Thursday, 29 June 2017

জুই ছাই বকুল

~জুই ছাই বকুল...~ জয়ন্ত আকাশ বৰ্মন
ট্রাকখনৰ পিছে পিছে মই দৌৰি থাকিলো। এহাতত মোৰ আঠবছৰীয়া ভাই ইনজাম, আনখনত এই সৰি যাওঁ এই মৰি যাওঁ মোৰ জীউটো । ধোঁৱা উৰুৱাই , ধূলি উৰুৱাই , তেজ গলাই, শৈশৱৰ কেঁচা ঘাম সৰুৱাই আমি দৌৰি থাকিলো, বাৰচকীয়া ট্রাকখন অনুসৰণ কৰি । ধোঁৱাই আমাক আগুৰি ধৰে, দুভৰি শিলে কাটে। দুই ভাই মৰণ ভেদি দৌৰি থাকো পদ্মানদীৰ পাৰে পাৰে, বাৰুদৰ মাজে মাজে, চিৎকাৰ-আর্তনাদৰ ফাঁকে-ফাঁকে...
মছজিদবোৰ এতিয়া সেনাৰ ছাউনী। অজু নহয়, হাতবোৰ হাতোঁৰা, তেজবোৰ পানী। বিধ্বস্ত কোনো এক মছজিদৰ পৰা মগ্ৰীবৰ আজানৰ সুৰ উটি আহিছে। আল্লাহু আকবৰ... আৰু ক'লা ছাইৰ কিৰীলি।
কটা শিল এটাত খুন্দা খাই মই উফৰি পৰো। কপালত তেজ ওলায়। ইনজাম হেৰায়। কিছু আতঁৰত ইনজামৰ ফোঁপনি মই আন্ধাৰতেই শুনা পাওঁ। কান্দিবও পাহৰি যোৱা তাৰ এযুৰি ভয়ার্ত চকু! উশাহৰ বাবে অকন অম্লজান নাই। এন্ধাৰৰ মাজতেই দুয়ো মাটিত বহি পৰিলো। চাৰিখন কোমল হাতেৰে মাটি চুই, কপাল মাটিত লগাই নামাজৰ পঢ়িলো। হে আল্লাহ, জুইবোৰ নুমাই দিয়া। পদ্মানদীক আকৌ বব দিয়া।
কেইবা মাহো আমি আব্বাজানক দেখা নাছিলো। আগতে কেতিয়াবা দোভাগ ৰাতি ঘৰলৈ আহিছিল, চুপি চুপি। আম্মাৰ লগত কথা পাতিছিল। কিমান সময়? এক মিনিট, দুইমিনিট। আম্মাই আব্বাক সাৱটি ধৰিছিল। দূৰত ক'ৰবাত মিলিটেৰী ট্রাকৰ শব্দ হৈছিল,বুকুৰ পৰা আম্মাক আঁতৰাই আব্বা পলাই গৈছিল, অহা বাটেৰেই। যাওঁতে আব্বাই আমাক , এবাৰ বুকুত সাৱটি চুই চাইছিল। আব্বা যোৱা বাট এন্ধাৰৰ মাত। আব্বা যোৱা বাট সূর্যোদয়ৰ বাট।
পিছদিনা স্কুলৰ পৰা যেতিয়া আমি আহি আছিলো, হঠাৎ মিলিটাৰীৰ গাড়ী এখন আমাৰ ওচৰত ৰৈছিল। ভয়ত আমি পলাইছিলো। বাওঁফালৰ পথাৰৰ লুংলুঙীয়া বাটেৰে আমি নামি গৈছিলো। পথাৰত আমি ৰৈ দেখিছিলো, জুৰি নাইচোন আমাৰ লগত। একেলগে আহি আছিলো। তাইৰ আজি বাৰ বচৰীয়া জনমদিন। তাইতো হাতত 'কলেট লৈ আছিল। গছৰ তলত আমাক ভগাই দিয়াৰ কথা। সিদিনা সন্ধিয়া আর্মি কেম্পৰ পিছফালৰ পথাৰৰ সেই গছডালৰ তলত পৰি আছিল জুৰিৰ দ্বাদশী শৰীৰ, নিম্নাংশ তেজে ধোৱা, তেজে বোৱা।
নিশা মৰণকাতৰ চিৎকাৰ শুনিছিলো, অবিৰাম। ভয়ত কোনো ওলাই যোৱা নাছিল। ৰাতিপুৱা দেখিছিলো হিন্দু গাঁওখন ছাই হৈ আছিল। মানুহবোৰ নাছিল। বিকৃত বিচ্ছিন্ন পোৰা মাংসৰ টুকুৰা কিছুমান, এটাৰ ওপৰত আনটো পৰি আছিল। কাউৰীবোৰে সেই শৱ খাবলৈ ভয় কৰিছিল। শগুণবোৰো পলাইছিল।
