এইখিনিতেই মই ৰৈ
দিলোঁ-
-- জয়ন্ত আকাশ বৰ্মন
… … … … … … … … … … … …
আহা আজি আমি আমাৰ
ঐশ্বর্যবোৰ ভগাওঁ,
তোমাৰ খিনি তোমাক দিওঁ
মোৰ খিনি মই সামৰি লওঁ ...
তোমাৰ খিনি তোমাক দিওঁ
মোৰ খিনি মই সামৰি লওঁ ...
উদিত সূৰুযৰ ৰঙাখিনি তোমাৰ,
অস্তাচলৰ বেগুনীয়াখিন মোৰ;
উজনি নাওবোৰ তোমাৰ,
ভাগৰুৱা ভটিয়নী নাওবোৰ মোৰ।
অস্তাচলৰ বেগুনীয়াখিন মোৰ;
উজনি নাওবোৰ তোমাৰ,
ভাগৰুৱা ভটিয়নী নাওবোৰ মোৰ।
বেলিফুলৰ হাঁহিবোৰ
তোমাক দিলো-
গোলাপৰ সুবাসিত ৰঙ্ বোৰ তোমাৰ,
নিয়ৰসনা প্ৰত্যুষৰ ঘাঁহনিখন তোমাৰ !
ৰাতিসৰা গুটিমালীবোৰ মই বুটলি ল'লো-
গোলাপৰ সুবাসিত ৰঙ্ বোৰ তোমাৰ,
নিয়ৰসনা প্ৰত্যুষৰ ঘাঁহনিখন তোমাৰ !
ৰাতিসৰা গুটিমালীবোৰ মই বুটলি ল'লো-
একাদশীৰ পিছৰ
জোনাক তোমাৰ-
কৃষ্ণ প্রতিপদৰ পিছৰ এন্ধাৰখিনি মোৰ।
চৰাইৰ মিঠা কলৰৱ ৰাশি তোমাৰ
নীড়মুখী পখীৰ সৰা পাখিবোৰ মোৰ।
কৃষ্ণ প্রতিপদৰ পিছৰ এন্ধাৰখিনি মোৰ।
চৰাইৰ মিঠা কলৰৱ ৰাশি তোমাৰ
নীড়মুখী পখীৰ সৰা পাখিবোৰ মোৰ।
এই যে আমি বহি
আছোঁ-
নৈৰ পাৰৰ এই ৰূপালী বালিখিনি তোমাৰ,
বালিত পোত খাই নিঃশেষ হোৱা অশ্ৰুবোৰ মোৰ!
শংখৰ বুকুৰ সৌ মুকুতাৰ দ্যুতি তোমাক দিলোঁ,
শামুকৰ খোলাবোৰ মই মোৰ জোলোঙাত তুলিলোঁ।
নৈৰ পাৰৰ এই ৰূপালী বালিখিনি তোমাৰ,
বালিত পোত খাই নিঃশেষ হোৱা অশ্ৰুবোৰ মোৰ!
শংখৰ বুকুৰ সৌ মুকুতাৰ দ্যুতি তোমাক দিলোঁ,
শামুকৰ খোলাবোৰ মই মোৰ জোলোঙাত তুলিলোঁ।
নদী স্ৰোত গতি
তোমাৰ,
পাৰৰ মৰাগছৰ শিপাবোৰ মোৰ।
পাৰৰ মৰাগছৰ শিপাবোৰ মোৰ।
গালিবৰ
শ্বায়েৰীবোৰ তোমাৰ-
খৈয়ামৰ চিঠিবোৰ তোমাক দিলো;
ভেন গগৰ হালধীয়া ছবিবোৰ মোৰ -
কীট্চৰ পংক্তিবোৰ মই ৰাখিলো।
খৈয়ামৰ চিঠিবোৰ তোমাক দিলো;
ভেন গগৰ হালধীয়া ছবিবোৰ মোৰ -
কীট্চৰ পংক্তিবোৰ মই ৰাখিলো।
খোজবোৰ তোমাৰ
শ্ৰান্তিখিনি মোৰ !
শ্ৰান্তিখিনি মোৰ !
নিশাৰ ঝিলিৰ
মাতবোৰ মই ল'লো
উটি অহা মিটাৰগজ ৰেলৰ উকিবোৰ,
তোমাক ময়ূৰপংখীৰ ৰংবোৰ দিলো
আৰু মেঘ মেঘ উৰণীয়া ৰথবোৰ ।।
উটি অহা মিটাৰগজ ৰেলৰ উকিবোৰ,
তোমাক ময়ূৰপংখীৰ ৰংবোৰ দিলো
আৰু মেঘ মেঘ উৰণীয়া ৰথবোৰ ।।
মন্দিৰৰ শংখধ্বনি
ৰাগিণী তোমাৰ-
জ্বলি থকা বন্তিগছিৰ আলোক তুমি লোৱা,
নৈশ তৃতীয় প্রহৰৰ শূন্যতা খিনি মোৰ-
শুন-নুশুন কৰুণ প্রার্থনাৰ শৱদ মোক দিয়া।
জ্বলি থকা বন্তিগছিৰ আলোক তুমি লোৱা,
নৈশ তৃতীয় প্রহৰৰ শূন্যতা খিনি মোৰ-
শুন-নুশুন কৰুণ প্রার্থনাৰ শৱদ মোক দিয়া।
এইখিনিতেই -
এইখিনিতেই এখন সাঁকো থাকিল,
ইপাৰ- সিপাৰ খোজবোৰ...
স্পৰ্শ অস্পৰ্শৰ আস্থানবোৰ,
আৰু,
এইখিনিতেই মই ৰৈ দিলোঁ ।।
27.6.2017এইখিনিতেই এখন সাঁকো থাকিল,
ইপাৰ- সিপাৰ খোজবোৰ...
স্পৰ্শ অস্পৰ্শৰ আস্থানবোৰ,
আৰু,
এইখিনিতেই মই ৰৈ দিলোঁ ।।
No comments:
Post a Comment