Tuesday, 13 June 2017

বকুল ফুলৰ দৰে

।। বকুল ফুলৰ দৰে ।।
জীৱন উন্মাদ
আহাৰৰ ষাঁঠ লগা বাট
শাওণৰ কোলাত
আঘোনৰ হৰিপ্রিয়া গান
সুহুৰিয়াই সুহুৰিয়াই আগবাঢ়ি আহে
বা-ৰিব্ ৰিব্ এমুঠি জোনাক,
ঠিক যেন লহ্পহকৈ বাঢ়ি অহা কঠীয়া ডৰাত
সদ্যস্নাতা গভৰু এজাক।
আঘোন মোৰ
হৃদয় দ্বীপত ফুলা
এহেজাৰ এজোপা গোলাপ,
বিহুৱা নাচনী যেন লাৱণি দাওনি জাক
বকুল ফুলৰ দৰে
বহুৰঙী পখিলাৰ সুৱর্ণ সুবাস।

-উইল চিদ্দিকুৰ ৰহমান। ফোন-৯৮৫৪৩২২৩৫২

No comments:

Post a Comment