অহল্যা
-- অনন্ত বৰা
--------------
সংযমহীন মই নাছিলো
যাৰ বাবে মোক তুমি
চিৰন্তন বদনামী কৰিলা ।
পৃথিৱীৰ সমস্ত সৌন্দৰ্যৰে
কিয় উৰুৱাইছিলা ভালপোৱাৰ
চিলা !
অহল্যা , তুমিওতো নিস্পাপ নাছিলা ।
ক'ত হেৰুৱাই থৈ আহিলা
জৈৱিক অজৈৱিক অথবা
প্ৰবৃত্তিৰ উৰ্ধৰ তোমাৰ মিছা অহংকাৰ ।
কেৱল স্বাভিমান ধৰি ৰখাৰ বাবেই
মই তোমাৰ গৌতম হ'ব নোৱাৰো অহল্যা ।
সংযমহীন মই নাছিলো
যাৰ বাবে মোক তুমি
চিৰন্তন বদনামী কৰিলা ।
পৃথিৱীৰ সমস্ত সৌন্দৰ্যৰে
কিয় উৰুৱাইছিলা ভালপোৱাৰ
চিলা !
অহল্যা , তুমিওতো নিস্পাপ নাছিলা ।
ক'ত হেৰুৱাই থৈ আহিলা
জৈৱিক অজৈৱিক অথবা
প্ৰবৃত্তিৰ উৰ্ধৰ তোমাৰ মিছা অহংকাৰ ।
কেৱল স্বাভিমান ধৰি ৰখাৰ বাবেই
মই তোমাৰ গৌতম হ'ব নোৱাৰো অহল্যা ।
No comments:
Post a Comment