আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা:
পুনৰীক্ষণ (৪৮) : মে', ২০১৭
চতুৰ্থ খণ্ড : ২৪-৩০ মে', ২০১৭ :
পৰ্যালোচক: পৰী পাৰবীন
পুনৰীক্ষণ (৪৮) : মে', ২০১৭
চতুৰ্থ খণ্ড : ২৪-৩০ মে', ২০১৭ :
পৰ্যালোচক: পৰী পাৰবীন
আদিপাঠ:
“কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল'বলৈ শিকালে”
-হীৰুদা
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল'বলৈ শিকালে”
-হীৰুদা
প্ৰিয় কবিৰ প্ৰিয়
পংক্তিটোৰেই আৰম্ভ কৰিছোঁ । এক প্ৰাথমিক অনুভৱ, কবিতাৰ সৃষ্টি কৰা নাযায়, কবিতাৰ সৃষ্টি হৈ যায় । শব্দ আৰু ভাষাই
মাথোঁ ইয়াক গতিহে দিয়ে । শব্দ আৰু ভাষাৰ অভাৱত অনু্ভৱবোৰ এক বন্ধ
দ্বীপত আবদ্ধ হৈ থাকে । এনে এক অনুভৱেৰেই মইও কলম হাতত তুলি
লৈছিলো । হৃদয়ৰ এক তাগিদাত শব্দবোৰে বাট বিচাৰিছিল । কিন্তু তথাপিতো মোৰ সৰল স্বীকাৰোক্তি, কবি হ’বলৈ মোৰ এতিয়াও শতবেলি বাকী ।
কবি নোহোৱাকৈয়ে
কবিতাৰ পৰ্যালোচনা । কথাটো কিবা যেন আচহুৱা । আখৰুৱাৰ ব্যৱস্থাপনা বিভাগে ইয়াৰো উত্তৰ দি থৈছে । কৰ্ষণ হ'লেহে উৎকৃষ্ট কবিতাৰ জন্ম হ'ব । ঠিকেই ।
আখৰুৱাৰ এই প্ৰচেষ্টা অব্যাহত থাকক । এই আপাহতে সৰ্বোৎকৃষ্ট কবিতাৰ জন্ম হওক । অনুভৱ প্ৰকাশৰ বাটবোৰ সোণসেৰীয়া হওক । এতিয়া আহোঁ পৰ্যালোচনাৰ
প্ৰসংগলৈ ।
আখৰুৱা গোটৰ সমূহ সদস্যৰ দায়িত্ব মূৰ পাতি মোৰ ওপৰত
ন্যস্ত কৰা এসপ্তাহৰ কবিতাখিনিত চকু ফুৰাই পলকতে কলিজাত সাঁচ বহাই লোৱা বহুতকেইটা কবিতাৰ মাজত তলৰ কবিতা তিনিটা পৰ্যালোচনাৰ বাবে বাচি উলিওৱা হ’ল ।
১)
নিৰ্বাচিত প্ৰথম কবিতাটো হৈছে কবি দিব্যজিৎ বণিক্যৰ
অদৃষ্ট কবিতাটো । পৈণত হাতেৰে খুব কম শব্দৰে বহুল প্ৰকাশ ঘটা কবিতাটো মূলতঃ ৰহস্যময় সৃষ্টিৰ অপৰূপ কাৰুকাৰ্যৰ এক নান্দনিক প্ৰকাশ বুলিব
পাৰি ।
কবিতাৰ শিৰোনাম: ‘অদৃষ্ট’
কবি: দিব্যজিৎ বনিক্য
কবি: দিব্যজিৎ বনিক্য
জপংকৈ শব্দটো
হৈছিলহে মাথোঁ
হুৰহুৰাই উৰি গৈছিল বগলীৰ জাকটো
নৈখনৰ পানী-যুৱলিত
চেপা পতা ঘাটটোত
তেতিয়ালৈকে
সাঁতুৰি আছিল মাথোঁ সূৰ্যটো ।
হুৰহুৰাই উৰি গৈছিল বগলীৰ জাকটো
নৈখনৰ পানী-যুৱলিত
