Monday, 19 June 2017

মই বিষ্ণুৰাভা হ'ব খোজোঁ‌

আখৰুৱালৈ বিষ্ণুৰাভা দিৱসৰ অভিনন্দন।
মোৰ আদৰ্শ পুৰুষ ,সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ চৰণ কমলত মোৰ এই কবিতা ------
মই বিষ্ণুৰাভা হ'ব খোজোঁ‌ ------
________________________
©
দিবাকৰ ৰেণু©
তেওঁ ঠিকেইতো কৈছিল,"উদয়ন হোৱা নাই-------স্বাধীনতাৰ সূৰ্যই আলোকিত কৰা নাই
ইয়ে আজাদী জুথা হেই"
এই শাশ্বত অনুভব কৰাৰ মৰসাহ
কোনে কৰিছিল ?
বিষ্ণু ৰাভাই,বিষ্ণু----বিষ্ণু ৰাভাই।
মই বিষ্ণু ৰাভা হ'ব খোজো----
ময়ো অনিৰূদ্ধ কণ্ঠেৰে বিশ্ব তোলাপাৰ কৰি ক'ব খোজো
আমি সকলোৱে স্বাধীনতাৰ চোলা পিন্ধা
একো একোটি সামন্তবাদীৰ গোলাম----
তেতিয়া যি আছিল,এতিয়াও সেয়ে আছে
তেতিয়াৰ আন্ধাৰ,এতিয়া কাল-তমসা
কি পৰিবৰ্ত্তন ?
কেৱল শাসনৰ বাঘ-জৰী
তেতিয়াৰ ৰজা স্বৈৰচাৰী
এতিয়াৰ ৰজা ভণ্ড নাৰকী
কি পৰিবৰ্ত্তন,সকলোবোৰচোন ঠিকেই আছে
তেন্তে এই বিপ্লৱ ?এই বিপ্লৱৰ অৰ্থয়েবা কি
মই বিষ্ণুৰাভা হ'ব খোজো
ময়ো উদ্দাত্ত কণ্ঠেৰে সিংহৰ গৰ্জনেৰে ক'ব খোজো
সাম্ৰাজ্যবাদ,ভোগবাদ,সমৰ্থনৰ মিছিলত
বহুৱাৰ দৰে স্বাধীনতাক চোঁ‌চৰাই কঢ়িয়াই ফুৰা আমি
একো একোটা উলংগ পথিক।
আমাৰ তেজেৰে আমাৰ হোলি উৎসৱ
ঠগ প্ৰবঞ্চনাৰে আমাৰ মেজিৰ লেলিহান শিখা
উৰুকাৰ ভোজ ভাতত ৰাংকুকুৰৰ পাশবিক তাণ্ডৱ
তথাপিও গান্ধাৰীৰ দৰে আমি স্বাধীনতাৰ আঁ‌ৰ কাপোৰেৰে ৰূ দ্ধ কৰিছো
অনুভবৰ তন্ময়ী চকু----
তেজতেই সানি লৈছো কাপুৰুষালি আৰু
চকুত নানাৰঙী কাজল
মই বিষ্ণু ৰাভা হ'ব খোজো----
কমৰেড বিষ্ণু ৰাভা,তেওঁ ভবাৰ দৰে আজিৰ কমৰেড হয়নে ?
সময়ে কয়,সুবিধাবাদী আৰু ভণ্ডামিৰ মুখাৰ আঁ‌ৰত লুকাই থাকে
লোভ আৰু তমসা সিঁ‌চা
বন্দুক গোলা বাৰুদ সিঁ‌চা
আৰু মাটিক এঙাৰ কৰা খকুৱা বিলাসী ৰজাৰ শাসন
মই তেনে কমৰেড নহওঁ‌
মই কমৰেড বিষ্ণু ৰাভা হ'
Friendship till death'
মৰনপৰ্য্যন্ত মই বিচাৰো জনতাৰ সংগ
মোক নালাগে বিপ্লৱৰ নামত বিদেশী ৰাষ্ট্ৰৰ বিলাসী তাজ
বিদেশী সুৰাৰে মজলিচ এক উদ্দাম নৃত্যৰে
কামোদীপ্ত ললনাৰ শেতেলী
মই বিষ্ণুৰাভা হ'ব খোজো---
চহা বিষ্ণুৰাভা-বিপ্লৱী ৰাভা-গেৰিলা সৈনিক ৰাভা
এখন হাতেৰে মাৰণাস্ত্ৰ চলাই আনখনেৰে
জনতাপূজাৰ অৰ্ঘ্য লৈ
মই সাঁ‌তুৰিব খোজো বিপ্লৱ কল্লোল
জাপ দিব খোজো বিদ্ৰোহৰ লেলিহান যজ্ঞত।
ৰজাৰ ঘোঁৰাক খেলিব নিদিওঁ‌ আমাৰ সেউজীয়াত,বিলাসীতা আৰু ক্ষমতালোভৰ যুঁ‌জ
আমি মৰন পণেৰে উভতাই আনিম
উদয়ন সূৰুযৰ সাতোৰঙী আভা
আমি বিষ্ণু ৰাভা।
সকলোতে কেৱল ছিয়ঁ‌ৰ ভোকৰ,শাসন ক্ষমতা,হঠকাৰিতা আৰু স্থায়িত্বৰ---
প্ৰজাৰ শুকান চালেৰে দুন্দুভি সজাই
হৰ্ষ- উল্লাসেৰে ৰজাৰ কটোৱালে বজাই
ৰাজ প্ৰসাদৰ নৃত্যত বোবাৰ দৰে
হাত চাপৰিৰে শলাগো বাঃবাঃবাঃ
ইয়াতেই বিদ্ৰোহী লক্ষ্মী ওৰাঙক উলংগ কৰা হয় ৰাজ-পথত
যাজ্ঞসেনী লক্ষ্মী ওৰাং
এয়াতেই স্বাধীনতাৰ এটা বৰ্ণ উচ্চাৰনৰ ৰোষত জিভা কৰ্ত্তন কৰা হয়
মুক্ত হত্যা-গুপ্ত হত্যাৰ দৌৰ
তেন্তে স্বাধীনতা--ক'ত আছে স্বাধীনতা ?
জনতাক সৰ্ৱহাৰা কৰা,বন্যাৰ্তৰ খবৰ লবলৈ ফটো সাংবাদিকৰ
কেমেৰাত হাস্যবদনে প'জ দি
খৱৰ কাগজৰ প্ৰথম পৃষ্ঠা শোভা কৰা
জনতাৰ স্বামীসকল-----?
'ত স্বাধীনতা---- কোন দিশে আজিৰ জনতা
জনতা আজি সন্দিহান
মই বিষ্ণুৰাভা হ'ব খোজো
মই পৰিবৰ্তন বিচাৰো
মই বিচাৰো জনতাৰ দেশ
আহক আমি বিষ্ণুৰাভা হওঁ‌
আমি বিচাৰো ৰূপান্তৰ
ন্যায্যতাৰ ন্যায়ালয়ত উৰুৱাই বিজয়ৰ নিচান
আমি প্ৰানটাকি চিয়ঁ‌ৰো---?
আমাক লাগে স্বাধীনতা,সছাঁ‌ স্বাধীনতা
আমাক নালাগে স্বাধীনতাৰ চোলা
প্ৰবঞ্চনাৰ মাদলী,যাদুকাৰী ক্ষমতা
আমি বিষ্ণু ৰাভা হ'ব খোজো।
%%%%%%%%%%%%%%%%
ধন্যবাদ।

No comments:

Post a Comment