Wednesday, 21 June 2017

#দূৰত্ব

       -- নীলাক্ষী গোস্বামী
'ত জানো হেৰাই গ'ল সেই সুবাসিত দিনবোৰ !
আজিকোপতি ঘূৰি নাহিল
মনত পৰে ____
ৰূপৰ চেঁকুৰা সিঁচি সময়ে বিলাই দিছিল মধুৰ নিৰ্য্যাস
তাৰেই আশ্বাসত নিৰ্মালী লোৱাৰ দৰে হাতপাতি লৈছিলো জীৱনৰ ইটো সিটো বহুতো
সময়ৰ সীয়নিত দৃঢ় আছিল ভালপোৱাৰ স্থিতি
কোনেও নেদেখাকৈ উটি গৈছিল
ইঘৰৰ বিষাদ সিঘৰৰ দুচকুৱেদি
দাঁতে ওঁঠে লাগিলেও
বা অভিযোগ অনুযোগে চুই গ'লেও
সিঘৰে ইঘৰৰ ল'ৰাক শাসন কৰাটো আছিল এটা দায়িত্ব,
এয়া যে সহজ সত্য
মনৰ গৰ্ভতহে পালিত হয় সুস্থ সম্পৰ্কৰ স্থায়ীত্ব
,সেই যে চিঞৰি মতা ,,,
"
বুজিছে বৰুৱা ,আজি বজাৰ কৰি আনিলোঁ ৰাতিপুৱাই
আহিব দুপৰীয়া, একেলগে এসাজ খাম উদৰ পুৰাই "
এতিয়া সিক্ত হ'বলৈ নাই তেনে স্নেহস্নিগ্ধ অনুভৱ
শূন্যতাই দেহৰক্ষী হৈ পুৱা গধুলিৰ ওপৰত নজৰ দিছে
এটা প্ৰাপ্তিৰ পিছত আনটো প্ৰাপ্তিলৈ
বন ফৰিঙৰ দৰে জপিয়াই থাকোতে
কি পালোঁ! হেৰুৱালোয়েই বা কি !
মহৰ শিং যেন বেকা হৈ গ'ল সময়
মনৰ পৰা মনৰ দূৰত্ব বাঢ়িল
মাত নিদিয়াকৈয়ে ভটিয়াই গ'ল আবেগৰ নাওঁ
হাঁহিৰ চিম্ফনীবোৰতো এলান্ধু ওলমিল

পট-পৰিৱৰ্তনৰ ৰং তুলিকা বিহীন কিছুমান দৃশ্য
এতিয়া সহজতে উপলব্ধ বাটে ঘাটে
কি ঠিক !ঘৰৰ ওচৰৰে কোনোবা এজনে কেতিয়াবা সুধিব পাৰে
"
আপোনাক চিনাকি চিনাকি লাগিছে ।"
ইতস্তত হৈ মইও উত্তৰ দিম
"
হয়তো মই আপোনাৰ প্ৰতিবেশী ।"

No comments:

Post a Comment