আখৰুৱাৰ ধাৰাবাহিক
উপন্যাস:জুন,২০১৭
খণ্ড-২০
খণ্ড-২০
দাৰ্জিলিঙৰ পৰা
ঘূৰি আহিয়েই অৰুন্ধতী কলেজৰ ক্লাছবোৰত ব্যস্ত হ’ব লগা হ’ল৷সেইদিনা অৰুন্ধতী কলেজলৈ যোৱাৰ পিছত অনুৰাগ কোৱাৰ্টাৰটোত অকলশৰীয়া হৈ পৰিল৷অকলশৰীয়া মুহুৰ্তকেইটা পাৰ কৰিবৰ
বাবে অনুৰাগে বুকছেল্ফৰ কিতাপ খুচৰিলে৷এনেকৈ কিতাপ খুচৰি থাকোঁতে এখন ডায়েৰি অনুৰাগৰ হাতত লাগিল৷ডায়েৰি খনত কিনো আছে বুলি পাত লুটিয়ালে
অনুৰাগে৷অৰুন্ধতীৰ হাতৰ আখৰ দেখি তাৰ অনুসন্ধিৎসা বাঢ়ি গ’ল৷
“এইবোৰচোন অৰুৱে লিখা কবিতা!মোৰ অৰুৱে তেন্তে কবিতাও লিখে!মোকটো তাই কোনোদিন কবিতা লিখে বুলি কোৱা নাই!!”—অনুৰাগৰ অভিমান হ’ল৷অভিমানী মনটোৰেই সি কবিতাবোৰ পঢ়ি গ’ল ---
“বন্ধু,
তোমাৰ পৰা মোলৈ
এটা দীঘলীয়া বাট
স্মৃতিভ্ৰংশ মানুহৰ দৰে
তুমি পাহৰিলা
মোৰ ঠিকনা…”

“অৰুৰ জীৱনত কোনোবা ক্লজফ্ৰেণ্ড আছিল যি
অৰুৰ জীৱনৰ পৰা আঁতৰি গ’ল – কবিতাটোৱে সেইটোৱে কৈছে বোধহয়”—অনুৰাগে ভাবিলে ৷
“পুৰণি চিনাকী বিষাদ
কোন সূদুৰৰ পৰা ভাঁহি অহা
বাঁহীৰ কৰুণ সুৰ যেন
বিষাদে বিষাদক আবৰা…”
“পুৰণি চিনাকী বিষাদ
কোন সূদুৰৰ পৰা ভাঁহি অহা
বাঁহীৰ কৰুণ সুৰ যেন
বিষাদে বিষাদক আবৰা…”
“অৰুৰ মনত কিবা দুখ আছে কবিতাটোৱে সেইটোকে
কৈছে ৷মোৰ লগত দুখ শ্বেয়াৰ নকৰে নহয়!”—অনুৰাগে এইবাৰ অভিমানত নিজৰ মাজতে মুখ ফুলালে৷
“বুকুত জীপাল হৈ উঠে
সেউজীয়া নিয়ৰ তিতা ঘাঁহনি এডৰা..
কবিতাৰ শাৰী গুণগুণাই গুণগুণাই
এটোপাল গানৰ চকুলোৰে মই
সান্নিধ্যৰ উশাহ বিচাৰি….”
“বুকুত জীপাল হৈ উঠে
সেউজীয়া নিয়ৰ তিতা ঘাঁহনি এডৰা..
কবিতাৰ শাৰী গুণগুণাই গুণগুণাই
এটোপাল গানৰ চকুলোৰে মই
সান্নিধ্যৰ উশাহ বিচাৰি….”