মোৰ আব্বা মুক্তিবাহিনীৰ সৈনিক আছিল। কেতিয়াবা আব্বাহঁতে আমাৰ ঘৰত লগ লাগি কিবা মিটিং কৰিছিল। এঘাৰ-বাৰ বছৰীয়া মোৰ মগজুৱে একো ঢুকি নাপাইছিল। মাত্র দুটা শব্দ শুনিছিলো-মুক্তি আৰু স্বাধীনতা। লগতে বঙালী ভাষা, উর্দু ভাষা ইত্যাদি। বঙালী ভাষা আমাৰ ভাষা। তো, পশ্চিম পাকিস্তানে কিয় উর্দু ভাষা আমাক জাপি দিব? পাকিস্তানৰ ইনহিউমেন ৰিপ্রেছন ওফৰাবই লাগিব। এইবোৰ শুনিছিলো, মনত আছে ৰিণিকি ৰিণিকি। মই একো বুজি নাপাইছিলো। আব্বাহঁত ৰাতিয়েই গুছি গৈছিল।
এইবাৰ উঠি মই ইনজামক হাতত ধৰি ল'লো। আৰু পুণৰ আগুৱাব ল'লো। মোৰ কোনো ধাৰণা নাছিল , মোৰ ঘৰ এৰি কিমান দূৰ পাইছোহি, কি ঠাই পাইছোহি। ৰাতি ভালেখিনি হৈছিল। পিছফালে ধাৰাষাৰে বাৰুদ জ্বলিছিল, গুলী ফুটিছিল, ছাই হৈছিল, তেজ হৈছিল, ঘৰ জ্বলিছিল, পানীবোৰ উতলিছিল।
পথৰ দাঁতিত এখন সৰু হোটেল দেখি আমি সেমাই গৈছিলো। মালিকজনে আমাক ৰুটী দুখন খাব দিছিল। ৰুটীখনে কেনেবাকৈ আমাৰ প্রাণ ৰখাইছিল। এখন ট্রেক্টৰ চলি আছিল আন্ধাৰে আন্ধাৰে। কেৰিয়াৰত অসংখ্য মানুহ। আমি দৌৰি গৈ তাত উঠিলো। ইনজামক উঠাব লওঁতে সি পৰি গ'ল। মই জাপ মাৰি ট্রেক্টৰ খনৰ পৰা নামিলো। আমাক এৰি ট্রেক্টৰখন গুচি গ'ল। অলপ পিছত দেখিলো জুন্টা কেইজনমান সেনাই ট্রেক্টৰখন ৰখালে। মহিলাখিনিক নিজৰ গাড়ীত তুলি বাকীবোৰক এটা এটাকৈ গুলীয়াই মাৰিলে। ইনজাম কন্ঠৰূদ্ধ হৈ পৰিছিল। তাৰ অকনি হৃদয়খনে নৰক দেখি গোট মাৰিছিল।
আব্বাজানক বহুতদিন দেখা নাছিলো আমি। আণ্ডাৰ গ্রাউণ্ড আছিল। কোনোৱে কৈছিল ইণ্ডিয়াত ট্রেইনিং লৈ আছে। ইণ্ডিয়ান এয়াৰ ফ'র্ছে নিৰাপত্তা দিছে। ইয়াত আমি মৃত্যু সংশয়ৰ মাজত জীয়াই আছিলো। জুই ধোঁৱাৰ মাজতেই আম্মাৰ লগত আমি আছিলো । সিদিনা আম্মাই মোক ওচৰৰ দোকানখনৰ পৰা নিমখ আনিব পঠালে। ভাই ইনজামো মোৰ পিঠিত উঠি বহিল।
দোকানৰ পৰা উভটি গৈ দেখো জুন্টা বাহিনীয়ে আমাৰ ঘৰ লুট কৰি আছে। মা থক্ থককৈ কঁপি আছে-এৰি দিয়ক মোক। এৰি দিয়ক। চাওঁক, সেয়া মোৰ সন্তানে চাই আছে। মাক উঠাই সিহঁতে গাড়ী চলাই গুচি গ'ল। কোনোবাই আমাক প্রচণ্ড গোৰ মাৰিলে। ইনজাম আৰু মই চিটিকি পৰিলো। এজনে আমাক মাৰিবলৈ বন্দুক উঠালে। আমি পলালো...
