দৃশ্যপট
>হিৰণ্য কুমাৰ
>হিৰণ্য কুমাৰ
(এক)
সভ্যতাৰ শীৰ্ণ নখৰ আচোঁৰত
উন্দোলিত স্বপ্নধুসৰ নিলিমা ।
ৰাজধানীত মূখা পিন্ধা শিয়ালৰ জাকে
কুৰুকি খাই কুমটিৰ হাওদা,
লেমটৌ বোৰ ৰজা হয় ।
সভ্যতাৰ শীৰ্ণ নখৰ আচোঁৰত
উন্দোলিত স্বপ্নধুসৰ নিলিমা ।
ৰাজধানীত মূখা পিন্ধা শিয়ালৰ জাকে
কুৰুকি খাই কুমটিৰ হাওদা,
লেমটৌ বোৰ ৰজা হয় ।
(দুই)
ছিটিকি পৰা
অৱশিষ্ট বমি খিনিৰ বাবেও
খোৱা কামোৰা বুভূক্ষ কুকুৰৰ ।
খোৱা কামোৰা বুভূক্ষ কুকুৰৰ ।
( তিনি )
কামিহাড়ৰ জেওৰা
দিয়া ৰাজ অট্টালিকাত
সাৰে ৰয় নিমাতী কণ্যা,
আৰু নগ্ন ৰাজপথত পৰি ৰয়
সপোন দেখা জাৱৰৰ দ'ম ।
নেপথ্যত বাজি ৰয়.......
"আমাৰে মইনা টোপনি যাৱ,সোণৰ পালেঙতে...........।"
সাৰে ৰয় নিমাতী কণ্যা,
আৰু নগ্ন ৰাজপথত পৰি ৰয়
সপোন দেখা জাৱৰৰ দ'ম ।
নেপথ্যত বাজি ৰয়.......
"আমাৰে মইনা টোপনি যাৱ,সোণৰ পালেঙতে...........।"
No comments:
Post a Comment