“আপোনজনৰ সান্নিধ্য বিচৰা বিষাদৰ কবিতাচোন
এইয়া !!”—অনুৰাগে ভাবিলে৷
তাৰপিছত “তুমি” নামৰ এটা কবিতাত অনুৰাগৰ চকু থৰ হৈ গ’ল—
“তুমি
এপাহ ৰঙা গোলাপ
ধুমুহা-বৰষুণৰ এছাটি বতাহ
তুমি গান
চিনাকি-আপোন গান
তুমি
পুৱাৰ নিয়ৰকণা
বৰ্ণনাতীত তুমি
তুমি সাৰথি ভঙা-গঢ়াৰ
তুমি বন্ধু বুজা-নুবুজাৰ
জীৱন-মৰণে উশাহে নিশাহে
মাথোঁ তুমি,তুমি আৰু তুমি”

কবিতাটো পঢ়ি
অনুৰাগৰ উশাহটো চুটি হৈ যোৱা যেন লাগিল৷অৰুৰ কোনোবা ভালপোৱা আছিল৷অৰুৰ যদি তেনে এটা অতীতেই আছিল তাই মোক কিয় আজিলৈকে
কোৱা নাই!!অনুৰাগৰ কান্দিবৰ মন গ’ল৷ “নাই আৰু পঢ়িব নোৱাৰি”—ডায়েৰিখন জপাই থ’লে অনুৰাগে৷
কলেজৰ পৰা আহি
অনুৰাগৰ মুখত ফুটি উঠা বিবৰ্ণ চেহেৰাই অৰুন্ধতীক চিন্তাত পেলালে৷
:তোমাৰ কিবা হৈছে নেকি ৰাগ?গা ভাল নাই নেকি?
:নাই,একো হোৱা নাই – অনুৰাগে বৰ কষ্টৰে কথাকেইটা ক’লে৷
:মিছা কথা নক’বা৷মোৰ আৰু তোমাক চিনি পাবলৈ অকনো বাকী নাই ৰাগ৷তোমাৰ সঁচাই কিবা হৈছে৷কোৱা ৰাগ,কি হৈছে তোমাৰ?

অনুৰাগে তললৈ
মূৰটো কৰি অলপদেৰি মনে মনে থাকিল তাৰপিছত অৰুন্ধতীৰ ডায়েৰিখন আনি অৰুন্ধতীৰ হাতত
দিলে৷
:আজি তোমাৰ কবিতা পঢ়িলোঁ৷তুমিটো কবিতা লিখা বুলিও মোক কোনোদিন কোৱা নাই!!-অনুৰাগে অভিমানেৰে কৈ উঠিল৷অৰুন্ধতীয়ে এইবাৰহে উৰহী গছৰ ওৰ ধৰিব পাৰিলে৷অৰুন্ধতীৰ হাঁহি উঠিল যদিও অনুৰাগৰ চিৰিয়াছ মুখখন দেখি হাঁহিটো সামৰি থ’লে তাই৷
:ৰাগ, কবিতা লিখোঁ বুলি তোমাক কবলৈ সময়েই বা কেতিয়া পাইছোঁ৷আৰু ডায়েৰিত লিখা এইবোৰ যে কবিতাও নহয়,মোৰ মাথোঁ অনুভৱৰ টুকুৰা৷তোমাক ক’ব লাগিব বুলিও কোনোদিন মনলৈ অহাই নাই৷আৰু ৰাগ,এইখন মোৰ পুৰণি ডায়েৰি,বিয়াৰ আগৰ৷
:বুজিছোঁ…অৰু,তুমি কাৰোবাক ভাল পাইছিলা?ডায়েৰিত “তুমি” নামৰ কবিতা এটা পঢ়িলোঁ!

অনুৰাগৰ কথা শুনি
অৰুন্ধতীৰ হাঁহিমেই নে কান্দিম তেনে লাগিল৷তাই মৰমেৰে অনুৰাগক ক’লে—
:ৰাগ,তোমাৰ বাদে মোৰ কোনো প্ৰেমিক নাই৷কাৰোবাক হয়তো ভাল লাগিছিল কেতিয়াবা কিন্তু সেইয়া প্ৰেম নাছিল৷ “তুমি” কবিতাটো মই কোনো বিশেষজনক লৈ লিখা নাছিলোঁ ৰাগ৷ “তুমি” শব্দটো মোৰ বাবে মাথোঁ এটি চিম্বলহে সেইয়া ফুলো হ’ব পাৰে,শিলগুটিও হ’ব পাৰে, আকাশ হ’ব পাৰে, প্ৰেৰণা হ’ব পাৰে, প্ৰেমৰ অনুভৱো হ’ব পাৰে….