এখন বাৰচকীয়া ট্রাকৰ পিছে পিছে আমি দৌৰিলো, এখন হাতত মোৰ আঠবছৰীয়া ভাই ইনজাম, আনখনত এই সৰি যাওঁ এই মৰি যাওঁ মোৰ জীউটো। অলপ আগত ট্রাকখন ৰ'ল। আমি দুয়ো ভয়তে এটা পুৰণি লাইট প'ষ্টৰ আঁৰ ল'লো। সিহঁতে মানুহবোৰ নমাই আনিলে। পথৰ দাঁতিৰ ফিল্ডখনত,শাৰী পতাই থিয় কৰাই দিলে। আমি আধাঘন্টা ধৰি এটা এটাকৈ গুলীৰ শব্দ শুনিলো। তাৰ পাচত সিহঁতে মৰাশ বোৰ পেট্র'ল ঢালি জ্বলাই দিলে।
আমি চাপৰি চাপৰি সেই ঠাইৰ পৰা আঁতৰিলো। ইনজাম বেচেৰাই একো দেখা নাই যেন। তাৰ চকু ভাবলেশহীন। ভিতৰত জুই চাগে'। আন্ধাৰৰ মাজতেই আমি এজন মানুহ নামি অহা দেখিলোঁ। মই স্পষ্ট চিনি পালো, সেই ৰিপ'ৰ্টাৰ জন। আমাৰ স্কুলত এবাৰ বক্তৃতা দিবলে আহিছিল। কৈছিল-সমুখত যিমান ওখ পর্বত আহিলেও জীয়াই থাকিলে মই সেইখন পর্বত বগাম। আমি তেখেতৰ ওচৰলৈ গ'লো। তেখেতে আমাক মনে মনে এটা পথেদি লৈ গ'ল। এটা তুলনামূলক ভাবে স্থিৰ পথত আমাক তুলি দি ক'লে-পোনে পোণে আগবাঢ়া। আল্লাই ৰক্ষা কৰিব। ঢাকা বিশ্ববিদ্যালয়ৰ ষ্টুডেন্ট খিনি প্রথমতেই মৰিছিল, সিহঁতে মাৰিছিল। আমাক পথ দেখুৱাবলৈ কোনো বাচি নাছিল।
... ... ... ... ... ...
