Saturday, 10 June 2017

আখৰুৱাৰ ধাৰাবাহিক উপন্যাস:ৰূপোৱালী মেঘৰ ছায়া:জুন,২০১৭

আখৰুৱাৰ ধাৰাবাহিক উপন্যাস:ৰূপোৱালী মেঘৰ ছায়া:জুন,২০১৭
খণ্ড-১৯
টাইগাৰ হিলৰ পৰা উভতি আহি দুয়ো পুৱাৰ আহাৰৰ বাবে হোটেল এখনত সোমাল৷
ব্ৰেকফাষ্ট কৰি উঠি মিৰিক হ্ৰদলৈ বুলি টেক্সি আগবাঢ়িল৷ড্ৰাইভাৰে গাড়ীত ইংলিছ গান লগালে৷শুনি বেয়া নালাগিল অৰুন্ধতীৰ৷অকোৱা-পকোৱা মিহি ৰাষ্টা,পাহাৰৰ শোভা, মানুহৰ ঘৰ মাজে মাজে চাহবাগিচাৰ সেউজীয়া অপূৰ্ব সৌন্দৰ্যই অৰুন্ধতীক উন্মনা কৰি তুলিলে৷পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধুনীয়া ৰাস্তা যেন লাগিল অৰুন্ধতীৰ!
হঠাতে বতৰটো গোমা কৰি আহিল৷ অৰুন্ধতীয়ে দেখিলে টেক্সিৰ সমূখৰ আইনাত এটোপাল,দুটোপাল বৰষুণৰ পানী৷কুঁৱলীময় সেমেকা ৰাস্তাৰে টেক্সিখনে গতি ললে৷এখন সৰু বজাৰ দেখা পালে অৰুন্ধতীহঁতে
:
এইখন মিৰিকৰ মূল বজাৰ, Mirik is a small town of untouched natural beauty! – টেক্সি ড্ৰাইভাৰজনে কলে৷
তেনেই সৰু বজাৰ, এটা গলিৰে টেক্সিখন গৈ থকা যেনহে লাগিল অৰুন্ধতীৰ৷মিৰিক বজাৰ পাৰ হৈ অলপ দূৰ গৈ ড্ৰাইভাৰজনে সিহঁতক পুলিচ ষ্টেচনটো দেখুৱাই দিলে৷পুলিচ ষ্টেচনটোৰ কাষেৰে অকোৱা পকোৱা ৰাষ্টাৰে টেক্সিখন গৈ থাকিল৷ৰাষ্টাত বহুতো স্কুলৰ লৰা-ছোৱালী দেখি অৰুন্ধতীৰ মনটো এনেয়ে ভাল লাগি গল৷প্ৰায় দুপৰীয়া এক বজাত মিৰিক হ্ৰদ পালেগৈ৷ধুনীয়া শান্ত-সৌম্য হ্ৰদটোলৈ চাই অৰুন্ধতীহঁত অভিভূত হল৷হ্ৰদৰ ইটো পাৰে এখন অৰণ্য৷হ্ৰদটোৰ মাজত এখন দীঘল ব্ৰীজ৷বটিং চিষ্টেমো আছে হ্ৰদটোত৷
:
লা, অলপ হ্ৰদৰ পাৰত বহোঁগৈ৷অনুৰাগে কলে৷
অৰুন্ধতী আৰু অনুৰাগ গৈ হ্ৰদৰ পাৰৰ বননিতে বহি ললে৷হ্ৰদৰ শান্ত পানীয়ে অৰুন্ধতীৰ মনতো যেন শান্তিৰ এছাটি বা ছটিয়াই গল৷
:
কি ভাবি আছা? – অৰুন্ধতীৰ সোঁহাতখন নিজৰ হাতৰ মুঠিত সোমোৱাই অনুৰাগে মৰমেৰে সুধিলে৷অৰুন্ধতীয়ে পানীলৈ গভীৰভাৱে চাই ধেমালিকৈ কলে
:
তোমাৰ কথা৷
:
তোমাৰ প্ৰেমিক তোমাৰ কাষতে আছে সোনজনী, পানীলৈ নাচাই মোলৈ চোৱা৷
অনুৰাগৰ কথাত অৰুন্ধতীয়ে হাঁহি পেলালে আৰু অনুৰাগক সুধিলে
:
পৰিৱেশটো তোমাৰ কেনে লাগিছে ৰাগ?