:তোমাৰ কোনোবা ক্লজফ্ৰেণ্ড আছিল?বন্ধু নামৰ কবিতাটো যে লিখিছা!! – অনুৰাগে সুধিলে৷
:আছিল ৰাগ, এজনী মোৰ খুউব ভাল বান্ধৱী আছিল৷তাই মোক এদিন ভুল বুজি আঁতৰি গ’ল৷মনত বৰ দুখ পাইছিলোঁ,ক’ম বাৰু তোমাক বেলেগ এদিন৷
:আৰু যে আৰু এটা কবিতাত লিখিছা – সান্নিধ্যৰ উশাহ বিচাৰি….
:উস ৰাম!তোমাক এতিয়া সৱ কবিতাৰে ব্যাখ্যা দিব লাগিব দেখিছোঁ …সান্নিধ্যৰ উশাহ বিচাৰি মানে মই তোমাকে বিচাৰি আছিলোঁ কিন্তু তুমি মোৰ কাষত তেতিয়া নাছিলা… হ’বনে?
অনুৰাগৰ মুখলৈ উজ্জ্বলতা ঘূৰি অহা দেখি অৰুন্ধতীয়ে স্বস্তিৰ নিশ্বাস এৰিলে৷
:ৰাগ, এটা কথা কওঁ..আমাৰ সম্বন্ধৰ ভেটিটোৱেই হ’ল – প্ৰেম,বিশ্বাস আৰু বুজাবুজি..তুমি মোক সম্পূৰ্ণৰূপে বিশ্বাস কৰিব লাগিব ৰাগ৷তুমি জানানে, সন্দেহ আৰু অভিমানে সম্বন্ধৰ ভেটিলৈ শিথিলতা আনে৷
:অৰু,মোৰ সোণজনী৷মই সাহিত্যৰ মানুহ নহয়৷যি বুজি পাওঁ চিধাচিধিকৈয়েই বুজি পাওঁ৷আজিৰ পৰা মই তোমাৰ পৰা কেতিয়াও তোমাৰ কবিতাৰ ব্যাখ্যা নিবিচাৰোঁ৷এইয়া কাণত ধৰিছোঁ চোৱা৷বহুত আঘাত দিলোঁ তোমাক৷মোক ক্ষমা কৰিবা৷—অনুৰাগে কাণদুখনত ধৰিয়েই ক’লে৷
হঠাতে অৰুন্ধতীৰ জোৰকৈ হাঁহি উঠি গ’ল৷হাঁহি হাঁহি তাই ডায়েৰিখনৰ পাত এখিলা মেলি ল’লে আৰু অনুৰাগক কাষলৈ মাতিলে৷অনুৰাগে অৰুন্ধতীৰ কোলাত মূৰটো থ’লে আৰু ক’লে-
:কি পঢ়ি শুনাবা,শুনুৱা
:“তুমি”ৰ বিষয়ে পঢ়ি শুনাম,শুনা—
“নাজানো,বন্ধুৰ দৰে তুমিচোন মোৰ নিচেই কাষত আহি থিয় হোৱা৷এই যে তুমি, “তুমি” বাৰু কোন?তুমি নিসংগতা,তুমি কবিতা অথবা তুমিয়েই মই?তুমি অশৰীৰি সত্তা যাৰ লগত মোৰ খুবেই অন্তৰংগতা৷তুমি মোৰ গাৰ ছাঁটোৰ দৰে৷
মনটো যেতিয়া দুখেৰে ভৰি পৰে তুমি নিটোল কবিতাৰ দৰে মোৰ আগত থিয় হোৱা৷জীৱনৰ কথা ভাবিলে তুমি মোৰ কাষত থাকা,প্ৰেমত পৰিলে তুমি মোৰ বুকুৰ মাজত সুহুৰি বজাই ঘূৰি ফুৰা৷ তুমি অশৰীৰি মোৰ আজীৱন আত্মীয়৷মোৰ যিদিনা মৃত্যু হ’ব তুমিও সেইদিনা মোৰ লগতে মাটিত শুই পৰিবা৷আত্মাৰ স’তে তুমি মিলি পৰিবা৷তুমি মোৰ বাবে ঈশ্বৰৰ উপহাৰ”
কথাখিনি পঢ়ি অৰুন্ধতীয়ে অনুৰাগলৈ চালে৷অনুৰাগ তেতিয়া টোপনিত…..
