Wednesday, 28 June 2017

হাজাৰবাৰ মৃত্যুৰ পিছতো আকৌ জী উঠিম তোমাক ভাল পাবলৈ

।।হাজাৰবাৰ মৃত্যুৰ পিছতো
আকৌ জী উঠিম তোমাক ভাল পাবলৈ।।
---ৰঞ্জন বর্মন
কি ভুল আছিল মোৰ
তোমাৰ অনুমতিৰ আবিহনেই তোমাক ভালপাই পেলোৱাটো
নে মোৰ সঁচা ভালপোৱাক তোমাৰ আগত জাহিৰ কৰাটো
যাৰ বাবে চৰম শাস্তিৰ সন্মুখীন হৈছো মই
কোনো চৰ্তৰ অবিহনেই ভালপাই পেলাইছিলো তোমাক
যিদৰে তৰাই ভালপাই জোনক
নদীয়ে সাগৰক, অৰণ্যই সেউজীয়াক
তোমাক ভালপোৱাৰ বাবেই
তোমাৰ মেঘালী চুলিৰ ঢৌত জাহ যাব খুজিছিলো
তোমাৰ সপোনবোৰক নাম দিব খুজিছিলো
আৰু তোমাৰ উকা কপালত আঁকি দিব খুজিছিলো
পুৱাৰ ৰক্তিম বেলি
ভালপোৱাটো কি পাপ ?
তেন্তে আকৌ এবাৰ হত্যা কৰা হওঁক
জংকী-পানৈক, ৰোমিও-জুলিয়েটক
হত্যা কৰা হওঁক লেইলা-মজনুক
ভাঙি নিচিন্ন কৰি দিয়া হওঁক প্ৰেমৰ প্ৰতিক তাজমহল
আৰু নিষেধাজ্ঞা জাৰি কৰা হওঁক প্ৰতিটো প্ৰেমৰ আখ্যান

তোমাক ভালপোৱাটোও যদি পাপ
তেন্তে তেনে পাপ হাজাৰবাৰ কৰিম
হাজাৰবাৰ মৃত্যুৰ পিছতো
আকৌ জী উঠিম তোমাক ভাল পাবলৈ

No comments:

Post a Comment