Friday, 23 June 2017

: পুনৰ :

: পুনৰ :
তেওঁ কৈছিল,
নদীখনে ইমান খৰধৰকৈ কলৈনো যায়
শুকান বালিচৰ তিয়াব নে আইৰ চকুলো মচিব ?
মই কলো,
একাংশৰ ভোক জুৰাব।
মাটিৰ প্ৰেমত অন্ধ হৈ পৰে সৰল জীৱন
প্ৰেমত নুজুৰাই পেতৰ ভোক তথাপি
চকুপানীৰে মাটিত ৰুৱে আশা।
কথাবোৰ সহজ,
কঁপালৰ শিৰত ভাগ্য লিখি অনা মানুহ
টকাৰ মোহত বন্দী আপোন
যেন দুৰ্ঘোৰ এটা নিমিলা অংক
তেওঁ পুণৰ কলে,
মানুহবোৰ কলৈ গৈ থাকে ?
মোৰ সহজ উত্তৰ,
মৃত্যুৰ দুৱাৰলৈ।

No comments:

Post a Comment