Sunday, 18 June 2017

পুতাইক পিতাই

পুতাইক পিতাই
===========
পুতাই অ"
তই মোৰ অতীত বর্তমানক সাঙুৰি
এটি কাঙ্খিত ভৱিষ্যতৰ প্রতিলিপি
জনমৰ পৰা পলে পলে মৰি থকা মই
জী উঠো তোৰে মাজতে নিমেষে নিমেষে
মোৰ সফলতাখিনিক জিলিকাই
বিফলতাবোৰক মষিমূৰ কৰি
এটি ফিনিক্সৰ দৰে
মনত আছেনে তোক বোকোচাত তুলি
ধূলিৱৰি আলিয়েদি লৈ যোৱা পঢ়াশালীলৈ
ওৰে পথ তোৰ মন-পথাৰত
উদগনীৰ কঠীয়া সিঁচি সিঁচি
তোৰ আজিৰ সফলতাৰ ফচল চপাবলৈ
যাৰ উজ্জ্বলতাই
চাত মাৰিছে তোৰ চকুত এতিয়া
সিদিনাই মাটিৰ লগত তোৰ এৰাএৰি
মোৰ দৰে নহল কাহানি
তোৰ হাত-ভৰিৰ নখ ক'লা
নিমঁজ গোৰোহা ফাটি চিৰাচিৰ ন'হল
চহা খেতিয়কৰ পুতাই তই
দাখিল হ'লি চাহাবী কিলাছত
পাছ কৰাৰ জখলা বগাই
লাহে লাহে তই আগুৱাই গ'লি
তৰাফুলেৰে শুৱনি ফুলনিৰে
ফেল মৰা তোৰ পিতাই আৰু আইক
এৰি বোকা গৰকা পথাৰত
আঙুলি ধৰি তোক খোজ কাঢ়া শিকালো
আজি মোৰ লাখুটি ধৰিবলৈ আজৰি নাই
টিপটপ তোৰ কাপোৰকানি
মোৰ উদং গাৰ ফটা গেঞ্জিত
ঘামে গোন্ধাই
যি পিঠিত লৈ তোক ওমলাইছিলোঁ
আজি দোঁ খোৱা ধেনুভিৰীয়া
বয়সৰ বাবে নহয়
অসহায়তাৰ ওচৰত সেওঁ মানি
ভুলতে কেতিয়াবা আহি ওলালে
তোৰ সজাই পৰাই চিকুনাই থোৱা
চহৰীয়া আৱাসৰ খোৰোঙলে
লাজ পাৱ তই আনৰ আগত
লাজতে মৰি যাও মই
মোৰ মিল নোখোৱা স্বৰূপটি লৈ
পুতাই অ
তই বাৰু আহিব নেলাগে
বোকা পানীৰে লেতেৰা গাওঁৰ ভগা পঁজাত
ময়ে আয়ে মাজে মাজে আহি চাই যামহি তোক
দূৰৰে পৰা
সেই খিনি সুখ নিনিবি কাঢ়ি
ভয় নেখাবি
নিগাজী হৈ ৰৈ নাযাওঁ তোৰ কাষত
বিধাতাৰ অদৃশ্য ছুৰীয়ে
ডুখৰীয়া কৰিলে
আমাৰ অতীত
মোৰ বর্তমানৰ পৰা
তোৰ সোনোৱালী ভৱিষ্যত
দুই পৃথিৱীৰ বাসিন্দা আমি

- জ্যোতিষ ( ১৮/০৬/২০১৭)

No comments:

Post a Comment