Friday, 16 June 2017

মৌন হৃদয়ৰ আলাপ

মৌন হৃদয়ৰ আলাপ
এখন্তেক ৰৈ যোৱা
বসন্ত গৰকা পক্ষীৰ বনত
ৱানে কুসুমবুলীয়া সপোন এটিৰ বাট বোলাই ৰামেধেনু দেশলৈ
:-
নাজানো....
তুমিওঁ নাজানো হয়তো শুকুলা মেঘৰ আঁৰে আঁৰে সুকোমল ৰদালি কিমাননো আভা জিলিকি উঠে
হবা অভিমানী প্ৰিয়া মোৰ
উৰো উৰো কৰে তৰাফুলীয়া হৃদয়খনে
একাম্ত কথা কৈ কৈ অন্তৰ নাই উশাহ পিছ্লা ঘাট
:-
হয়নে বাৰু .....
অফুট মাতেৰে কেঁচা কলিজাখনি আৱেগে ঢৌ তুলি শুনিলা কত পাতিছো অভিমানী বতৰা
বুজিচানে
চন পৰা আকাশৰ ভৰুণ ফুলনি দাপোণ
গোপন নিৰিবিলি আবেলি বৰষুণ এজাকৰ এচলু দুচলু সানিধ্য উমাল
:-
অহনালাগে কৱ....
মনে-প্ৰাণে নাজানো কাৰ প্ৰেৰণাত দুহাত মেলি গভীৰৰ পৰা গভীৰলৈ বহু যোজন বাট ভ্ৰমিলো
আৰুনো কি ক
সুৰুযৰ মুখখনি চপাই-কোঁচাই
এপাক হালি-জালি চিনাকি মুধুৰ এমুঠি গুঞ্জন দুওঁঠত বোৱাই
:-
কি কৱা.....
সযতনে সাঁচি ৰাখো জীৱন অনুপম উপমা
জোনাকৰ বুটা বচা কুমাৰী নৈ এখনি বৈ দিয়া পুলকিত প্ৰাণেৰে হৃদয়ৰ কাৰেঙলৈ ৷৷

অংকুৰ শইকীয়া ৷

No comments:

Post a Comment