চেপা পতা ঘাটটোত
তেতিয়ালৈকে
সাঁতুৰি আছিল মাথোঁ সূৰ্যটো ।
কবিৰ অন্তৰ্দৃষ্টি
অতি সূক্ষ্ম । লগতে গভীৰ তেওঁৰ মহাজাগতিক অনুভৱ । মাছলৈ বুলি চেপা পতা ঘাটটোত আপোনমনে চিকাৰৰ সন্ধানত ব্যস্ত
বগলীজাকে সন্ধ্যাময়ী তেজৰঙা বেলিটোৰ
প্ৰতিচ্ছবি পানীত পৰাৰ লগে লগে ভয় খাই জাকি মাৰি উৰি গুচি গ’ল ।
এই সুন্দৰ
পৰিঘটনাটোকে কবিয়ে শব্দৰ জালেৰে গুঁঠিছে ।
“জপংকৈ শব্দটো হৈছিলহে মাথোঁ
হুৰহুৰাই উৰি গৈছিল বগলীৰ জাকটো”
হুৰহুৰাই উৰি গৈছিল বগলীৰ জাকটো”
এজাক বগলী উৰি
যোৱাৰ লগে লগে পানী যুৱলিত যি কম্পনৰ উদ্ভৱ হ’ল, সেই কম্পনত কঁপি থাকিল অস্তগামী সূৰুযৰ
প্ৰতিবিম্বটো । কবিৰ ভাষাত,
"নৈখনৰ পানী-যুৱলিত
চেপা পতা ঘাটটোত
তেতিয়ালৈকে
সাঁতুৰি আছিল মাথোঁ সূৰ্যটো ।"
চেপা পতা ঘাটটোত
তেতিয়ালৈকে
সাঁতুৰি আছিল মাথোঁ সূৰ্যটো ।"
২)
নিৰ্বাচিত দ্বিতীয় কবিতাটি হৈছে ৰাজেন দাসৰ 'ৰিজাল্ট আৰু ইতিকথা' । পোনতেই আমি কবিতাটি দাঙি ধৰিবলৈ বিচাৰিম ।
নিৰ্বাচিত দ্বিতীয় কবিতাটি হৈছে ৰাজেন দাসৰ 'ৰিজাল্ট আৰু ইতিকথা' । পোনতেই আমি কবিতাটি দাঙি ধৰিবলৈ বিচাৰিম ।
কবিতাটোৰ শিৰোনাম
: ৰিজাল্ট আৰু ইতি কথা :
কবি: ৰাজেন দাস
কবি: ৰাজেন দাস
পকেটত এটা
ফূটাকড়িও নাই
উদযাপনৰ শেষ বিন্দুটোত লাগি আছিল উত্তপ্ত সময়
চাকিৰ পোহৰৰ দৰে ৰঙা হৈ শুকুৱাম
আইৰ চকুপানী
এয়া মাথোঁ মনৰ হাবিয়াহ্
এডমিচন, ফৰ্ম ফিলাপৰ কাগজৰ টুকুৰাত
টকাৰ ওজন বান্ধি অনা দেখি
আয়ে কান্দে
মই ভাৱোঁ
কেনেবাকৈ চাকৰি এটা পালে
দুখবোৰ কুচি কুচি সুমুৱাই থ'ম সুখত।
বছৰটো চাকিৰ পোহৰ খাবলৈ অহা পোকবোৰ
ধৰি উমলোঁতেই গ'ল
স্কুলৰ পৰা ৰিজাল্টটো আনি
আই চকুপানী মচিব নোৱাৰাকৈ
বগা চাদৰখনেৰে উন্মুক্ত বাঁহডালত…
মই নিৰুপায়।
উদযাপনৰ শেষ বিন্দুটোত লাগি আছিল উত্তপ্ত সময়
চাকিৰ পোহৰৰ দৰে ৰঙা হৈ শুকুৱাম
আইৰ চকুপানী
এয়া মাথোঁ মনৰ হাবিয়াহ্
এডমিচন, ফৰ্ম ফিলাপৰ কাগজৰ টুকুৰাত
টকাৰ ওজন বান্ধি অনা দেখি
আয়ে কান্দে
মই ভাৱোঁ
কেনেবাকৈ চাকৰি এটা পালে
দুখবোৰ কুচি কুচি সুমুৱাই থ'ম সুখত।
বছৰটো চাকিৰ পোহৰ খাবলৈ অহা পোকবোৰ
ধৰি উমলোঁতেই গ'ল