মই এটা ট্রেভেল এজেন্সি চলাও। ন'র্থ ইষ্ট ইণ্ডিয়াৰ অফ বিট স্পটবোৰ এক্সপ্ল'ৰ কৰাত আমাৰ এজেন্সি অগ্রগামী। এদিন আমাৰ ক'ম্পেনীৰ মেইলব'ক্সত এখন লেটাৰ আহিল। বাংলাদেশৰ চুপ্রিম ক'র্টৰ
জাষ্টিছ হাচানৰ পেডত। লিখিছিল ন'র্থ ইষ্টৰ ম'হেশখোলা গাওঁখন ভ্রমণ কৰিব বিচাৰে। খৰছৰ বাবে চিন্তা কৰিব নালাগে।
মই তেনে কোনো গাওঁৰ কথা শুনা নাছিলো। নেট চাৰ্চ কৰিও বিশেষ একো ইন্ফৰ্মেছন নাপালো। কেৱল গম পালো ই ত্রিপুৰা আৰু মেঘালয়ৰ সীমান্তত অৱস্থিত। জিলাখনৰ নাম পালো। মোৰ এজন বন্ধু আছিল সেই জিলাত। মই ফ'ন কৰিলো। সি জনালে যে তেনেকুৱা নামৰ গাওঁ এখন আছে। কিন্তু একো বিশেষত্ব নাই। ই টুৰিষ্ট স্পটো নহয়। এখন তেনেই সাধাৰণ দুখীয়া, বিশেষত্বহীন গাওঁ।
মই এই ইনফর্মেছনখিনি জাষ্টিছ হাচানলৈ মেইল কৰিলো। তেখেত উৎফুল্লিত হৈ মোক ফ' কৰিলে। বিশেষত্বহীন গাওঁখনেই মোৰ প্রাণ। সেই দুখীয়া গাওঁগনেই মোৰ প্রাচুর্য। তাৰ বতাহেই মোৰ উশাহ, তাৰ পানীয়েই মোৰ তেজ, তাৰ অস্তিত্বই মোৰ জীৱন। আপুনি এৰেঞ্জ কৰক। এই মাহৰ .....তাৰিখ। এটা অনুৰোধ, প্লিজ, কিপ দিছ চিক্রেট। মোৰ এই আত্মাৰ অনুসন্ধান যাত্রাত মোৰ একান্ত স্মৃতিৰ বাহিৰে আন একোৰে অস্তিত্ব সহ্য নহব। ধন্যবাদ।
..... ..... ..... ..... ...... ...... ......
সেই বতাহ এতিয়াও আছেনে? আছেনে সেই স্কুলখন। ভঙা ছিঙা, এল টাইপ গঢ়নৰ সেই স্কুলখন। তাৰ বাতামৰ ক'লা কাঠবোৰ । য'ত মই লিখি চক পেন্সিলেৰে লিখি আহিছিলো 'জীৱন ধ্বংস হব পাৰে, পৰাজিত নহয়!' আৰু সেই উঁয়ে খোৱা কাঠৰ পুৰণা বেঞ্চিবোৰ, 'ত বহি আমি এখনকৈ ৰুটী খাই আত্মাটো বচাই ৰাখিছিলো, উশাহ লব পৰাকৈ... মহেশখোলা, সেই মহেশখোলা গাওঁ।
ভাই ইনজাম আৰু মই কেনেকৈ গৈ পাইছিলো সেই গাওঁ!! এজন সাংবাদিকে আমাক বাট দেখুৱাইছিল। কোনোবাই আমাক এখন বাছত উঠাই লৈ গৈছিল সেই গাওঁলৈ। অসমৰ মহেশখোলা গাওঁ। এৰা, তেতিয়াতো অসমেই আছিল ! তেতিয়া আমাৰ দেশখনো পূর্ব পাকিস্তানেই আছিল।
আৰু মহেশখোলা গাওঁৰ সেই ছোৱালীজনী। আমাৰ আশ্রয় শিবিৰত খাদ্য অনিয়মীয়া আছিল। কেতিয়াবা দুদিনলৈয়ো একো খানা নাছিল। খানা দান কৰিবলৈ অহা স্কুলখনৰ ছাত্র-ছাত্রীৰ মাজত তাইৰ মুখখন উজলি আছিল। কিমান আছিল তাইৰ বয়স, বাৰ বছৰ মানেই হব। মোৰ তেতিয়াৰ বয়সৰ সমান। বিষাদ সুন্দৰ মুখনি তাইৰ । সদায় আহিছিল , মোক খাদ্য দিবলৈ। মোক সাধু শুনাইছিল, আত্মবিশ্বাসৰ । মোক ডায়েৰী এটা দিছিল, লিখি যাবলৈ। ভিতৰত যে বকুল ফুল কেইটামান ভৰাই দিছিল ডায়েৰীটোৰ ।
