Saturday, 10 June 2017

**মোৰ এই শব্দবোৰ**

**মোৰ এই শব্দবোৰ**
_
ৰৌচন আৰা বেগম_
পানী অনাৰ চলেৰে গাগৰিটোক সাৰথি কৰি
খৰতকীয়া খোজেৰে নৈ লৈ বাট পোনাওতে
চেঁচা পৰি আহিছিল হাত-ভৰি!
চিনাকী গছবোৰৰ ক্রমান্বয়ে দীঘল হৈ অহা ছাঁবোৰে
অচিনাকীৰ দৰে বাট-পথ আগুচি ধৰিছিলহি,
জয়াল হাবিখনে নে অথাই সাগৰ যেন সিদিনাৰ নৈখনে
সপ্ত চেতনাৰ শিখৰত ডবা কোবাইছিল!
শুনো কি নুশুনোকৈ ৰৈ থকা সুঁহুৰি এটা
ৰবাৰপৰা কাষচাপি আহিছিল।
বিজয়ীৰ গৌৰৱেৰে নে কাৰুণ্যতাৰ আটাহেৰে
তভক মাৰি কিছুপৰলৈ ৰৈ গৈছিলো নিজৰ মাজতে।
কি এৰি আহিছিলো, লৈ বাট বুলিছিলো
এশ এবুৰি সাঁথৰ ভাঙি থাকোতেই
বান্ধি থোৱা ডিঙাখনত ডিঙৰা সামৰি উঠোতেই তুমি
কেতিয়ানো তড়িৎ গতিত
নৈৰ জোনাকত হেৰাই পৰিছিলো আমি।
কহুৱা-কোমল আইৰ আঁচলৰ ছাঁ এৰি,
পিতাইৰ ভৰসাৰ গাঁঠি চিঙি,
পাৰ ভাঙি দুধাৰে বৰষিছিল আন এখন নৈ!

পানীৰে সৈতে বঠাৰ কথোপকথনৰ সুমিষ্ঠ আৱেশে
সজীৱ কৰি তুলিলেও নীৰৱতা,
মাৰ নিয়াবপৰা নাছিলো; দহোদিশ কঁপাই তোলা
বেদনাহত শংকাৰ ঢৌ!

No comments:

Post a Comment