স্কুলৰ পৰা ৰিজাল্টটো আনি
আই চকুপানী মচিব নোৱাৰাকৈ
বগা চাদৰখনেৰে উন্মুক্ত বাঁহডালত…
মই নিৰুপায়।
এক ভিন্নধৰ্মী
কবিতা, ৰাজেন দাসৰ “ৰিজাল্ট আৰু ইতি কথা” । মূলতঃ আশা আৰু দৰিদ্ৰতাৰ মাজৰ যুদ্ধখনৰ এক দৃশ্যাংশ ইয়াত দাঙি ধৰিবলৈ বিচৰা আছে ।
দৰিদ্ৰতাই ক্ষণে
ক্ষণে আশা বেচা ল'ৰাজনৰ সিদিনা পকেটত ফুটাকড়ি এটাও নাছিল । ৰিজাল্টৰ উদযাপনৰ শেষ বিন্দুটোত উপনীত
হৈহে সেই কথা কবিৰ মনলৈ আহিল সেই কথা । অথচ পঢ়ি শুনি বৰমানুহ হৈ আয়েকৰ দুখ আঁতৰাই মুখ উজলোৱাৰ হাবিয়াহবোৰ যে অলীক, সেই কথাই কবিৰ মনত নিৰাশাৰ জন্ম দিলে ।
শিক্ষাৰ বৰ দাম । কাগজৰ খমখমীয়া নোটত বিক্ৰী হয়
মহাবিদ্যালয় নতুবা বিশ্ববিদ্যালয়ৰ সপোন । নিম্ন মধ্যবিত্তৰ সপোনবোৰত ৰং নধৰে । শুকান তুলিকাৰে সপোনৰ কেনভাচত ক্ষয়ৰোগ গজে ।সেই কষ্টত আইৰ চকু ফুলে । তথাপি
চাকৰি এটাৰ বাবে আশা কবিৰ ।
“কেনেবাকৈ চাকৰি এটা পালে
দুখবোৰ কুচি মুচি সুমুুৱাই থ'ম সুখত”
দুখবোৰ কুচি মুচি সুমুুৱাই থ'ম সুখত”
কবি নিৰুপায় । আইৰ
চকুত লোতক সানি কবিয়ে সপোনৰ ৰং কিনাৰ পক্ষপাতী নহয় । সেয়ে বগা চাদৰখনেৰে নিজক
আঁতৰাই পঠিয়ায় ।
৩) তৃতীয়
নিৰ্বাচিত কবিতাটো হৈছে মনমী ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত কবিতা ‘মই উৰ্মিলা’ । চিৰ উপেক্ষিতা দশৰথৰ সৰুবোৱাৰী
উৰ্মিলাৰ চকুলোৰে ৰচিত এই কাব্যগাঁথা । কবিতাটো হুবহু ইয়াত দাঙি ধৰিবলৈ বিচাৰিম ।
কবিতাটোৰ শিৰোনাম
: মই উৰ্মিলা
কবি : মনমী ভট্টাচাৰ্য্য
কবি : মনমী ভট্টাচাৰ্য্য
দশৰথৰ পুত্ৰবধু ,
লক্ষ্মণৰ পৰিণীতা
মই উৰ্মিলা।
মোৰ বাবে অপেক্ষা এক শিল্প ।
চৈধ্যটা বসন্তৰ উন্মাদনা গৰকি
চৈধ্যটা শুষ্ক বৰ্ষা
হিমসনা গ্ৰীষ্ম নেওচি
মোৰ পুনৰ্জন্ম ।
চৈধ্যটা শীতে মোহাৰি যোৱা জঠৰ যৌৱন মোৰ
বা-মাৰলিয়ে কুৰুকি যোৱা দেহত বন্যাৰ গেদ পৰি
নতুন জঁকাৰ জন্ম ,
মনৰ আউল-বাউল চিন্তাৰে
গঢ় লয় যাৰ দেহৰ ভূগোল ।
লোতকেৰে নিমজ হোৱা
তিক্ত সত্তাৰ পাষাণ মানৱী ।
মই উৰ্মিলা ।
চিৰ উপেক্ষিতা উৰ্মিলা।
মোৰ কলিজাৰ ৰস শুহি
ফাগুনৰঙী হয় ঋতু
ঋতুমতী হয় ধৰা।
ওভতনি সোঁতত বৈ অহা নৈখন