০০০০০০০
চিকিমৰ চৈধ্যদিনীয়া অফ ডিউটি সামৰি অনুৰাগ কৰ্মস্থলীলৈ যাব ওলাল৷অনুৰাগৰ সান্নিধ্যৰে মন-প্ৰাণ ভৰি থকা অৰুন্ধতীৰ মনটো জঁই পৰি যোৱা ফুল পাহিৰ দৰে হৈ পৰিল৷এটি বিষাদভৰা মনলৈ টোকেন্দ্ৰৰ ভেনখনতে অনুৰাগক অসম অভিমুখী ট্ৰেইনত উঠাই দিবৰ বাবে অৰুন্ধতীও ওলাল৷বহু দেৰি অৰুন্ধতী অনুৰাগৰ বুকুৰ মাজত সোমাই থাকিল, টোকেন্দ্ৰই বজোৱা কলিং বেলৰ শব্দতহে তাই অনুৰাগৰ বুকুৰ পৰা ওলাই আহিল৷ ড্ৰাইভাৰ টোকেন্দ্ৰই অনুৰাগৰ বেগটো লৈ চিৰিৰে তললৈ নামি গ’ল আৰু অনুৰাগ-অৰুন্ধতীও তাৰ পিছে পিছে তললৈ নামি গ’ল৷

দুঘন্টামানৰ পিছতে অনুৰাগহঁত নিউ-জলফাইগুৰি ট্ৰেইন ষ্টেচন
পালেগৈ৷ষ্টেচনৰ ভিতৰতে থকা ৰেষ্টুৰেন্টএখনত তিনিও কফি খালে৷ট্ৰেইন এৰিবৰ হ’লত অনুৰাগে অৰুন্ধতীক জোৰকৈ চুমা এটা দি ডবাত উঠিল৷এজন পুলিচে সিহঁতৰ ফাললৈ চাই মিচিক-মাচাক কৈ হাঁহি থকা অৰুন্ধতীৰ চকুত পৰিল৷ট্ৰেইনখনে গতি ল’লে,ট্ৰেইনখনৰ স’তে অনুৰাগো অৰুন্ধতীৰ পৰা শাৰীৰিকভাৱে দূৰলৈ গৈ থাকিল কিন্তু অনুৰাগৰ মৰম-সুবাস অৰুন্ধতীৰ বাহিৰে-ভিতৰে বৈ থাকিল৷চলমান
ট্ৰেইনখনলৈ চাই তাই ভাবিলে – জনমে জনমে তাই মাথোঁ অনুৰাগৰ, অনুৰাগৰ আৰু অনুৰাগৰ৷
এটি ভাগৰুৱা অৱস দেহাৰে অৰুন্ধতী নিজৰ কোৱাৰ্টাৰ
পালেহি৷কিবা এক শূণ্যতাই চুই গ’ল তাইক৷কাপোৰ-কানি সলাই ফ্ৰেছ হৈ ল’লে তাই৷পাৰ্ট টাইম কাম কৰা ছোৱালী পুষ্পা আহিল৷ পুষ্পাক চাহ বনাবলৈ কৈ তাই বিচনাত
পৰি প্ৰাপ্তিৰ ডায়েৰিখন লৈ এনেয়ে চকু ফুৰালে৷
হঠাতে কলিং বেলটো
বাজি উঠিল৷পুষ্পাই দুৱাৰ খুলি দিলে৷অৰুন্ধতীৰ কলিগ অমৃতা সোমাই আহিল৷প্ৰাপ্তিয়ে ডায়েৰিখন টেবুলত থৈ শোৱা কোঠাৰ পৰা ড্ৰয়িং ৰূম পালেহি৷
:কি কৰি আছিলা ?—অমৃতাই সুধিলে অৰুন্ধতীক
:এনেয়ে বিচনাত পৰি আছিলো, আজি অনুৰাগ গ’লগৈ নহয়৷—অৰুন্ধতীয়ে ক’লে৷
:আচ্ছা,সেইকাৰণে মন বেয়া নহয়?—অমৃতাই হাঁহি সুধিলে

অমৃতাৰ কথাত
অৰুন্ধতীয়ে মাথোঁ হাঁহিলে৷
:আজি গধূলি মোৰ ঘৰত চাহৰ পাৰ্টি দিছোঁ, আহিবা –অমৃতাই ক’লে
:কিয়, কিবা স্পেচিয়েল আছে নেকি?
