Tuesday, 20 June 2017

আজিৰ গদ্য

আজিৰ গদ্য
--------------------
#চামচুল
হক
নকওঁ বুলিও কিছু কথা ক'ব লাগে
নিদিওঁ বুলিও বহুতো প'ষ্ট দিব লাগে
কাৰণ আমাৰ সমাজত এতিয়াও
এনে কিছু লোক আছে
যিসকলে আবেগত উটি ভাহি ফুৰে
যিসকল মোহগ্ৰস্ততাত অন্ধ
যিসকলে এতিয়াও
ধৰ্ম আৰু বিজ্ঞানৰ প্ৰভেদ বুজি নাপায়
যিসকলে বোপাককাৰ সহজটোতে
আঁকোৰগোজ হৈ লাগি থাকে
যিসকলে ডিজিটেল ইণ্ডিয়াৰ কথা কয়,
ইন্টাৰনেট চায়,
অথচ বিশ্ব-নাগৰিক হোৱাৰ যোগ্যতাকণ
হেৰুৱাই পেলাইছে
যিসকল ছদ্মবেশীয়ে ধৰ্মক
শোষণৰ হাতিয়াৰ কৰি লৈছে
যিসকলে অকল আধিপত্য বিস্তাৰৰ বাবেই
বগলী ভকতৰ ভাও ধৰে
যিসকলে চকুত ৰ'দচছমা পিন্ধি
যুক্তি হেৰুৱাই পেলাইছে
আৰু স্নায়ুৰ উত্তেজনাৰে ওফাইডাং মাৰে
সেইসকলৰ বাবে
অঁ , সেই নীলা শিয়ালবোৰৰ বাবে
কিছু কথা ক'ব লাগে ৷

( ৰচনাকাল: ৰাভা দিৱস , ২০১৭)

No comments:

Post a Comment