শত উজাগৰী নিশাৰ স্বপ্নবিলাস।
দিঠক মাথোঁ চৈধ্যটা ফাগুনে ঘন ক'লা চুলিটাৰিত সানি যোৱা ৰূপালী আবীৰ ।
স্বামী মহান হ'ব ভাতৃভক্ত হৈ
জিলিকিব ইতিহাসত নাম।
মহান হোৱাৰ বাসনাত অসন্তুলিত সম্বন্ধ
ক্ষয়প্ৰাপ্ত নাৰীত্বৰ মান।
লক্ষ্মণৰ পৰিণীতা
মই উৰ্মিলা।
মোৰ বাবে অপেক্ষা এক শিল্প ।
চৈধ্যটা বসন্তৰ উন্মাদনা গৰকি
চৈধ্যটা শুষ্ক বৰ্ষা
হিমসনা গ্ৰীষ্ম নেওচি
মোৰ পুনৰ্জন্ম ।
চৈধ্যটা শীতে মোহাৰি যোৱা জঠৰ যৌৱন মোৰ
বা-মাৰলিয়ে কুৰুকি যোৱা দেহত বন্যাৰ গেদ পৰি
নতুন জঁকাৰ জন্ম ,
মনৰ আউল-বাউল চিন্তাৰে
গঢ় লয় যাৰ দেহৰ ভূগোল ।
লোতকেৰে নিমজ হোৱা
তিক্ত সত্তাৰ পাষাণ মানৱী ।
মই উৰ্মিলা ।
চিৰ উপেক্ষিতা উৰ্মিলা।
মোৰ কলিজাৰ ৰস শুহি
ফাগুনৰঙী হয় ঋতু
ঋতুমতী হয় ধৰা।
ওভতনি সোঁতত বৈ অহা নৈখন
শত উজাগৰী নিশাৰ স্বপ্নবিলাস।
দিঠক মাথোঁ চৈধ্যটা ফাগুনে ঘন ক'লা চুলিটাৰিত সানি যোৱা ৰূপালী আবীৰ ।
স্বামী মহান হ'ব ভাতৃভক্ত হৈ
জিলিকিব ইতিহাসত নাম।
মহান হোৱাৰ বাসনাত অসন্তুলিত সম্বন্ধ
ক্ষয়প্ৰাপ্ত নাৰীত্বৰ মান।
প্ৰথম পংক্তিটোত
কবিয়ে লক্ষণে ভাৰ্য্যা উৰ্মিলাৰ ওচৰত এৰি থৈ হাজাৰটা অপেক্ষাৰ লগনৰ প্ৰসংগৰে
উল্লেখ কৰিছে এনেদৰে,
"মোৰ বাবে অপেক্ষা এক শিল্প ।
চৈধ্যটা বসন্তৰ উন্মাদনা গৰকি
চৈধ্যটা শুষ্ক বৰ্ষা
হিমসনা গ্ৰীষ্ম নেওচি
মোৰ পুনৰ্জ্জন্ম ।"
চৈধ্যটা বসন্তৰ উন্মাদনা গৰকি
চৈধ্যটা শুষ্ক বৰ্ষা
হিমসনা গ্ৰীষ্ম নেওচি
মোৰ পুনৰ্জ্জন্ম ।"
ভগৱান ৰামভক্ত
লক্ষণৰ চৈধ্যবছৰীয়া বনবাসৰ পিছতে নিসংগ হৈ পৰা উৰ্মিলাৰ যৌৱনকালৰ উন্মাদনা, জীপ-জীপীয়া অনুভৱবোৰ চৈধ্যটা বছৰৰ কুঁৱলীত ধূসৰ হৈ ৰ’ল । অপেক্ষাতো থাকে পৰম প্ৰাপ্তি- এই আপ্তবাক্যটিৰ সত্যতা প্ৰতিপন্ন কৰি স্বামীৰ বাবে অপেক্ষা কৰাটো উৰ্মিলাৰ
বাবে এক শিল্প হৈ ৰ’ল ।
"চৈধ্যটা শীতে মোহাৰি যোৱা জঠৰ যৌৱন মোৰ
বা-মাৰলিয়ে কুৰুকি যোৱা দেহত বন্যাৰ গেদ পৰি
নতুন জঁকাৰ জন্ম ,
মনৰ আউল-বাউল চিন্তাৰে
গঢ় লয় যাৰ দেহৰ ভূগোল ।
লোতকেৰে নিমজ হোৱা
তিক্ত সত্তাৰ পাষাণ মানবী।
মই উৰ্মিলা ।
চিৰ উপেক্ষিতা উৰ্মিলা।"
বা-মাৰলিয়ে কুৰুকি যোৱা দেহত বন্যাৰ গেদ পৰি
