একক মাতৃত্ব ,টেষ্ট টিউব বেবী
----------------------------------------
প্ৰযুক্তিৰ যুগ, ইথাৰত বুৰি
আজি মহাকাশ চোৱাৰ যুগ।
পুৰণিকলীয়া দুখৰ পোছাক খুলি
একক নাৰীৰো
আঙুলিত ধৰি উমলিব পাৰে
এটি উশাহ জন্ম দিয়াৰ সপোন
আনৰ স্ফীত গৰ্ভ ,নতুবা পিয়াহ খুৱাই থকা মাতৃ দেখি
বুকুত শিললৈ কিয়নো শুব লাগে
অত্যাধুনিক প্ৰযুক্তিৰে
আৰ্জিব পাৰে
একক মাতৃত্ব,টেষ্ট টিউবৰ সন্তান
উদযাপন কৰিব পাৰে নাৰীত্ব
উফোন্দি উঠিব পাৰে
নাৰীময় গৌৰৱত।
ডুবিব পাৰে একলা দুকলাকৈ
বাঢ়ি অহা সেউজীয়া সপোনত
দহটা মাহ দহটা দিন।
----------------------------------------
প্ৰযুক্তিৰ যুগ, ইথাৰত বুৰি
আজি মহাকাশ চোৱাৰ যুগ।
পুৰণিকলীয়া দুখৰ পোছাক খুলি
একক নাৰীৰো
আঙুলিত ধৰি উমলিব পাৰে
এটি উশাহ জন্ম দিয়াৰ সপোন
আনৰ স্ফীত গৰ্ভ ,নতুবা পিয়াহ খুৱাই থকা মাতৃ দেখি
বুকুত শিললৈ কিয়নো শুব লাগে
অত্যাধুনিক প্ৰযুক্তিৰে
আৰ্জিব পাৰে
একক মাতৃত্ব,টেষ্ট টিউবৰ সন্তান
উদযাপন কৰিব পাৰে নাৰীত্ব
উফোন্দি উঠিব পাৰে
নাৰীময় গৌৰৱত।
ডুবিব পাৰে একলা দুকলাকৈ
বাঢ়ি অহা সেউজীয়া সপোনত
দহটা মাহ দহটা দিন।
ছাঁ -পোহৰৰ
দৰে বগাই ফুৰা
পৰম আকাংক্ষিত সপোনটো
গছৰ দৰে ক্ৰমে শিপাব,
ওখ হব পাৰে
আলফুলে হাতবুলাই ,
চুমা খাব পাৰে
পোহৰৰ গানৰ দৰে
ভ্ৰুণৰ গোন্ধ এটা
আঙুলিত ধৰি ইফালে সিফালে
ঘুৰি ফুৰা অনুভৱ কৰি
ৰোমাঞ্চিত হব পাৰে।
সপোনৰ দুৱাৰদলিত অপেক্ষাৰত
টেষ্ট টিউব বেবী
যাৰ ইতিহাসত নাথাকে যৌনতা,নাথাকে সম্পৰ্কৰ আনন্দ বেদনা,ক্ষোভৰ দলিল
কেৱল মাতৃত্বৰ হাবিয়াসৰ
অমল ফচল
একক মাতৃত্ব,টেষ্ট টিউব বেবীৰ
থাকিব নোৱাৰে কোনো প্ৰশ্ন
বৈধ বা অবৈধতাৰ
যিয়ে একাকী নাৰীৰ চোতালত
দুখ গুচাই সিচিব পাৰে
জীৱনৰ প্ৰাচুৰ্য্য
অত্যাধুনিক প্ৰযুক্তিৰ বৰদান
টেষ্ট টিউব বেবী
এটা সেউজীয়া সপোন খেদি খেদি
ভগৱানৰ পবিত্ৰ সুঘ্ৰাণৰ দৰে
ক্ৰমে বগাই আহিব পাৰে
উকা কোলালৈ
চিৰ চিনাকি নিচুকনি গীতহৈ
আমাৰে মইনা শুব এ
বাৰিতে বগৰী ৰুব এ---
---------------------------
গায়ত্ৰী ফুকন
বি:দ্ৰ: আগতে আখৰুৱাত প্ৰকাশিত ।তাকেই সম্পাদিত ৰূপত আকৌ প্ৰেৰণ কৰিছো
দৰে বগাই ফুৰা
পৰম আকাংক্ষিত সপোনটো
গছৰ দৰে ক্ৰমে শিপাব,
ওখ হব পাৰে
আলফুলে হাতবুলাই ,
চুমা খাব পাৰে
পোহৰৰ গানৰ দৰে
ভ্ৰুণৰ গোন্ধ এটা
আঙুলিত ধৰি ইফালে সিফালে
ঘুৰি ফুৰা অনুভৱ কৰি
ৰোমাঞ্চিত হব পাৰে।
সপোনৰ দুৱাৰদলিত অপেক্ষাৰত
টেষ্ট টিউব বেবী
যাৰ ইতিহাসত নাথাকে যৌনতা,নাথাকে সম্পৰ্কৰ আনন্দ বেদনা,ক্ষোভৰ দলিল
কেৱল মাতৃত্বৰ হাবিয়াসৰ
অমল ফচল
একক মাতৃত্ব,টেষ্ট টিউব বেবীৰ
থাকিব নোৱাৰে কোনো প্ৰশ্ন
বৈধ বা অবৈধতাৰ
যিয়ে একাকী নাৰীৰ চোতালত
দুখ গুচাই সিচিব পাৰে
জীৱনৰ প্ৰাচুৰ্য্য
অত্যাধুনিক প্ৰযুক্তিৰ বৰদান
টেষ্ট টিউব বেবী
এটা সেউজীয়া সপোন খেদি খেদি
ভগৱানৰ পবিত্ৰ সুঘ্ৰাণৰ দৰে
ক্ৰমে বগাই আহিব পাৰে
উকা কোলালৈ
চিৰ চিনাকি নিচুকনি গীতহৈ
আমাৰে মইনা শুব এ
বাৰিতে বগৰী ৰুব এ---
---------------------------
গায়ত্ৰী ফুকন
বি:দ্ৰ: আগতে আখৰুৱাত প্ৰকাশিত ।তাকেই সম্পাদিত ৰূপত আকৌ প্ৰেৰণ কৰিছো
No comments:
Post a Comment