ঘড়ী কাঁইট মানুহঃ
-- জয়ন্ত আকাশ বৰ্মন
এঘাৰ বাজি বিছ
মিনিট। নিশা ঠিক এঘাৰ বাজি বিছ মিনিটত সি মৃত্যুক সাবটি লব। এঘাৰ বাজি বিছ মিনিটত ওৰ পৰিব তাৰ জন্মবধি যাতনা।
তাৰ যত যন্ত্রণা, হতাশা, অসাফল্য, বেদনা-এইমাত্র তাৰ জিভাৰে ইছ'ফেগাছ পাৰ হৈ পাকস্থলী- ইন্টেষ্টাইন গৰকি যোৱা নীলা পইজনটোৰ স'তেই সংপৃক্ত হৈ তাৰ ধমনীয়েদি পৰিবাহিত হৈ অলিন্দত প্রবেশ কৰিব, আৰু এঘাৰ বাজি বিছ মিনিটত তাৰ হৃৎপিণ্ড অন্তিম বাৰৰ বাবে স্পন্দিত হব। তাৰ পাচত। তাৰ পাচত
সি হৈ পৰিব এটা লাচ্।
সি দেৱাল ঘড়ীটোলে' চালে। এঘাৰ বাজি পাঁচ মিনিট। তাৰ হাতত এতিয়াও পোন্ধৰ মিনিট বাকী। সি
শেষবাৰৰ বাবে খিৰিকিৰে বাহিৰলৈ চাই পঠিয়ালে। কৃষ্ণ একাদশীৰ ক্ষীণ জোনাক। খিৰিকিৰ উলম্ব সমান্তৰাল লোহাৰ চিক কেইডালত ধৰি সি অনুভৱ কৰিলে লাহে-লাহে
বিকল হৈ অহা তাৰ স্পর্শানুভূতি। আকাশত মেঘবোৰে ভয়ংকৰ কিবা এটা খেলি আছে। মৌনতাৰেই সি চিঞৰিলে-হে পৃথিৱী, সকলো পৰাজয় কিয় মোৰ নামতেই লিখিলি? প্রথমতেই মোৰ একমাত্র সংগী মাক লৈ গ'লি। তোৰ অকনো বেয়া লগা নাছিল নে,মন্দিৰৰ পৰা পূজাৰ
ফুল লৈ উভটি অহা মাক গাড়ীৰ চকাৰ তলত সুমুৱাই দিবলৈ'।
সি ফেকুঁৰি উঠিল।
সি ভাবিলে-কিয় জীৱনে তাক মাত্র হতাশা, যাতনাই দিলে!
কিয়, কিয় প্রথম প্রেমে তাক ঠগিলে! সিতো শেষ বিন্দু শোনিতেৰেই তাইক ভাল পাইছিল! কিয় তাই তাক এৰি আনলৈ গুচি গ'ল! সি শেষবাৰৰ বাবে তাইক এবাৰ ৰিং কৰি চালে। আগতে পোৱাৰ দৰে এইবাৰ সি তাইক আন এটা কলত ব্যস্ত নাপালে। নাম্বাৰ ডাজ'ন্ট্ এক্জিষ্ট হৈ গ'ল তাই আজি। ডাজ'ন্ট্ এক্জিষ্ট। ডাজ'ন্ট এক্জিষ্ট...
পঢ়িছিল তো সি, নিষ্ঠাৰেই। পাঁচ বছৰ কঠোৰ শ্রম কৰিও কিয় সি এটা সংস্থাপন নাপালে। নিশ্চয় এই পৃথিৱীত জীয়াই থাকিবলৈ তাৰ কিবা এটাৰ অভাৱ আছে। কিবা এটাৰ অভাৱ আছে। কিবা এটাৰ...
তাৰ খেতিতেই কিয় বানপানী হয়,বাৰ বাৰ; অথবা খৰাং হৈ কিয় জ্বলি যায় তাৰ বছৰজোৰা শ্রম। বাকীবোৰ মানুহৰ খেতিতো বাৰ-বাৰ এনেকুৱা নহয়!!!
ফুটপাথেৰে গৈ থাকিলে ওপৰৰ চৰাইজনীয়ে কিয় তাৰ মূৰতহে...
