Sunday, 4 June 2017

চৰিত্ৰহীনা ৰাণীৰ ইলিজিණৰঞ্জন বৰ্মন



।।চৰিত্ৰহীনা ৰাণীৰ ইলিজি।।



এজন ৰজা আছিল
ৰজাৰ এগৰাকী ৰূপৱতী ৰাণী আছিল
দেখাত সাইলাখ সৰস্বতীৰ দৰে
ৰজাই ৰাণীক পুতলাৰ দৰে ৰাখিছিল
বগা দেহত কলা দাগ পৰে বুলি
কোনোদিনেই বৰষুণত তিতিবলৈ নিদিছিল
মাটি গচকিবলৈ নিদিছিল, দত ওলাবলৈ নিদিছিল
আৰু ৰাণীও
চাবি দিয়া পুতলাৰ দৰে
ৰজাৰ প্ৰতিটো কথাত মূৰ দুপিয়াইছিল
ৰাণীৰ মনত ইচ্ছা জাগিছিল
চিলা উৰুৱাবলৈ
বৰষুণৰ পানীত কাগজৰ নাও উটুৱাবলৈ
বিশাল পথাৰ পাৰ হৈ গৈ বগৰী পাৰি খাবলৈ
দক পিঠি দেখুৱাই নদীৰ বালিত বালিঘৰ সাজিবলৈ
অথচ
ৰজাৰ অনুমতিৰ অবিহনে ৰাণীয়ে দিয়া নাছিল এটাও খোজ
কাৰণ ৰজা আছিল ৰাণীৰ ঈশ্বৰ
ৰাতি ৰজাই ৰাণীক গিলাচত বাকিবলৈ দিছিল সুৰা
সুৰাত মাতাল হৈ ৰজাই ৰাণীৰ কাপোৰ খুলি
কোমল মঙহত কামুৰ বহুৱাইছিল
ৰজাই ভাল পাইছিল সুৰা আৰু কোমল মঙহ
ৰাণীয়েও বিনা প্ৰতিবাদে
পুতলাৰ দৰে সহি গৈছিল সকলো
কাৰণ ৰজা তেওঁৰ ঈশ্বৰ, পতি পৰেমেশ্বৰ
এদিন ৰাণীয়ে বুকুত সাহস গোটাই
মাত মাতিবলৈ শিকিছিল
ৰাণীৰ মাত মতাটো সহ্য নহৈছিল ৰজাৰ
আৰু এদিন ছিটিকা পাতি ৰাণীক ওলমাই থৈছিল গোটেই ৰাতি
পিছদিনা ৰাতিপুৱা মানুহবোৰে গোট খাই কবলৈ ধৰিলে
চৰিত্ৰহীনা আছিল ৰাণী
দৰ্জাৰ চৌকাঠ পাৰ হব খুজিছিল
ঘৰিয়ালৰ চকুলো টুকি অৱশেষত
ৰজাও মানুহবোৰৰ সুৰত সুৰ মিলাই চিঞৰি উঠিছিল
হয়চৰিত্ৰহীনা আছিল ৰাণী
কবি:-
ঞ্জন বৰ্মন

No comments:

Post a Comment