নতুন জঁকাৰ জন্ম ,
মনৰ আউল-বাউল চিন্তাৰে
গঢ় লয় যাৰ দেহৰ ভূগোল ।
লোতকেৰে নিমজ হোৱা
তিক্ত সত্তাৰ পাষাণ মানবী।
মই উৰ্মিলা ।
চিৰ উপেক্ষিতা উৰ্মিলা।"
শীতৰ জঠৰতাত নতুবা
বা-মাৰলিৰ বন্যাত ক্ৰমে ক্ৰমে সলনি হোৱা দৈহিক ভূগোলৰ ভিতৰৰ মনটোৰ আউল-বাউল চিন্তাৰ চাকনৈয়াত উৰ্মিলা নহৈ যেন এক
নতুন জঁকাৰহে জন্ম হ’ল ।
"মোৰ কলিজাৰ ৰস শুহি
ফাগুনৰঙী হয় ঋতু
ঋতুমতী হয় ধৰা।
ওভতনি সোঁতত বৈ অহা নৈখন
শত উজাগৰী নিশাৰ স্বপ্নবিলাস।
দিঠক মাথোঁ চৈধ্যটা ফাগুনে ঘন ক'লা চুলিটাৰিত সানি যোৱা ৰূপালী আবীৰ ।"
ফাগুনৰঙী হয় ঋতু
ঋতুমতী হয় ধৰা।
ওভতনি সোঁতত বৈ অহা নৈখন
শত উজাগৰী নিশাৰ স্বপ্নবিলাস।
দিঠক মাথোঁ চৈধ্যটা ফাগুনে ঘন ক'লা চুলিটাৰিত সানি যোৱা ৰূপালী আবীৰ ।"
উৰ্মিলাৰ কলিজাৰ
কেঁচা তেজেৰে ঋতুমতী হয় ধৰা । উজাগৰী নিশাৰ সপোনবোৰত ক’লা ৰং সানি যেন ঘন কলা চুলিটাৰি নিজে বগা হৈ পৰে ।
"স্বামী মহান হব ভাতৃভক্ত হৈ
জিলিকিব ইতিহাসত নাম।
মহান হোৱাৰ বাসনাত অসন্তুলিত সম্বন্ধ
ক্ষয়প্ৰাপ্ত নাৰীত্বৰ মান।"
জিলিকিব ইতিহাসত নাম।
মহান হোৱাৰ বাসনাত অসন্তুলিত সম্বন্ধ
ক্ষয়প্ৰাপ্ত নাৰীত্বৰ মান।"
এফালে স্বামী মহান
হৈ ইতিহাসত নাম জিলিকোৱাৰ উচ্চ আকাংক্ষা , আনফালে উৰ্মিলাৰ ক্ষয়প্ৰাপ্ত যৌৱন- তাৰেই আলিদোমোজাত হেঁপাহবোৰেও যেন বাট হেৰায় ।
ইতিকথা:
কবিতাই অনুভৱ গঢ়ে
আৰু অনুভৱবোৰে সম্পৰ্ক গঢ়ে । সম্প্ৰতি ভাল কবিতা-বেয়া কবিতাৰ আলোচনাৰ যুগ । বন্দুক ধৰা হাতখনেৰে বহুতে কলম ধৰিবলৈ
শিকিছে । অনুভৱৰ প্ৰকাশত কৃত্ৰিমতা নাথাকিলে আচলতে
যিকোনো সাহিত্যই উৎকৃষ্ট হৈ উঠিব পাৰে । সাহিত্যই সমাজৰ গতি নিৰ্ধাৰণ নকৰে । ই সমাজখনৰ সকলো চিত্ৰ প্ৰতিফলিত কৰে । কবিতাও ইয়াৰ বাহিৰত নহয় । আমি
আশাবাদী । ধোঁৱা বাৰুদেৰে ধূসৰ কৰি তোলা দাপোনখন স্বচ্ছ হওক । ন প্ৰজন্মই শান্তিৰ উশাহ লওক ।
পৰ্যালোচক ~ পৰী পাৰবীন
সদস্য,আখৰুৱা
১৬ জুন, ২০১৭
______________________________________________
সদস্য,আখৰুৱা
১৬ জুন, ২০১৭
______________________________________________
ব্যৱস্থাপকৰ