:নাই, নাই এনেয়ে, আমি গোটেই কেইগৰাকী লেডিজ বহুদিন লগ হোৱা নাই যে, সেইকাৰণে গেট-টুগেদাৰ ৰাখিছোঁ
:ঠিক আছে, যাম বাৰু – অৰুন্ধতীয়ে নিমন্ত্ৰণটো পাই ভালেই পালে, অন্তত: অনুৰাগৰ অনুপস্থিতিয়ে মনলৈ অনা বিষাদখিনি অকনমান পাতলাই ৰাখিব পাৰিব৷

পুষ্পাই দুয়োলৈকে
চাহ আনি চেন্টাৰ টেবুলত থ’লেহি৷চাহ খাই দুই এটা কথা পাতি অমৃতা গ’লগৈ৷পুষ্পাও সেইদিনাৰ কাম সামৰি বিদায় ল’লে৷
অৰুন্ধতীয়ে
প্ৰাপ্তিৰ ডায়েৰিখনৰ কেইটামান পৃষ্ঠা পঢ়িবলৈ বুলি মেলি ল’লে-----
বিৰিণাই এনেকৈ ক’ব পাৰে বুলি মই সপোনতো ভবা নাছিলোঁ৷বিৰিণা আৰু মই এটা মাহৰ “মেছ চেক্ৰেটেৰী” হৈছিলোঁ৷আমি মেছৰ বজাৰ কৰিবলৈ গ’লে বজাৰ কৰি উঠি চাহ-মিঠাই খাইছিলোঁ মেছৰ টকাৰেই৷মেছ চেক্ৰেটেৰীৰ সেই সুবিধাকণ আছে বুলিয়েই মই ভাবিছিলোঁ সেয়ে সমজুৱা টকাৰে
চাহ-মিঠাই খাই মোৰ বিশেষ অপৰাধবোধ হোৱা নাছিল কিন্তু তাই মোক এদিন ক’লে –
“প্ৰাপ্তি, মেছৰ টকাৰে ঘৰৰ মানুহৰ বাবে কাপোৰৰ বজাৰ কৰোঁ ব’লা৷”
বিৰিণাৰ কথাত মোৰ চকু কঁপালত উঠিল,মই প্ৰতিবাদ কৰিলোঁ—
“কৃষ্ণ প্ৰভু, এনে কথা মোৰ আগত নক’বা”
“প্ৰাপ্তি,তুমি তেনেই আকৰীজনীয়েই হৈ আছা৷তুমি নাজানা, কিমান ছোৱালীয়ে মেছৰ টকা মাৰি মাকলৈ শাৰী,ভনীয়েকলৈ চুৰিডাৰ পিচ লৈ যায়!”
বিৰিণাৰ কথাত মোৰ খং উঠি আহিল,মই ক’লো—
“মই তেনে নিকৃষ্ট কাম কৰিব নোৱাৰোঁ!!”
খঙতে বিৰিণাক বজাৰৰ মাজতে এৰি মই হোষ্টেললৈ উভতি আহিলোঁ৷প্ৰিয়াহঁতক বিৰিণাই মোক কোৱা কথাখিনি ক’লোহি ৷প্ৰিয়াই মোক ক’লে—
“জানানে, তাই তোমাৰ বিষয়ে বহুত কিবাকিবি কৈ থৈছে,তুমি বেয়া পাবা বুলি ইমানদিনে কোৱা নাছিলোঁ—তুমি বোলে মেছৰ বজাৰ কৰিবলৈ গ’লে অনবৰতে মেছৰ টকাৰে খাওঁ খাওঁ কৰি থাকা”
বিৰিণাই মোৰ বিষয়ে ইমান বেয়াকৈ লগোৱা শুনি মনটো দুখেৰে ভৰি পৰিল৷যেন তেন মেছৰ বাকী দিনবোৰ পাৰ হ’বলৈ দিলোঁ মই৷বিৰিণাৰ লগত মাত-বোলো বন্ধ কৰিলোঁ মই৷মোৰ এনে আচৰণত এদিন বিৰিণাই মোৰ ওচৰত ক্ষমা খুজিলে –মই বিৰিণাক ক্ষমা কৰি দিলোঁ আৰু হৃদয়ত লগা আঘাতখিনি পাহৰিবলৈ চেষ্টা কৰিলোঁ৷ (আগলৈ)

No comments:
Post a Comment