Saturday, 17 June 2017

নাদ

নাদ
চকুৰ আগত ভাঁহি উঠিল
এটা সুগভীৰ নাদ
তললৈ ভূমুকিয়ালোঁ
একোকে নেদেখা আন্ধাৰ
নাদৰ গভীৰতা চাবলৈ
দিব্যদৃষ্টি্ নে পোহৰ লাগে
নুবুজিলোঁ
চকু চৰহাই নাদ আৰু ভেকুলীক
উপহাস কৰিলেও
নাদত বিশ্বাস স্থাপন কৰি
ভেকুলীয়ে বিচাৰি লব জানে
সাগৰ সম গভীৰতা
নাদবোৰ নাদেই
যেনেকৈ সাগৰ সাগৰেই
নাদেও মন গলে ধাৰণ কৰিব পাৰে আকাশ
পিয়াহত আশাৰে কাষ চাপিব পাৰি নাদৰ
সকলো শেষ হৈ যোৱা পৰত
নাদকে কৰিব পাৰি শেষ আশ্ৰয়
নাদে বিশ্বাসীক বিশ্বাসঘাতকতা কৰা
কোনো দিন শুনা নাই
তলত থকা পানীবোৰকে চাই চাই
নাদবোৰ তৰাং বুলি
ওপৰ চকুৱাই ভুলতে ভাবি থাকে
নাদৰনো কি আহে যায়
গভীৰতাই নাদৰ সম্পদ
নাদবোৰ স্থিতপ্ৰজ্ঞ
নৈৰ বাট হেৰালেও নাদৰ বাট নেহেৰায়
পূৰ্ণিমাৰ জোনে খেলি থাকিলেও
নাদ সদায় নিৰ্লিপ্ত
নাদতে থাকে নেকি পাতালৰ ঠিকনা
নাদে জানো ক
নিজৰ গভীৰতাৰ ৰহস্য

নাদটোৰ গভীৰতা বুজিবলৈ
জুমি-জামি চালোঁ
দেখিলোঁ জোন
ভাবিলোঁ দিনতহে চাম
নিজকে দেখিলোঁ তাত
বুজিলোঁ
নাদৰ গভীৰতা জোখা নহব কোনোদিন
-----
দুলাল হাজৰিকা--

No comments:

Post a Comment