মন্দিৰৰ পৰা বাহিৰলে' ওলাই কিয় সি দেখে তাৰহে জোতাযোৰ নাই! বাকী সকলোৰেই তো থাকে!!!

তাৰ বাবে কোনেও ক'তো ৰৈ নাথাকে। তাৰ অৱস্থিতি বা অনুপস্থিতি- এই পৃথিবীত একেই। তাৰ অৱস্থিতিও কোনেও
গ্রাহ্য নকৰে, নাইবা তাৰ অনুপস্থিতিও কোনেও অনুভৱ নকৰে। সি নীলা যদি নীলা, ক'লা যদি ক'লা। সি চিঞৰিলেও কোনেও নুশুনে-অথবা তাৰ মৌনতাও কাৰো আলোচনাৰ
বিষয় নহয় !
সি দেৱাল ঘড়ীটোলৈ
চালে-এঘাৰ বাজি দহ মিনিট। আৰু দহ মিনিট! তাৰ পাছতেই তাৰ নীলনিদ্রা।
সি বিচনালৈ উভটি
আহিল। তাৰ দুচকুৰ পতা গধূৰ হৈ আহিছিল। এই পৃথিবীৰ পৰা প্রস্থানৰ সময় তাৰ সমাগত। সি গা ধুই লব বিচাৰিলে। লাইট
জ্বলাই সি বাথৰূমত সোমাল। হাতৰ ঘড়ীটো সি খুলিলে। সময়ৰ পৰা
সি বিচ্ছিন্ন হৈ পৰিল। প্লাষ্টিকৰ বাল্টিৰ পৰা মগেৰে সি পানী তুলি ...
পানীৰ বাকেটটোত এটা নিগনি সৰি পৰিল, চিলিঙৰ পৰা। বাল্টিটোৰ পানীত সি সাঁতুৰিবলৈ চেষ্টা চলাই থাকিল। পানীৰ পৰা মুক্ত হৈ বাচি থাকিবলৈ সি আপ্রাণ চেষ্টা চলালে। বাল্টিৰ বৃত্তাকাৰ জলপৃষ্ঠত তাৰ জীয়াই থকাৰ তাড়নাই খদমদম লগালে। নিগনিটো কক্-বকাই থাকিল। ওপৰৰ চিলিঙত এটা জেঠীয়ে এটা উৰি ফুৰা পোক চিকাৰ কৰি গিলি থাকিল। মগটো নমাই থৈ সি বাল্টিৰ পানীত হাতখন জুবুৰিয়াই দিলে। লবেজান নিগনিটোৱে ক্ষীপ্রতাৰে এইবাৰ তাৰ হাত বগাই জলপৃষ্ঠৰ পৰা উঠি আহিল। মজিয়াত পৰি সি এবাৰ উশাহ ল'লে। তাৰ চকুলৈ এবাৰ চাই সি দেহত জীয়াই থকাৰ অনুভূতি সানি মজিয়া বগাই গুচি গ'ল।

জলক-তবক খোজেৰে সি
বিচনালৈ আহিল। আৰু অধঃপতিত হ'ল। তাৰ পঞ্চানুভূতি ক্রমশঃ স্থবিৰ হৈ পৰিল...ঠিক এঘাৰ বাজি বিছ মিনিটলৈ এক চেকেণ্ড...
খিৰিকিৰে এজোলোকা ৰ'দ আহি তাৰ কোঠাটো উজলাই পেলাইছে। সি নিজকে চুই চালে। সিতো জীয়াই থাকিল। সি চিঞৰি চালে, বেইমান জীৱন- শব্দটো প্রতিধ্বনিত হৈ কোঠা, ৰাস্তা, চহৰ আৱৰি পেলালে। সি উশাহ ল'লে দীঘলকৈ। ওচৰৰ শিশু বিদ্যালয় খনৰ সমস্বৰিত কলৰৱো সি শুনা পালে। তাৰ মানে মৃত্যুৱেও তাক প্রবঞ্চনা কৰিলে... এটা নিগনিয়ে ৰাতিটোৰ ভিতৰতেই কুটি-কুটি খাই পেলালে তাৰ বছৰধৰি ৰচনা কৰি যোৱা চুইচাইড নোট !!!
