুন ছোৱালী আহিছিল৷এজনী মৰম লগা পৰীৰ দৰে ভন্টী এজনীও আমাৰ ৰূমমেট হৈছিল৷আমাৰ সময়ৰ ৰেগিংবোৰ নাইকীয়া হৈছিলগৈ৷নৱাগতা সকলৰ পৰিচয় পৰ্বতে সকলো সামৰনি পৰিছিল৷হোষ্টেলৰ চিনিয়ৰ আৱাসী হিচাপে নতুনকৈ অহা লৰা-ছোৱালীবোৰক কেচুৱা কেচুৱা লাগিছিল মোৰ৷মনত পৰিছিল জয়া বাইদেউহঁতলৈ৷ জয়া বাইদেৱে যে আজিও মোক ফোনত কিডবুলিয়েই মাতে৷
বৃত্তৰ দৰে ঘূৰি আছিল জীৱন!এই জীৱনৰ মাজতে ঘটি যোৱা দুই এক ঘটনাই হোষ্টেলীয়া জীৱনৰ অভিজ্ঞতাৰ ভঁৰাল চহকী কৰিছিল৷
সেইদিনা নাজমা বাইদেউক সকলোৱে ঘেৰি আছিল আৰু তেওঁলৈ প্ৰশ্নবান নিক্ষেপ কৰা হৈছিল
আপুনি চুৰ কৰিছে বুলি স্বীকাৰ কৰিব লাগিব!!
নাজমা বাৰ উত্তৰ
মই চুৰ নকৰিলে কেনেকৈ স্বীকাৰ কৰিম?মোক চোৰ সজোৱা হৈছে!!
নহয় আপুনিয়েই চুৰ কৰিছে
নাই কৰা
---
এনেকৈ এঘন্টা পাৰ হল তথাপি নাজমা বাই স্বীকাৰ নকৰিলে তাই চুৰ কৰিছে বুলি!!
আচলতে সেইদিনা নাজমা বাৰ ৰূমমেট আৰ্চীৰ আঠহাজাৰ টকা হেৰাইছিল৷কথাটো গধূলি প্ৰাৰ্থনা কৰা সময়ত সকলোকে জনোৱাত সকলো কোঠাৰে ভি.আই.পিৰ তালাচী চলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল৷যেতিয়া নাজমা বাৰ ভি.আই.পি খোলাৰ পাল আহিল তেতিয়া নাজমা বাই তাইৰ ভি.আই.পিৰ ছাবি বয়ফ্ৰেণ্ডৰ হাততহে থাকে বুলি জনালে৷শেষত হোষ্টেলৰ ছোৱালীবোৰে ভি.আই.পিৰ বেলেগ বেলেগ ছাবি লৈ খুলিবলৈ চেষ্টা কৰোঁতে ভি.আই.পিটো খোল খাই গল আৰু আৰ্চীৰ আঠহাজাৰ টকাখিনি ওলাই পৰাৰ উপৰিও আনগৰাকী ৰূমমেটে পিন্ধা কেইযোৰমান চুৰিডাৰ পিচো ওলাল৷নাজমা বাই তেনেকৈ ধৰা পৰি যোৱাত তাই সজোৰে প্ৰতিবাদ কৰিলে যে তাইক চোৰ সজোৱা হৈছে এইবোৰ সকলো ৰূমমেট সকলৰ ফন্দি৷কোনোপধ্যে নিজে কৰিছোঁ বুলি তাই স্বীকাৰ নকৰিলে৷
আচলতে নাজমা বাৰ যে চোৰ স্বভাৱ আছে সেইটো হোষ্টেলত অপেন চিক্ৰেটআছিল৷নাজমা বাই কেৱল এইবোৰেই চুৰ কৰা নাছিল, ইটো সিটো ৰূমৰ পৰা কফি কাপ, ফণি, পাউডাৰ আদিও চুৰ কৰিছিল৷পিছত সকলোৱে বুজি পাইছিল যে নাজমা বাৰ এই চোৰ স্বভাৱটো মানসিক সমস্যাৰ অন্তৰ্গত যাক ডাক্তৰী ভাষাত ক্লেপটমেনিয়া বুলি কোৱা হয়৷
০০০০০০০০০০০০০০০০০