পিছদিনাই আমাৰ মাতৃভূমিয়ে স্বাধীনতা লাভ কৰিছিল। আমাক এখন বাছত উঠাই বাংলাদেশলৈ লৈ আহিছিল। মই তাইলৈ ৰৈ আছিলো। তাইৰ অহাৰ সময় হোৱা নাছিল। কোনোবাই ইনজাম আৰু মোক বাছত টানি উঠাই দিছিল। চোটু ইনজামেৱো কিবা এটা বুজিছিল চাগে'। সি মোক কৈছিল, বাছখন অলপ দেৰিকৈ আহিব নোৱাৰিলে নে! আৰু মোৰ মুখৰ ফালে চাই হাঁহিছিল।
ইয়াত আমি আম্মাক আৰু বিচাৰি নাপালো। আব্বাহঁতৰ আন্দোলনে স্বাধীনতা আনিলে। মোৰ হিন্দু বন্ধুবোৰ ছাই হ', প্রায় সকলো। মই ছাই হ'লো, কলিজাত। পথৰ দাঁতিত অগণন জাৰজ সন্তানৰ কান্দোন, কোনোবাটো ইতিমধ্যেই গেলিব আৰম্ভ কৰিছে। পুণঃ মুকলি কৰা হষ্পিটালবোৰত শ শ অবিবাহিত গর্ভবতী ।
মুক্তিকামী কবিসকল, শিল্পীসকল, শিক্ষকসকলক মুক্ত কৰি দিয়া হৈছে বেহেস্তলৈ । নলাবোৰত ৰঙা মাছ ।সোণেৰ বাংলা , সোণেৰ বাংলা। সোণবোৰ ক'????
মই ইনজামক মাতিলো-ইনজাম। সি আহিল। ব'ল-জীৱন অলপ পিছুৱাই চাই আহো! ইনজামে ক'লে-মহেশখোলা?
মই মূৰ ডুপিয়ালো। বিছাৰি পালা? ইমানদিন বুকুতহে কঢ়িয়াই লৈ ফুৰিছিলা ! মই 'লো-আল্লাহ তালাই আজি পাঁচটা দশকৰ পিছত হ'লেও পঠিয়াব খুজিছে। মহেশখোলায়েতো আমাক জীয়াই ৰাখিলে। ইনজামে হাঁহিলে-বকুল ফুল? মই হাঁহিলো। ইনজামে তাৰ অফিছত ফোন লগালে- 'মই এমাহ ছুটী ল'ম। মই নথকা কেইদিন দিষ্ট্রিকখন চাব'
*** *** ***
এইবাৰ ট্রেভেল গাইড হিচাপে মহেশখোলালৈ মই নিজেই ওলালোঁ। আছে, স্কুলখন তেনেদৰেই আছে। মামৰে সামৰি নিয়া গজালবোৰ, সহস্ৰ ফুটাৰে ঘৰৰ টিনৰ চালিখন … . গাড়ীৰ পৰা নামি দুই ভাই , জাষ্টিছ হাছান আৰু ইনজামে স্কুলখনৰ বাৰাণ্ডাত মাটিতেই বহি পৰিছে। আকাশৰ ফালে চাই হাঁহিছে, না না , কান্দিছে। দুয়ো কান্দিছে। স্কুলৰ পুৰণি বেঞ্চিবোৰ দুয়ো সাবটি ধৰিছে। মাটিৰ মজিয়া খনত চকুপানী সৰিছে-টোপ-টোপ। চকুপানীৰে সেমেকা মাটি বুকুৰে স্পৰ্শ কৰিছে।

ভঙা খিৰিকিখনেৰে জাষ্টিছ হাচানে দূৰলৈ চাই পঠিয়াইছে...লুংলুঙীয়া ৰাষ্টাটোৰ দুইপাৰে অচিন বুঢ়া গছবোৰ। ৰাষ্টাটো পাক খাই খাই কিছুদূৰত হেৰাই গৈছে। এটা শিশুৰ নিৰ্দোষ আশাৰেই জাষ্টিছ হাচানে চাই ৰৈছে-বকুলৰ সুবাস আছে নেকি ক'ৰবাত অকন ...

No comments:

Post a Comment