Monday, 19 June 2017

তেওঁতো অবিনাশী...

তেওঁতো অবিনাশী...
(
ৰাভাদেউৰ স্মৃতিত...)
               -- জয়ন্ত আকাশ বৰ্মন
তেওঁৰ হাতত হেণ্ড্কাফ নোজোৰে
শিশু কৃষ্ণক বান্ধিবলে' যশোৱা ভাগৰি পৰে
দুই আঙুল ৰছীত তেওঁৰ সমুদ্রসম শকতি!
তেওঁ খালৰ বোকা বিলৰ পানীত শুৱে
জকাইচুক গাওঁলৈ তেওঁ নক্ষত্র আনে।
তেওঁ ভোক হৈ জ্বলে, হাতুঁৰী হৈ মাৰে
জুইৰ পতাকা দেখি সিহঁত কঁপে...
তেওঁ ধ্বংসৰ তাণ্ডৱ নাচে
বিশ্বৰ ছন্দে ছন্দে
তেৱেঁই তমোহৰ দেউৰ আৰাধনা ৰচে ।
সুৰৰ দেউলত তেওঁ
মুকুতিৰ থাপনা থাপে।
এৰাবাটৰ পথাৰত তেওঁ‌
শাওনৰ সেউজ কঠীয়া সিঁচে!!
বুকুৰ এফাল তেওঁৰ আঙঠা
বুকুৰ এফাল তেওঁৰ নঙঠা
তেওঁৰ কলিজাত সোনপাহি
সৃষ্টিকামী মুক্তিকামী অমোঘ শিৰে
তেওঁ
নটৰাজ হৈ উৰে...
শুচিবায়ুৰ আবাসীবোৰ তেতিয়া তেজপিয়া মহ,
বন্ধকী বিবেকবোৰ তেতিয়া নিমাওমাও শৱ।
ধীমান তেওঁ দূৰ নক্ষত্র
তেওঁ দধিচীৰ অস্থিভষ্ম
অৱৰূদ্ধ আত্মাবোৰত মুকুতিৰ সপোন সানে,
নিপীড়িত চকুবোৰত তেওঁ
অগনিৰ শানিত স্ফুলিঙ্গ থাপে !
তেওঁ একুৰি পাঁ‌চ হাজাৰ বিঘা জমিনৰ ৰজা,
খাবলে' নোপোৱা শুবলে নোহোৱা
তেৱেঁ‌ই দাল-দৰিদ্ৰ আঘোনা প্ৰজা।
পৰজনমৰ শুভলগনৰ আকাংক্ষাৰে
প্ৰিয়েৰ চকুত আকূতি মন্ত্ৰ গায়,
ঢলি অহা ৰঙাবেলিৰ ৰঙেৰে
তেওঁ কল্যাণ খৰমান ৰাগিনী বীণ বায়।
তেওঁতো মৰা নাই
আকাশে বতাহে দাসত্বৰ প্ৰাচীৰ ভাগি
বিশ্বৰ চুকে কোনে মঞ্চে মঞ্চে আজি
(
নহ'লে)

পৰ্বত পাহাৰ নৈ কপাঁ‌ই
সেয়া কোনে গান গায় !!

No comments:

Post a Comment