Saturday, 24 June 2017

মৃত্যুৰ পোচাকৰ সুখ

★★মৃত্যুৰ পোচাকৰ সুখ★★
মই মৃত্যুৰ পোচাক পিন্ধি ঘুৰি ফুৰো
অহৰহ,
শূন্যতাৰ ষ্টেচন
ভালপোৱাৰ অচিন পথ
তোমাৰ অভিমানৰ পথাৰ
ভ্ৰমি আহো স্মৃতিৰ কেঁকুৰি
মই মৃত্যুৰ পোচাকযোৰ ভালপাওঁ
অথচ তোমাৰ ভালপোৱাই
জীয়াই ৰাখে মোক!!
কিচু আকাংক্ষা আছে,
এই যে কদৰ্য হৃদয়খন লৈ জী আছো,
ইয়াৰ এটা অৰ্থ আছে!
চৌদিশৰ তুচ্চ তাচ্ছিল্যবোৰ যে গিলি থৈছো,
ডিঙি চৰ্চৰাই যোৱা পানী এঢোকৰ দৰে!
এই যে বাৰে বাৰে ধৰা দিছো
মই ভুল
মই ভুল
ইয়াৰ বিনিময়ত,
তুমি পাবানে তোমাৰ ওঁঠৰ সেই ঔজ্বলতা
যত মই হেৰাইছিলো মোক---(?)
বহুদিন হ',
তোমাৰ হাঁহিটো শুনা নাই
কেতিয়াবা যে হথাৎ আনটো মুৰৰ পৰা কোৱা
"
অ কোৱা---"
তেতিয়া হয়টো তুমি পাহৰি যোৱা
প্ৰায়ে শব্দহীনতাত তোমাক গাই শুনাইছিলো গান!
অভিপ্ৰায় মাথো এটাই
তোমাৰ মাতত বৰ্ষা এজাক নামেহি বুকুত!!
তোমাৰ হাঁহিত---
ইমান সুখ কেতিয়া গজিছিল??
তুমি গোপনে সাৰে থাকা বুকুত
জীৱনৰ যটিলতম যন্ত্ৰনাৰ মাজতো ইয়াকেই বিচাৰিম---
হুমুনিয়াহে গধুৰ কৰা উশাহৰো এটা মজ্জা আছে!
'
জীৱন এটা দীঘলীয়া সপোন৷'
এয়া মোৰ জীৱন দৰ্শন---
সপোন জানো পৰিকল্পিত?
ধৰি লৈছো,
যোৱাৰাতি সপোনত
মই বিচ্ছেদিত হৈছো মোৰ প্ৰিয় নাৰীৰ সতে!
ধৰি লৈছো,
ধৰি লৈছো,
শেষত ধৰি লৈছো,
তুমি হাঁহি এটি বেহাবলৈ গৈছা!
দুখৰ টোপোলা এটি
মোৰ দুহাতত দি কৈছা,
আহি আমি ভগাই লম এখুদ এখুদ
মই মৃত্যুৰ পোচাক এযোৰ পিন্ধি জী আছো,
তোমাৰ ভালপোৱাৰ প্ৰাণত্বৰে
মই সপোনটোৰ অন্তিমলৈ ৰৈ আছো,
আশা,
এদিন মৃত্যুৰ পোচাকযোৰ খুলি থম৷
এদিন হুমুনিয়াহৰ সলনি উশাহ এটি লম৷
অনুৰাগ কাশ্যপ
নলবাৰী

No comments:

Post a Comment