Tuesday, 20 June 2017

নৰকাসুৰ

নৰকাসুৰ
     -- লীনা হাজৰিকা  _________
নৰকাসুৰ মাটিৰে গঢ়া
প্ৰেমিক আছিল
তেজ- মঙহৰে গঢ়া এখন হৃদয় আছিল
আৰু প্ৰেমিকা আছিল
এগৰাকী ৰঙা সাজ-পাৰ পৰিহিত
চলনাময়ী নাৰী

নৰকাসুৰৰ প্ৰেমলৈ
আঁউসি নামিছিল আহিছিল
আৰু ব্যৱধান আছিল এখন সামাজিক বেৰৰ
প্ৰেয়সী চলনাই নিশাটোৰ ভিতৰতে নৰকাসুক
আসুৰিক হৈ কৰি তুলিছিল !
প্ৰেমে বাকি দিয়া বঞ্চনা নৰকাসুৰে
পান কৰিছিল
নীলাচলৰ বুকুত নৰকাসুৰৰ
বিফল প্ৰেম আজিও প্ৰতিধ্বনি হি উঠে !

No comments:

Post a Comment