Sunday, 25 June 2017

প্ৰয়োজন- অপ্ৰয়োজন

প্ৰয়োজন- অপ্ৰয়োজন
ৰাজীৱ ডেকা।
প্ৰয়োজনত চলি থাকে পৃথিৱীৰ প্ৰাত্যহিকতা।
অপ্ৰয়োজনত অৰ্থহীন সমস্ত আন্তৰিকতা।
এডাল দুডালকৈ কুটা কঢ়িয়াই গঢ়া সপোনৰ পৃথিৱীও
সেয়ে ভাঙি পেলাও অন্য এখন পৃথিৱীৰ প্ৰয়োজনত।
আপাততঃ সকলো আছে,কি নাই!
তথাপি আঙুলিৰ ফাকত দেখো
চিনাকি আঙুলিবোৰেই চেঁচা পৰি যায়।
অপ্ৰয়োজনত অকণমান ভালপোৱাকো
মানুহে ৰাখিব নোৱাৰে বুকুত পোহ মনাই।
প্ৰয়োজনত ঠগাবলৈ শিলক পাতি লৈছোঁ ঈশ্বৰ ।
তথাপি ঈশ্বৰে এৰি যাব পৰা নাই আমাক।
বাচি থাকিবলৈ ঈশ্বৰৰো যে মানুহক ভীষণ প্ৰয়োজন ।
প্ৰয়োজনত কোৱা মিছা কথাত ঠেং চুটি নহয় ।
প্ৰয়োজনত কৰা পাপত শাস্ত্ৰইও বিধান ৰাখিছে।
প্ৰয়োজনত চিকাৰো হৈ উঠে দুৰ্দান্ত চিকাৰী
মানুহ হৈ পৰে চিতাৰ চকুৰ দৰে চঞ্চল নৃশংস।
প্ৰয়োজনত মনত বিহ লৈও আপুনি মই লগ হওঁ
মিচিকিয়াই কৰমৰ্দন কৰোঁ শুভকামনা জনাওঁ।

আপুনিও সকলো কাম প্ৰয়োজনতহে কৰে।
সেয়ে আপোনাকো স্বাৰ্থপৰ বুলিব পৰা নাযায় মোৰ দৰে।

No comments:

Post a Comment