Wednesday, 14 June 2017

লগ পাম দিয়ক নহ'লে,এদিন

লগ পাম দিয়ক নহ'লে,এদিন
                 -- প্ৰশান্ত শৰ্মা  °°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°|
লগ পাম দিয়ক নহ'লে,এদিন
আপোনাৰ মুখৰ সন্মুখত
এমুখ হৈ বহিম
আপুনি ক'
মই শুনিম
মই ক'
আপুনি জানো…………?
আপোনাক তুলি ধৰা মিহি কাপোৰসাজৰ পৰা
'জন স্তৰত ওলোৱা ফুটাৰ পৰিসৰলৈকে
আপোনাৰ প্ৰিয় লিপষ্টিকৰ ৰঙৰ পৰা
চীনা আক্ৰমণৰ সম্ভাৱনীয়তালৈকে……
সকলো কথাই পাতিম
নাপাতিম মাথো সেই কথা
যি কথাৰ মূৰত দলং এখন থাকে
দলং খন পাৰ হ'লেই
ৰঙচুৱা হিয়া এখনৰ হাতত ধৰি
খোজ কাঢ়িব পাৰি
চিন্তা নকৰিব………
আপুনি কাটি দিয়া 'লক্ষ্মণ আঁক'
পাৰ নকৰিম……
এতিয়া কওক
নাহিব জানো……?

মই হ'লে ৰৈ থাকিম

No comments:

Post a Comment