ভেলেন্টাইন ডেৰ দিনা মই নিবিড়ৰ পৰা এখন চিঠি পাইছিলোঁ৷মই চিঠিখন প্ৰিয়াৰ যোগেৰে পাইছিলোঁ৷ এইবাৰ এইকথা জনাবলৈ মোৰ মৰমৰ জয়া বাইদেউ নাছিল৷প্ৰিয়াই মোক নিবিড়ৰ পক্ষত কৈছিল আৰু চিঠিখন পঢ়ি চাবলৈ অনুৰোধ কৰিছিল৷
মই ভয়ে ভয়ে কৌতুহলেৰে মেলি চাইছিলোঁ চিঠিখন৷চিঠিখন খুলি চায়েই অবাক হৈ ৰৈ গৈছিলোঁ মই!ইমান সুন্দৰ আখৰ!!যেন মুকুতা-মণি!!তাৰ চকু দুটাৰ দৰেই ধুনীয়া তাৰ আখৰবোৰো!কি লিখিছিল নিবিড়ে? ভালপোৱাৰ কথা!!এৰা, ভালপোৱাৰ কথাই লিখিছিল সি!চিঠিখন পঢ়ি সেইদিনা ৰাতি মই জোনৰ জোনাকলৈ চাই ৰৈছিলোঁ৷মনৰ চেতাৰখন যেন বাজিছিল!এক স্নিগ্ধ কোমল সুবাসে চুই গৈছিল মোক!
মই ভাবি ৰৈছিলোঁ মানুহ এনেকৈয়ে প্ৰেমত পৰে নেকি? মোৰ সপোনৰ ৰাজকুমাৰ এইজনেই নে যাক মই বছৰ ধৰি মনৰ গহণত লুকুৱাই ৰাখিছোঁ?এইজনেই নে সেইজন পুৰুষ যাৰ সতে মই বিয়াত বহিম!!
সেইদিনা এটি উজাগৰী ৰাতি পাৰ কৰিছিলোঁ মই!কিমান যে কথা ভবা নাছিলোঁ!জীৱনৰ কথা!! নিবিড়ৰ কথা!!
০০০০০০০০০০০০০
পিছদিনা দেওবাৰ আছিল৷নিবিড় আহিছিল মোক লগ কৰিবলৈ৷গেইটৰ মুখতে ৰৈ আছিল সি!মই প্ৰিয়াক লৈ তাৰ ওচৰলৈ গৈছিলোঁ৷কিবা এক লাজত ৰঙা-চিঙা পৰিছিলোঁ মই৷প্ৰিয়াই বাহানা উলিয়াই নিবিড়ৰ লগত কথা পাতিবলৈ মোক সুবিধা কৰি দিছিল৷সি মোক সুধিছিল
:
কালি চিঠিখন পাই তুমি কিবা ভাবিলানে?
মই কৈছিলোঁ
:
মই মা-দেউতাৰ সমৰ্থনতহে বিয়া সোমাম৷মা-দেউতাৰ পছন্দক মই অগ্ৰাধিকাৰ দিম৷মা-দেউতাৰ সিদ্ধান্তই মোৰো সিদ্ধান্ত হব৷
:
কে, মই তোমাৰ মনৰ কথা জানিলোঁ৷তথাপি কওঁ-তুমি মোৰেই কইনা হবা মানে মই তোমাকেই বিয়া পাতিম নিবিড়ে কৈছিল
:
মই মৌন হৈ আছিলোঁ

নিবিড়ে মোৰ পৰা বিদায় লৈ গুছি গৈছিল কিন্তু এৰি থৈ গৈছিল যেন সুবাসিত সময়!!প্ৰিয়াই আহি মোক জোৰকৈ চিকুটি দিয়াত হে সম্বিত ঘূৰাই পাইছিলোঁ৷
:
, এতিয়া গা ধুব লাগে
প্ৰিয়াই মোক টানি নিয়াদি হোষ্টেললৈ লৈ গৈছিল আৰু মণিমালাহঁতক চিঞৰি মাতিছিল,তাৰপিছত মোৰ ওপৰত বাল্টিয়ে বাল্টিয়ে পানী ঢালিছিল সিহঁতে ফূৰ্তিতে!!মই চিঞৰিছিলোঁমই এতিয়াও নিবিড়ক য়েছবুলি কোৱা নাই, কিন্তু সিহঁতে মোৰ কথা নুশুনিলে!!নিবিড়ৰ নামত জুৰুলি-জুপুৰিকৈ গা ধুব লগা হৈছিল মই!! (আগলৈ)   --  মৌচুমী বৰি

No comments:

Post a Comment