মৃত্যুৰ আকাংক্ষাটো সি বুকুত পুণর্বাৰ কট্-কটীয়াকৈ বান্ধি ল'লে। বাথৰূম, টাৱেল, দর্জা, তলা, গেট, ৰাস্তা- লক্ষ্যভ্রষ্ট খোজেৰে সি বাহিৰলৈ ওলাই আহিল। একেই দুনীয়া। যাতনাৰ সাগৰ । ব্যস্ত পথ, ব্যস্ত ফার্মাচী, ফুটপাথৰ উতলা চাহপাত, ৰিক্সাৱালাৰ চেণ্ডেলৰ চিগা ফিটা, উৰি থকা ক'র্পৰেট টাই...নিগনি মাৰা দৰৱ...
স্কুটাৰ এখন পাৰ হৈ গ'ল।স্কুটাৰৱালাৰ পেটত ধৰি পিচৰ চিটত পিঠিত স্কুল বেগেৰে এজনী কনমানি ছোৱালী-কলমটিয়াইছে। সি চিঞৰিলে, সিহঁতে শুনা নাপালে। পিছে-পিছে প্রচণ্ড বেগেৰে সি দৌৰিলে। ঠিক তেতিয়াই সি তাইক ধৰি ল'লে যেতিয়াই তাই স্কুলবেগটোৰ সৈতে স্কুটাৰৰ পিছৰ চিটৰ পৰা উফৰি পৰিছিল।এখন কাৰ আৰু এখন ট্রাক কাষেৰে পাৰ হৈ গ'ল। মানুহৰ জুম বান্ধিলে। স্কুটাৰৱালা দেউতাকক ভর্ৎসনা কৰিলে। কনমানিজনীয়ে তাক সাৱটি ধৰিলে। জীয়াই থাকিল তাই। উশাহ লৈ থাকিল।তাক তাই তিনিটা চকলেট দিলে। দেউতাকজনে তাক সেৱা কৰিলে- পৃথিৱীৰ ভগবান দেখিলো আজি! মৃদু হাঁহিৰে সি সেই স্থান এৰি গৈ থাকিল। (যি মৃত্যুমুখী, সি ভগবান!!)
নৈৰ পাৰত শিল্পীসকলে ছবি আঁকি আছিল। তাৰ মনত পৰিল, এসময়ত সিয়ো ছবি আঁকিছিল। উকা কেন্ভাছ এখন দেখি সি তাতেই এখন ছবি আঁকিব ল'লে। ছোৱালী এজনীয়ে তাৰ ফালে সপ্রশংস নিনির্মেষ দৃষ্টিৰে চাই থাকিল। ক'লে-আপুনি মোৰ কেনভাছত অনুমতি নোলোৱাকৈয়ে ব্রাছ বুলাইছে। সি ক'লে-ইয়ে মোক অপেক্ষা কৰি আছিল। কৈ সি ব্রাছ সামৰি যাবলৈ উঠিল। ছোৱালীজনীয়ে তাৰ হাতত ধৰিলে-এতিয়া আধা অঁকাকৈ আপুনি যাব নোৱাৰিব। আপোনাৰ হাতত শিল্প আছে। মোৰ উকা কেন্ভাছত যাদুকৰী ৰং সানি আপুনি তাক জাষ্টিছ দিছে। এনেকুৱা এখন ছবিৰ বাবেই ইমানদিনে মই ছট্ফটাই আছিলো। আপুনি মোৰ কলিজা স্পর্শ কৰিছে।সি মৃদু হাঁহিলে। ক'লে-মই মৃত্যুক স্পর্ষ কৰি আহিছো। (মৃত্যুমুখী মানুহৰ স্পর্শ !)
সি খোজ ল'লে দুপৰৰ ব্যস্ত ফুটপাথেৰে। তিনিটা ভিখাৰী শিশুই গীর্জাটোৰ সমুখৰ ফুটপাথত হাত মেলি আছিল। সি তিনিওজনৰ হাতত তিনিওটা চ'কলেট দি দিলে। আঁতৰৰ পৰাই সি শুনিলে, সিহঁতৰ এজনে ক'লে-তহঁতক কৈছিলো নে ভগবান আছে। চা তিনিটা চ'কলেট দি গ'ল ভগবানে আমাক। ঈশ্বৰত বিশ্বাস ৰাখিবি। বুজিলি !?