:
তুমি মোৰ কাষত থাকিলে যি কোনো পৰিবেশেই ভাল লাগে- মাছৰ বজাৰ, পাছলিৰ বজাৰ, চিনেমা হলৰ পৰা ওলাই আহোঁতে হোৱা হাই-উৰুমি সকলো পৰিবেশেই মোৰ প্ৰিয় ব যদিহে তুমি মোৰ কাষত থাকা৷
:
আচ্ছা! মিষ্টাৰ ৰোমান্টিক ৰাগ কোৱাছোন বাৰু,তুমি যে মোৰ কাষত ইমান ৰোমান্টিক হৈ থাকা,এনেকৈ গোটেই জীৱন ৰোমান্টিক হৈ থাকিবানে?শুনিছোঁ, সংসাৰ পুৰণি হলে বোলে এনেবোৰ ৰোমান্টিক বিলাস নাথাকে৷
:
অৰু, আমাৰ এই মধুৰ সময়বোৰত এনেবোৰ চিন্তা মনলৈ কিয় আনা?মই বেয়া পাওঁঅনুৰাগে মুখ ফুলালে৷অৰুন্ধতীয়ে অনুৰাগৰ নাকতে মৰম অকন কৰি কলে-
:
ব মোৰ সোণটো, ফটো উঠো বলা৷
অৰুন্ধতী ব্ৰীজখনৰ ফালে আগবাঢ়িল৷বহু ফটো উঠিলে দুয়োটাই৷
:
বৰ ভোক লাগিছে, লা হোটেল বিচাৰি যাওঁ অনুৰাগে কলে৷
দুয়োজনে হোটেল এখনত দুপৰীয়াৰ ভাত সাজ খাই যাবলৈ ওলাল৷
সেইদিনা হোটেল জননী ভিলা পাওঁতে সিহঁতৰ গধূলী হল৷
ৰাতি শুবৰ পৰত অনুৰাগে অৰুন্ধতীক বুকুৰ মাজলৈ চপাই আনিলে আৰু সুধিলে
:
কাইলৈ কত যাম বুলি ভাবিছা?
:
ত যাবা? – ওলোটাই সুধিলে তাই
:
ৰক গাৰ্ডেনলৈ যাম দিয়া
অৰুন্ধতীৰ অনুৰাগৰ বুকুৰ মাজত সোমাই মাকলৈ মনত পৰিল৷ঘৰৰ সৰু হোৱা বাবে বিয়াৰ আগলৈকে তাই মাকৰ লগত শুইছিল আৰু টোপনি নোযোৱালৈকে মাকে তাইক বুকুৰ উম দি শুৱাইছিল৷পুৰুষো কেতিয়াবা মাকৰ দৰেই মমতাময়ী হৈ উঠে অৰুন্ধতীয়ে ভাবিলে৷
অনুৰাগৰ নাকৰ শব্দত তাই গম পালে অনুৰাগ টোপনি গল৷তাই সন্তৰ্পনে অনুৰাগৰ বাহুবন্ধনৰ পৰা ওলাই আহিল আৰু অনুৰাগৰ মুখলৈ চালে এটি পৱিত্ৰ শিশুৰ দৰে শুই পৰিছে অনুৰাগ৷অনুৰাগৰ কপালত চুমা এটা দি তাই টোপনি যাবলৈ চেষ্টা কৰিলে৷
পিছদিনা হোটেলতে ব্ৰেকফাষ্ট কৰি অনুৰাগহঁত ৰক-গাৰ্ডেন আৰু গংগামায়া পাৰ্ক চাবলৈ বুলি টেক্সিত বহিল৷পাহাৰীয়া অকোৱা-পকোৱা ৰাষ্টাৰে টেক্সি আগবাঢ়িল ৷অৰুন্ধতীয়ে খিৰিকীৰে দূৰৈৰ পাহাৰৰ প্ৰাকৃতিক শোভা চাই ৰল৷এনে লাগিল শুকুলা ডাৱৰবোৰ যেন আকাশৰ ওপৰৰ পৰা পাহাৰলৈ নামিহে আহিছে৷পাহাৰৰ বগাখিনি ডাৱৰ নে বৰফ ধৰিব নোৱাৰিলে তাই৷মোহনীয়শব্দটো যেন প্ৰতিমুহুৰ্ততে দাৰ্জিলিঙৰ আকাশ-বতাহৰ সতে খাপ খাইহে পৰে৷অৰুন্ধতীহঁত যেতিয়া ৰক গাৰ্ডেন পালেগৈ টুৰিষ্টৰ সমাগমেৰে পৰিবেশটো গিজগিজাই আছিল৷শিলনিৰ মাজে মাজে ওপৰৰ পৰা কলকলাই বৈ অহা এটি জলপ্ৰপাত!