।।অনাকাংক্ষিত।।
---ණ ৰঞ্জন বৰ্মন
ছন্দ হেৰুৱা
কবিতাৰ দৰে
নজনাকৈয়ে
কেতিয়াবা মই মোক হেৰুৱাই পেলাওঁ
নজনাকৈয়ে
কেতিয়াবা মই মোক হেৰুৱাই পেলাওঁ
মই মোক বিচাৰি
চলাথ কৰো
মোৰ মাজত
অথচ
মই মোক চিনি নাপাওঁ
মোৰ মাজত
অথচ
মই মোক চিনি নাপাওঁ
যিফালেই চাওঁ
সিইফালেই পৰিৱৰ্তন
সিইফালেই পৰিৱৰ্তন
জুপুৰিবোৰ
অট্টালিকালৈ
গাঁওবোৰ নগৰলৈ আৰু মানুহবোৰ ৰবটলৈ
গাঁওবোৰ নগৰলৈ আৰু মানুহবোৰ ৰবটলৈ
পৰিবৰ্তনৰ খদমদমত
জঁট লাগে মোৰ খোজ
আৰু টানি এৰুৱাব নোৱাৰো ভৰি
জঁট লাগে মোৰ খোজ
আৰু টানি এৰুৱাব নোৱাৰো ভৰি
মই তেনেকৈয়ে টোপনি
যাওঁ
সপোনত দেখোঁ
মাটিত সৰি পৰা জেঠীৰ চিঙা নেজৰ চটফটনি
সাৰ পাই সপোনত দেখোঁ
মাটিত সৰি পৰা জেঠীৰ চিঙা নেজৰ চটফটনি
বুকুত চুই চাওঁ
সেই একেই চটফটনি
No comments:
Post a Comment