এখন লিফ্ ট (আখৰুৱাৰ কবিতা -জুন ২০১৭)
-------------------
দুমহলীয়াই হওঁক বা তিনি মহলীয়া
পঁচিশ মহলীয়াই হওঁক বা পঞ্চাশ মহলীয়া
যদি আছে এখন লিফ্ ট
অনায়াসে অহা যোৱা
নাই কোনো শ্ৰম ।
-------------------
দুমহলীয়াই হওঁক বা তিনি মহলীয়া
পঁচিশ মহলীয়াই হওঁক বা পঞ্চাশ মহলীয়া
যদি আছে এখন লিফ্ ট
অনায়াসে অহা যোৱা
নাই কোনো শ্ৰম ।
চুইছ টিপিলেই কঢ়িয়াই
লৈ যাব
হুৰ্ হুৰ্ হুৰ্ নিমিষতে ,
হাজিৰ হব দুৱাৰ মুখত ।
হুৰ্ হুৰ্ হুৰ্ নিমিষতে ,
হাজিৰ হব দুৱাৰ মুখত ।
ইমান যে আৰাম
নাই কোনো শ্ৰম
নাই কোনো টেনচন
মাথো আঙুলিৰ টিপ বুটামত ।
নাই কোনো শ্ৰম
নাই কোনো টেনচন
মাথো আঙুলিৰ টিপ বুটামত ।
আছে যদি আপোনাৰ
জীৱনত
এখন লিফ্ ট
তেন্তে আৰামেই আৰাম
নাই কোনো সংগ্ৰাম
নাই কোনো সংঘাত
নাই কোনো জীৱন যুঁজ ।
এখন লিফ্ ট
তেন্তে আৰামেই আৰাম
নাই কোনো সংগ্ৰাম
নাই কোনো সংঘাত
নাই কোনো জীৱন যুঁজ ।
মসৃণ , মসৃণ , মসৃণ আপোনাৰ জীৱন ।
হয়তো মাখন বৰণীয়া
টাইছ লগোৱা
কোঠাৰ মজিয়াৰ দৰে
মসৃণ আপোনাৰ জীৱন ।
কোঠাৰ মজিয়াৰ দৰে
মসৃণ আপোনাৰ জীৱন ।
কথা এষাৰ কওঁ নে ??
আপুনি যদি জীৱনত
শ্ৰমেই কৰা নাই
মুখামুখি হোৱা নাই যদি সংঘাতৰ
এবাৰো অৱতীৰ্ণ হোৱা নাই যদি
জীৱন যুঁজত ,
তেন্তে আপুনি কোনো দিন
বুকু ডাঠি কব নোৱাৰিব
জীৱন জীৱন বৰ অনুপম
বৰ অনুপম ।।
---------------------------
বিনু ফুকন । ১৭/৬/২০১৭ ।
মুখামুখি হোৱা নাই যদি সংঘাতৰ
এবাৰো অৱতীৰ্ণ হোৱা নাই যদি
জীৱন যুঁজত ,
তেন্তে আপুনি কোনো দিন
বুকু ডাঠি কব নোৱাৰিব
জীৱন জীৱন বৰ অনুপম
বৰ অনুপম ।।
---------------------------
বিনু ফুকন । ১৭/৬/২০১৭ ।
No comments:
Post a Comment