:: তুমি নাই ::
আজি তোমালৈ বৰকৈ
মনত পৰিছে,
বুকুত বৰদৈচিলাই ধুমুহা আনিছে
পাৰ ভগা মথাউৰিৰ দৰে
দুচকুৱে যুঁজি আছে অনৰ্গল।
ভাগৰবোৰ লিখি থৈছোঁ,
জিৰণি ল'বলৈ কাষত
তুমি নাই।
আজি তোমালৈ বৰকৈ মনত পৰিছে
তোমাক ক'লেতো তুমি
প্ৰয়োজনত মনত পেলোৱা বুলিয়েই ক'বা,
কিন্তু সঁচা
মোৰ চিন্তাৰ ইন্ধন যোগোৱা
প্ৰতিটো কথা এতিয়া নিৰুদ্দেশ।
মোৰ বুকু ভগাৰ শব্দ নহয়,
সেয়েহে তুমি উমান নোপোৱা
কিহৰ চাকনৈয়াত মই ডুবি ডুবি
সাঁতুৰি ফুৰিছো
ক'লা সমুদ্ৰৰ গভীৰতাত।
আজি তোমালৈ বৰকৈ মনত পৰিছে,
জানা বহুত কথা জমা হৈ আছে!
কিমান যে কওঁ কওঁ লাগিছে,
তুমি নাই!
মই এটা নতুন কবিতা লিখিলো
তোমাৰ মন্তব্য নাই...
বুকুত বৰদৈচিলাই ধুমুহা আনিছে
পাৰ ভগা মথাউৰিৰ দৰে
দুচকুৱে যুঁজি আছে অনৰ্গল।
ভাগৰবোৰ লিখি থৈছোঁ,
জিৰণি ল'বলৈ কাষত
তুমি নাই।
আজি তোমালৈ বৰকৈ মনত পৰিছে
তোমাক ক'লেতো তুমি
প্ৰয়োজনত মনত পেলোৱা বুলিয়েই ক'বা,
কিন্তু সঁচা
মোৰ চিন্তাৰ ইন্ধন যোগোৱা
প্ৰতিটো কথা এতিয়া নিৰুদ্দেশ।
মোৰ বুকু ভগাৰ শব্দ নহয়,
সেয়েহে তুমি উমান নোপোৱা
কিহৰ চাকনৈয়াত মই ডুবি ডুবি
সাঁতুৰি ফুৰিছো
ক'লা সমুদ্ৰৰ গভীৰতাত।
আজি তোমালৈ বৰকৈ মনত পৰিছে,
জানা বহুত কথা জমা হৈ আছে!
কিমান যে কওঁ কওঁ লাগিছে,
তুমি নাই!
মই এটা নতুন কবিতা লিখিলো
তোমাৰ মন্তব্য নাই...
:: শঙ্কৰ জ্যোতি দত্ত ::
26.6.2017
No comments:
Post a Comment