"কল্যাণৰ আশাত "
অপৰাহ্নৰ
স্পৰ্শেৰে তামবৰণীয়া মই
বাস্তৱৰ আৱৰণ পিন্ধিছো হয় ,,,,,,
কৰোবাবে একো কৰিব নোৱাৰাৰ
অনুভৱত দেই পুৰি নিয়া জীৱন ,
বাস্তৱৰ আৱৰণ পিন্ধিছো হয় ,,,,,,
কৰোবাবে একো কৰিব নোৱাৰাৰ
অনুভৱত দেই পুৰি নিয়া জীৱন ,
এই যন্ত্ৰণাবোৰ
দুৰ্বিসহ হৈ আহিছে
অকৰ্মণ্যতাৰে চাইছো আকাশ
সকলো ব্যস্ত নিজত আৰু নিজৰ বাবে
অকৰ্মণ্যতাৰে চাইছো আকাশ
সকলো ব্যস্ত নিজত আৰু নিজৰ বাবে
বেলি লহিয়ালে
দুচকুৰ হেঙুলীয়াত
সকলোৰে কল্যাণ বিচাৰিছো
হে পৰমপিতা ,,,,সকলোৰে ভাল কৰিবা ,,,,,,
দুচকুৰ হেঙুলীয়াত
সকলোৰে কল্যাণ বিচাৰিছো
হে পৰমপিতা ,,,,সকলোৰে ভাল কৰিবা ,,,,,,
জীৱনৰ শেষ
সন্ধিয়াত
অমানিশাৰ আওঁসী নাশি
জ্বলিছে আকাশ বন্তী
হাতীপটিৰ বাটেৰে নামিছে জগতলৈ ক্লান্তি
আশাবোৰ নিতাল মাৰি শুইছে
নিছিদ্ৰ এন্ধাৰৰ কোলাত ,
অমানিশাৰ আওঁসী নাশি
জ্বলিছে আকাশ বন্তী
হাতীপটিৰ বাটেৰে নামিছে জগতলৈ ক্লান্তি
আশাবোৰ নিতাল মাৰি শুইছে
নিছিদ্ৰ এন্ধাৰৰ কোলাত ,
বয়স আঙুলিৰ মূৰত
জোখিব নোৱাৰা লেখেৰে
,,,,,মই সাৰে আছো
জগতৰ কল্যাণৰ আশাত
ঈশ্বৰৰ ভৰসাত ।
,,,,,মই সাৰে আছো
জগতৰ কল্যাণৰ আশাত
ঈশ্বৰৰ ভৰসাত ।
জুলি বৰুৱা 17/6/2017
No comments:
Post a Comment