Friday, 23 June 2017

শব্দ

।। শব্দ ।।
শব্দ
ভঙা-গঢ়াৰ নিপুণ খনিকৰ।
শব্দ,পাখিলগা কাঁড়
বিন্ধিব পাৰে কলিজাৰ ইপাৰ সিপাৰ
শব্দ বিপ্লৱৰ আন এটা নাম
ইচ্ছাৰ তাড়নাত
নিমিষতে কঁপাব পাৰে ৰজাৰ মছনদ্
ৰাজপথত সাজিব পাৰে মুক্তিৰ মিচিল
উৰুৱাব পাৰে সঞ্জীৱনী নিচান
শব্দবোৰ স্বাধীন
গাও বুলিলেই গাব পাৰে সমাহিত গান
বিচাৰৰ কাঠগড়াত শব্দই সাঙুৰিব পাৰে
হিংসাৰ অজস্র অভিমান
আজুৰি আনিব পাৰে
স্বাধীনতাৰ গানগোৱা চৰাইজাক
হবওতো পাৰে শব্দবোৰ প্রার্থনা
নাজিতৰা গান কিম্বা কবিতাৰ প্রাণ,
শব্দই গঢ়িব পাৰে মাউখে উটাৰ বাট
ভাঙিব পাৰে নির্জনতাৰ ছন্ পৰা দুৱাৰ
শব্দ
ভঙা-গঢ়াৰ নিপুণ খনিকৰ।


-
উইল চিদ্দিকুৰ ৰহমান।২২০৬১৭।

No comments:

Post a Comment