Tuesday, 20 June 2017

বানাক্রান্ত

।। বানাক্রান্ত ।।
নলনি পামত নৈখনে জিৰাইছিল
পুৰণি সাধু কথা এটাই ন-কৈ পোখা মেলিছিল
নৈপৰীয়া সাধুত অভ্যস্ত মানুহবোৰে এতিয়াও
নৈ খনৰ কথাকে আওৰাইছিল
তাত এখন গাওঁ আছিল
বৃকুদৰ মহৰীৰ পাৰঘাট এটা আছিল
ঘাটুৱৈ আছিল
নাওৰীয়া আছিল
ঘাটটোৰে মানুহৰ সঘন আহ্ যাহ্ আছিল
নলনী পামত নৈখনে জিৰাইছিল
কলৰ ভুৰ সাজি
মহৰী ঘাটত মানুহবোৰে ভিৰ কৰিছিল
গাওঁখনত এজন
কৰ-তলীয়া ৰজাৰ টেকেলা আছিল
কৰ তুলিব নোৱাৰি
টেকেলা এদিন আপোনঘাতী হৈছিল
অন্তেষপুত পাট-মাদৈ
আৰু
লিগিৰীয়ে ৰজাৰ
ভোগজৰা সজাইছিল


-
উইল চিদ্দিকুৰ ৰহমান।১৯০৬১৭।

No comments:

Post a Comment