Monday, 19 June 2017

পক্ষী-গীত

পক্ষী-গীত
========
ধৰিত্রী মাতৃ
আমাৰ প্রকৃতি ধাত্রী
বন-বননীৰে শুৱনী
মনোমোহা এই ধৰণী
ৰহন চৰায় দিনে নিশাই
চৰাই-চিৰিকতি
কাউৰীৰ ৰাৱতে টোপনি ভাগে
মৌপিয়াৰ মৌ পৰে কানতে
দুপৰৰে পাৰৰে ৰুণ
আবেলি ডালত পৰে খঞ্জন
বগলীৰ জাকে নমায় গোধূলি
ফেঁচাৰ কুৰুলিৰে ঘনাই ৰাত্রি
ধৰাৰ শোভা পখীৰে জাক
মনৰ মাধুৰী বিহগীৰ মাত
দিৱস ৰজনী তাকেই শুনি
মানৱে লভে সৰগী তৃপ্তি
বাসন্তৰ বাৰতা দিয়ে কূলিয়ে
জঁহকালতে পাভই কাতৰে
বৰষা আহে মৰাৰ কলাপতে
শৰতৰ শোভা জাক জাক শৰালী
পৰিযায়ী জাকে আহে জাৰকালি
বছৰেকিয়া অভিযাত্রী
ঋতুৰঙ্গ বিহঙ্গমৰে
সভ্যতাক আমাৰ ৰক্ষা কৰে
ফুল-ফলৰে বিকাশে শোভা
মানুহৰ সঁচা মিত্র পক্ষী

- জ্যোতিষ (১৮/০৭/২০১৭)

No comments:

Post a Comment