'শব্দ-সন্ধান' -৩১
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°
'শব্দ-সন্ধান'ত অসমীয়া ভাষাৰ কেইবাটিও গুৰুত্বপূৰ্ণ দিশ সামৰি, ভাষা বিষয়ক এলানি মূল্যৱান লেখা ধাৰাবাহিকভাৱে প্ৰকাশৰ দিহা কৰা হৈছে। আমাৰ অনুৰোধমৰ্মে এই লানি লেখা আগবঢ়াইছে 'শব্দ-সন্ধান'ৰ উপদেষ্টা ড° খগেশ সেন ডেকা মহোদয়ে। আশা কৰোঁ আখৰুৱাৰ সন্মানীয় সদস্যসকল, ভাষা সম্পৰ্কীয় এই লানি লেখাৰ জৰিয়তে উপকৃত হ'ব।

ধন্যবাদেৰে-
'শব্দ-সন্ধান'ৰ পৰিচালক মণ্ডলী:
ড° খগেশ সেন ডেকা (উপদেষ্টা)
ড° দীপালী বৰা (মুখ্য ব্যৱস্থাপক )
সূৰ্য্য বৰা আৰু কন্দৰ্প নাথ (সহযোগী ব্যৱস্থাপক)
___________________________

(১ম খণ্ড )
০অসমীয়া ভাষাৰ আখৰ-জোঁটনি:
- ড° খগেশ সেন ডেকা
---------------------------
প্ৰস্তাৱনা :
ভাষা একোটাৰ লিখন আৰু পঠনৰ বাবে বৰ্ণ প্ৰতীকৰ আধাৰত যি শব্দ বা শব্দগুচ্ছ ৰচিত হয় তাকে সাধাৰণভাৱে আখৰ-জোঁটনি, বানান, বৰ্ণ-বিন্যাস বা বৰ্ণ-যোজনা বোলা হয় ৷ আখৰ-জোঁটনি বা বানান প্ৰকৰণ মূলতঃ লিখিত ভাষাৰ সৈতে জড়িত ৷ কথিত ভাষা যিহেতু মৌখিকভাৱে প্ৰৱাহিত, এতেকে তাৰ বানান নিৰূপণৰ আৱশ্যকতা নাথাকে ৷ ঐতিহাসিক বিৱৰ্তনৰ পৰিণতি স্বৰূপে মৌখিক ভাষাত দেখা দিয়া ধ্বনি-পৰিৱৰ্তনৰ হেতু, একোটা নিৰ্দিষ্ট সময়ত সেই ভাষাৰ লিখন কাৰ্যৰ বাবে ব্যৱহৃত আখৰ জোঁটনি বা বানান-ৰীতি আন এটা সময়ত অনুপযোগী হৈ উঠিব পাৰে ৷ তেতিয়া সংশ্লিষ্ট ভাষাটোক যুগোপযোগী কৰি তুলিবৰ বাবে বানান-ৰীতিৰ সংশোধন তথা সংস্কাৰৰ আৱশ্যক হয় ৷ এই ক্ষেত্ৰত ভাষাৰ লিখনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত প্ৰযুক্তিসমূহৰ উন্নতিয়েও বিভিন্ন প্ৰকাৰে প্ৰভাৱ পেলায় ৷
বৰ্তমান অসমীয়া ভাষাৰ লিখন-ৰীতিত যিমানবোৰ সমস্যা দেখা গৈছে, সেইবোৰৰ ভিতৰত সম্ভৱতঃ বানানৰ সমস্যা সবাতোকৈ গুৰুতৰ ৷ যোৱা প্ৰায় ডেৰটা শতিকাত এই সম্বন্ধে কাকতে-পত্ৰই নানান আলোচনা-বিলোচনা হৈছে, বিভিন্ন শিক্ষাসদী সংস্থাই উচ্চ পৰ্যায়ৰ আলেচনা সত্ৰ পাতি কেতবোৰ নীতিও নিৰ্ধাৰণ কৰি দিছে; কিন্তু মূল সমস্যাৰ সমাধান আজিকোপতি সম্ভৱ হৈ উঠা নাই ৷ বৰং পূৰ্বতকৈ ই অধিক গুৰুতৰ ৰূপ ধাৰণ কৰা বুলিহে ক'ব পাৰি ৷ সাধাৰণজনৰ কথা বাদেই বেজৰ নাকতে খৰ হোৱাৰ দৰে বিজ্ঞসকলৰ লেখাতো এতিয়া বানানৰ খেলিমেলি লক্ষ্য কৰা যায় ৷ ছপাখানাৰ সৈতে জড়িত অনভিজ্ঞ তথা অৰ্হতাবিহীন লোকে এনে ভুলৰ মাত্ৰা বৃদ্ধিত অধিক অৰিহণা যোগাইছে ৷
অসমীয়া বানান-ৰীতিৰ
—————
পৰম্পৰা :
————
প্ৰতিটো লিখিত ভাষাৰে বানান-ৰীতিৰ এক পৰম্পৰা বিদ্যমান ৷ অসমীয়া ভাষাও তাৰ ব্যতিক্ৰম নহয় ৷ অসমীয়া ভাষাৰ প্ৰায় ডেৰ হাজাৰ বছৰীয়া ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায়, লিখিত ৰূপ পৰিগ্ৰহ কৰাৰে পৰা ই বহু আলোচিত বানান বিভ্ৰাটৰ দুৰাৰোগ্য ব্যাধি বহন কৰি আহিছে ৷ প্ৰাচীন কামৰূপৰ ৰজাঘৰীয়া ভূমিদান ফলিসমূহতে এই ব্যাধিৰ প্ৰথম প্ৰকাশ ঘটে ৷ এই ফলিসমূহৰ ভাষা সংস্কৃত আছিল যদিও তৎকালীনভাৱে প্ৰচলিত স্থানীয় ভাষাটোৰ সংস্কৃত ভিন্ন উচ্চাৰণ-ৰীতিৰ দ্বাৰা প্ৰভাৱিত হৈ তক্ষকাৰসকলে ই/ঈ, উ/ঊ, শ/ষ/স, ত-বৰ্গ/ট-বৰ্গ, জ/য আদি বৰ্ণৰ প্ৰয়োগত যথেষ্ট প্ৰমাদ ঘটাইছিল ৷ খ্ৰীঃ পঞ্চমৰ পৰা দ্বাদশ শতিকাৰ সময়ছোৱাত খোদিত এই ফলিবোৰৰ সংস্কৃত ভিন্ন বানান-ৰীতিয়ে তেতিয়াৰ কামৰূপ ৰাজ্যত প্ৰচলিত স্বকীয় বৈশিষ্ট্যসম্পন্ন ভাষা এটাৰ ইংগিত দিয়ে ৷ সপ্তম শতিকাত কামৰূপ ভ্ৰমণ কৰা চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ "এওঁলোকৰ ভাষা মধ্য ভাৰতৰ ভাষাতকৈ অলপ লৰ" শীৰ্ষক মন্তব্যষাৰিয়েও উক্ত কথাৰ দৃঢ়তা প্ৰতিপন্ন কৰে। (আগলৈ)

No comments:
Post a Comment