মন্তব্য:-
--------------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
--------------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে
গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি
আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি
থাকিলেও অৱগত কৰে যেন।
৩) এইবাৰৰ
পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
ক) অদৃষ্ট ~ দিব্যজিৎ বনিক্য
খ) ৰিজাল্ট আৰু ইতিকথা ~ ৰাজেন দাসৰ
গ) মই উৰ্মিলা ~ মনমী ভট্টাচাৰ্য্য
খ) ৰিজাল্ট আৰু ইতিকথা ~ ৰাজেন দাসৰ
গ) মই উৰ্মিলা ~ মনমী ভট্টাচাৰ্য্য
৪) এই সংখ্যাৰ
কবিতাত থকা ভুল বানান :-
ক) অদৃষ্ট ~ দিব্যজিৎ বনিক্য
পৰ্যালোচনাত ভুল বানান দৃষ্টিগোচৰ হোৱা নাই ।
পৰ্যালোচনাত ভুল বানান দৃষ্টিগোচৰ হোৱা নাই ।
খ) ৰিজাল্ট আৰু
ইতিকথা
কবি: ৰাজেন দাস
কবি: ৰাজেন দাস
ফূটাকৰিও -
ফুটা-কড়িও
বিন্দুতটোত - বিন্দুটোত
শুকাম - শুকুৱাম
মাথো - মাথোঁ
আই - আয়ে
ভাৱো - ভাবোঁ
সোমাই - সুমুৱাই
থম - থ'ম
বছৰতো - বছৰটো
উমলোতেই - উমলোঁতেই
নোৱাৰাকৈ - নোৱৰাকৈ
বিন্দুতটোত - বিন্দুটোত
শুকাম - শুকুৱাম
মাথো - মাথোঁ
আই - আয়ে
ভাৱো - ভাবোঁ
সোমাই - সুমুৱাই
থম - থ'ম
বছৰতো - বছৰটো
উমলোতেই - উমলোঁতেই
নোৱাৰাকৈ - নোৱৰাকৈ
গ) মই উৰ্মিলা
কবি : মনমী ভট্টাচাৰ্য্য
কবি : মনমী ভট্টাচাৰ্য্য
দশৰথৰ পুত্ৰবধু ( , )
পুনৰ্জ্জন্ম - পুনৰ্জন্ম
বা-মাৰলি - বা-মাৰলিয়ে
আউল বাউল - আউল-বাউল
মানবী - মানৱী
মাথো - মাথোঁ
কলা - ক'লা)
হব - হ'ব
পুনৰ্জ্জন্ম - পুনৰ্জন্ম
বা-মাৰলি - বা-মাৰলিয়ে
আউল বাউল - আউল-বাউল
মানবী - মানৱী
মাথো - মাথোঁ
কলা - ক'লা)
হব - হ'ব
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা
পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ।
ধন্যবাদ।
কন্দৰ্প নাথ, সূৰ্য বৰা, প্ৰশান্ত শৰ্মা আৰু জোনমণি গগৈ
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২৭ জুন¸ ২০১৭
ব্যৱস্থাপক, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২৭ জুন¸ ২০১৭
No comments:
Post a Comment