এইবাৰ সি গলিৰ আনটো মূৰলৈ খোজ ল'লে। এখন স্কুল দেখিলে, ভগ্নপ্রায়। সি সোমাই গ'ল। প্রধান শিক্ষকজনে ফোনত কাৰোবাৰ লগত কথা পাতি আছিল। সি শুনিলে-'এন.জি. অ'. হ'লেও ইমান কম দর্মহাত কোনো ইয়াত গণিত শিকাবলে নাহে । ছাত্রসকলক গণিত শিকাবলৈ শিক্ষক ক'ৰ পৰা আনো।' কৈয়েই হেডমাষ্টাৰজনে ফোনটো থৈ মূৰে-কপালে হাত দি পৰিল। ডেস্কৰ পৰা মনে মনে চক পেন্চিল ডাল লৈ সি ক্লাছটোত সোমাই গ'ল। নতুন শিক্ষকক ছাত্রসকলে উৎকন্ঠিত নমস্কাৰ জনালে। সিহঁতক সি দ্বিঘাত সমীকৰন সম্প্রসাৰণ শিকালে। সিহঁতৰ আশাবোৰো সম্প্রসাৰিত হ'ল। প্রধান শিক্ষকজনে তাক স্কুলখনত জড়িত হবলৈ অনুৰোধ কৰিলে- আপুনি ইমান ধুনীয়া শিকায়! আপোনাৰ জ্ঞানেৰে সিহঁতক মানুহ কৰক। (মৃত্যুমুখীৰ মানুহ গঢ়ন!)

ততাতৈয়াকৈ এইবাৰ
সি ফাৰ্মাচীখনৰ ফালে খোজ ল'লে। ফাৰ্মাচীৰ ল'ৰাজনে তাৰ ফালে চাই উৎফুল্লিত এক হাঁহি
মাৰিলে। এই ল'ৰাজনৰ পৰাই সি যোবাকালি পইজন মাৰক বড়ি কেইটা লৈছিল, যিয়ে তাক নামাৰিলে। বৰং...
বিলাসী গাড়ী এখন আহি ফাৰ্মাচীখনৰ আগত তাৰ কাষত ৰ'ল। মানুহজন নামি আহি ফাৰ্মাচীৰ ল'ৰাটোৰ পৰা কিবা ঔষধ ল'লে। ল'ৰাজনে দিব খোজা নাছিল। জোৰ কৰি ল'লে মানুহজনে। আহোঁতে ধলং পলং মানুহজন উজুটি খাই ফুটপাথৰ নলাত পৰিব খুজিছিল। সি ধৰি ল'লে।
মানুহজনৰ গাড়ীত বহি সি মানুহজনৰ প্রাসাদোপম ঘৰ পালে। কথা পাতিলে। নিস্বঃ দুর্ভগীয়া মানুহজনলে' তাৰ বেয়া লাগিল। আহোঁতে মানুহজনে ফার্মাচীৰ পৰা কিনি অনা মাৰক পইজন বড়িৰ বটলটোৰ পৰা বড়িকেইটা পেলাই মনে মনে সি একেৰঙৰ জেমচ্ চ'কলেট কে'টামান ভৰাই থৈ আহিল। যেনেকৈ তাৰ চিনাকি ফাৰ্মাচীৰ ল'ৰাজনে যোৱাকালি তাৰ লগত কৰিছিল ! কোনে জানে, আজি ৰাতি এঘাৰ বাজি বিছ মিনিটৰ আগে-আগে তেখেতৰ চুইচাইড নোটটো জীয়া নিগনি এটাই কুটি পেলাব পাৰে। মানুহজনে তাক গে'টলে আগবঢ়াই থৈ হাত জোকাৰিলে-অলবিদা বন্ধু। সি মৃদু হাঁহিলে।
সি তাৰ ৰূমলে উভটি আহিল। দেৱাল ঘড়ীটোতত তেতিয়াও এঘাৰ বাজি বিছ মিনিট হবলে' কেইছেকেণ্ডমান বাকী। ঘড়ীটোত সি নতুন বেটাৰী এটা লগাই দিলে...টিক্ টিক্ টিক্ টিক্...

No comments:
Post a Comment