অকোৱা-পকোৱাকৈ ওপৰলৈ উঠি যাব পৰা একোখন ব্ৰীজ৷ওপৰে-তলে মানুহেই মানুহ৷অৰুন্ধতী-অনুৰাগেও অকাই-পকাই ওপৰলৈ খোজকাঢ়ি উঠি গ,বিভিন্ন পজত ফটো উঠিলে সিহঁতে৷ৰক গাৰ্ডেনৰ প্ৰাকৃতিক শোভা সামৰি গংগামায়া পাৰ্ক চাবলৈ গ অৰুন্ধতীহঁত৷গংগামায়া পাৰ্কখন বৰ দীঘল৷খোজকাঢ়ি খোজকাঢ়ি অৰুন্ধতীৰ ভাগৰ লাগিল৷বেঞ্চ এখনত বহি পৰিল তাই৷খোজকঢ়া ভাগৰ কাতি কৰি দুয়োজনে চাহ একাপ খাবৰ বাবে এখন ৰেষ্টুৰেন্টত গৈ বহিলগৈ৷অৰুন্ধতীয়ে লক্ষ্য কৰিলেটুৰিষ্টৰ সমাগমেৰে পাৰ্কখন সজীৱ হৈ উঠিছে৷চাহ খাই অৰুন্ধতীহঁত আগবাঢ়িল৷এঠাইত নেপালী লোকনৃত্য দেখা পালে৷ অনুৰাগে লোকনৃত্যৰ ভিডিঅকৰিলে৷ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি অৰুন্ধতীয়ে ফটোও উঠিলে৷পিছে পাৰ্কখন ইমানেই দীঘলীয়া আছিল যে অৰুন্ধতীহঁতে শেষ সীমা নাপালেগৈ৷আধাতে উভতি সেইদিনা গংগামায়া পাৰ্কৰ সামৰণি মাৰিলে৷পিছদিনা পুৱাই অৰুন্ধতী-অনুৰাগে বাটাছিয়া লুপচাবলৈ গল৷বাটাছিয়া লুপৰ মনোমোহা পৰিপাটি দৃশ্যই মোহিত কৰিলে অৰুন্ধতীক৷ইয়াত ভাৰতৰ স্বাধীনতাৰ সময়ত প্ৰাণ বিসৰ্জন দিয়া এজন গোৰ্খা সৈণিকৰ মূৰ্তি প্ৰতিস্থা কৰি থোৱা আছে৷বাটাছিয়া লুপৰ পৰা শুভ্ৰ বৰফময় কাঞ্চনজংঘাৰ দৃশ্য দেখিবলৈ পোৱা যায়৷এজন প্ৰফেশ্যনেল কেমেৰা মেনে অৰুন্ধতী-অনুৰাগক নেপালী বেশ-ভূষাৰে ফটো তুলিলে আৰু অনুৰাগৰ পৰা ঠিকনাটো লৈ ডাকযোগে ফটোকেইখন পঠিয়াই দিব বুলি কলে৷বাটাছিয়া লুপচাই লৰালৰিকৈ অনুৰাগ-অৰুন্ধতী নিজৰ হোটেললৈ উভতি আহিল৷
কোঠাত সোমায়েই অৰুন্ধতী কাপোৰ জপাত ব্যস্ত হৈ পৰিল৷কাপোৰ পেকিং কৰা শেষ কৰি ফ্ৰেছ হৈ অনুৰাগ-অৰুন্ধতীয়ে জননী ভিলাৰ কোঠা এৰিলে আৰু হোটেলৰ ফৰ্মেলিটি খিনি শেষ কৰি দুয়ো উলাই আহিল৷বুক কৰি থোৱা টেক্সিত উঠি অনুৰাগ-অৰুন্ধতীয়ে সেইদিনা দাৰ্জিলিং এৰিলে৷ (আগলৈ)

No comments:

Post a Comment